--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্যস্ততাৰে ভৰা জীৱনত যেতিয়া নিজৰ প্ৰতি মনোযোগ দিবলৈ সময় পোৱাটো অতি কঠিন হয়। তেনে পৰিস্থিতিত পাকঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিবলৈ কঠিন হৈ পৰে। সময়মতে অফিচ পোৱাই হওক বা ঘৰত আলহী থকাই হওক, প্ৰতিটো অৱস্থাতে খাদ্য ৰান্ধিবলৈ সকলোৰে খৰখেদা। খৰখেদাকৈ কেতিয়াবা গাখীৰ উতলাই বা কিবা ভাজি থাকোঁতে গেছৰ চৌকাত পৰে। কেতিয়াবা আকৌ শাক-পাচলিৰ মছলা, এনে পৰিস্থিতিত চৌকা আৰু বাৰ্নাৰবোৰ অতি সোনকালে লেতেৰা আৰু ক’লা হৈ পৰে। যিটো চাফা কৰাটো সহজ নহয়। সেইবাবেই আপুনি দুটা। সৰু সৰু কৌশলৰ সহায়ত আপুনি আপোনাৰ গেছ ষ্ট’ভ আৰু বাৰ্নাৰক নতুনৰ দৰে জিলিকাব পাৰিব। জানো আহক সেই বিশেষ কৌশল।

১) ইন'(ENO):  আপুনি নিশ্চয় ইন'(ENO) ব্যৱহাৰ কৰিছে,  হয় এচিডিটিৰ পৰা মুক্তি পাবলৈ বহুতেই ইন' ব্যৱহাৰ কৰে।  কিন্তু আপুনি জানেনে যে আপোনাৰ গেছ ষ্ট’ভ বাৰ্নাৰ পৰিষ্কাৰ কৰাৰ বাবেও ইন' এটা ভাল বিকল্প। যদি আপুনি ইয়াৰ দ্বাৰা বাৰ্নাৰ পৰিষ্কাৰ কৰে, তেন্তে আপুনি কোনো বিশেষ কষ্ট কৰিব নালাগিব। ইয়াৰ বাবে প্ৰথমে এটা বাটিত গৰম পানী লব লাগিব। ইয়াৰ পাছত পানীত দুটা নেমু আৰু ইন' মিহলাব । উক্ত মিশ্ৰণটোত অৰ্থাৎ বাটিটোত বাৰ্নাৰটো ভৰাই থৈ ১০ মিনিট ঢাকি ৰাখিব। কিছুসময়ৰ পাছত বাৰ্নাৰটো উজ্জ্বলভাৱে জিলিকি থকা দেখিব। ইয়াৰ পাছতো যদি কিছু অংশ অপৰিষ্কাৰ যেন অনুভৱ কৰে, তেতিয়া আপুনি টুথব্ৰাছত লিকুইড ডিটাৰজেন্ট লগাই দুমিনিটমান ঘঁহিলে সম্পূৰ্ণ পৰিষ্কাৰ হৈ নতুনৰ দৰে হৈ পৰিব।

২) ডিচৱাছাৰ চাবোন আৰু বেকিং চোডা: এই ক্ষেত্ৰত আন এটা ফলপ্ৰসূ টিপছৰ কথা ক’বলৈ গ’লে বেছিভাগ মানুহেই গেছ ষ্ট’ভ পৰিষ্কাৰ কৰিবলৈ বাচন ধোৱা চাবোন ব্যৱহাৰ কৰে। তৰল চাবোনৰ লগত মিহলি বেকিং চোডা ব্যৱহাৰ কৰিলে চৌকাটো জিলিকি উঠিব। ইয়াৰ বাবে এটা বাটিত সমান পৰিমাণৰ বাচন ধোৱা চাবোন আৰু বেকিং চোডা মিহলাই লওক। এতিয়া স্পঞ্জ বা কপাহী কাপোৰেৰে চৌকাটোত মিশ্ৰণটো লগাব। তাৰ পাছত ২ৰ পৰা ৪ মিনিটৰ পাছত আন এখন কাপোৰেৰে চৌকাটো ভালদৰে চাফা কৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ