--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্যস্ততাৰে ভৰা জীৱনত যেতিয়া নিজৰ প্ৰতি মনোযোগ দিবলৈ সময় পোৱাটো অতি কঠিন হয়। তেনে পৰিস্থিতিত পাকঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিবলৈ কঠিন হৈ পৰে। সময়মতে অফিচ পোৱাই হওক বা ঘৰত আলহী থকাই হওক, প্ৰতিটো অৱস্থাতে খাদ্য ৰান্ধিবলৈ সকলোৰে খৰখেদা। খৰখেদাকৈ কেতিয়াবা গাখীৰ উতলাই বা কিবা ভাজি থাকোঁতে গেছৰ চৌকাত পৰে। কেতিয়াবা আকৌ শাক-পাচলিৰ মছলা, এনে পৰিস্থিতিত চৌকা আৰু বাৰ্নাৰবোৰ অতি সোনকালে লেতেৰা আৰু ক’লা হৈ পৰে। যিটো চাফা কৰাটো সহজ নহয়। সেইবাবেই আপুনি দুটা। সৰু সৰু কৌশলৰ সহায়ত আপুনি আপোনাৰ গেছ ষ্ট’ভ আৰু বাৰ্নাৰক নতুনৰ দৰে জিলিকাব পাৰিব। জানো আহক সেই বিশেষ কৌশল।

১) ইন'(ENO):  আপুনি নিশ্চয় ইন'(ENO) ব্যৱহাৰ কৰিছে,  হয় এচিডিটিৰ পৰা মুক্তি পাবলৈ বহুতেই ইন' ব্যৱহাৰ কৰে।  কিন্তু আপুনি জানেনে যে আপোনাৰ গেছ ষ্ট’ভ বাৰ্নাৰ পৰিষ্কাৰ কৰাৰ বাবেও ইন' এটা ভাল বিকল্প। যদি আপুনি ইয়াৰ দ্বাৰা বাৰ্নাৰ পৰিষ্কাৰ কৰে, তেন্তে আপুনি কোনো বিশেষ কষ্ট কৰিব নালাগিব। ইয়াৰ বাবে প্ৰথমে এটা বাটিত গৰম পানী লব লাগিব। ইয়াৰ পাছত পানীত দুটা নেমু আৰু ইন' মিহলাব । উক্ত মিশ্ৰণটোত অৰ্থাৎ বাটিটোত বাৰ্নাৰটো ভৰাই থৈ ১০ মিনিট ঢাকি ৰাখিব। কিছুসময়ৰ পাছত বাৰ্নাৰটো উজ্জ্বলভাৱে জিলিকি থকা দেখিব। ইয়াৰ পাছতো যদি কিছু অংশ অপৰিষ্কাৰ যেন অনুভৱ কৰে, তেতিয়া আপুনি টুথব্ৰাছত লিকুইড ডিটাৰজেন্ট লগাই দুমিনিটমান ঘঁহিলে সম্পূৰ্ণ পৰিষ্কাৰ হৈ নতুনৰ দৰে হৈ পৰিব।

২) ডিচৱাছাৰ চাবোন আৰু বেকিং চোডা: এই ক্ষেত্ৰত আন এটা ফলপ্ৰসূ টিপছৰ কথা ক’বলৈ গ’লে বেছিভাগ মানুহেই গেছ ষ্ট’ভ পৰিষ্কাৰ কৰিবলৈ বাচন ধোৱা চাবোন ব্যৱহাৰ কৰে। তৰল চাবোনৰ লগত মিহলি বেকিং চোডা ব্যৱহাৰ কৰিলে চৌকাটো জিলিকি উঠিব। ইয়াৰ বাবে এটা বাটিত সমান পৰিমাণৰ বাচন ধোৱা চাবোন আৰু বেকিং চোডা মিহলাই লওক। এতিয়া স্পঞ্জ বা কপাহী কাপোৰেৰে চৌকাটোত মিশ্ৰণটো লগাব। তাৰ পাছত ২ৰ পৰা ৪ মিনিটৰ পাছত আন এখন কাপোৰেৰে চৌকাটো ভালদৰে চাফা কৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ