--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি পেটত গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হয়, তেন্তে উঠিবলৈ বহিবলৈ কঠিন হৈ পৰে। গেছৰ বাবে পেট ফুলি উঠে। খাদ্যাভ্যাসত অসুবিধাৰ কাৰণে হজম শক্তিৰ লগত জড়িত এনে সমস্যাৰ সৃষ্টি হয়। ঔষধে কিছু সময়ৰ বাবে সকাহ দিয়ে, কিন্তু আমি ঘৰুৱা ঔষধৰ জৰিয়তে হজম শক্তিৰ সমস্যাবোৰ সহজেই দূৰ কৰিব পাৰো। গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ কোনবোৰ পদ্ধতিৰে চেষ্টা কৰিব পাৰি জানো আহক।

পদিনা চাহ: পেটৰ গেছ আঁতৰাবলৈ পদিনা চাহ অতি উপকাৰী। পদিনাত থকা গুণে পেটলৈ শীতলতা আনে। পদিনা চাহ খালে গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰা তৎক্ষণাত সকাহ পাবলৈ আৰম্ভ কৰিব। চাহ বনাবলৈ সতেজ পদিনা পাত পানীৰে সিজাই খাব লাগে।

ধনীয়া গুটি: ধনীয়া হজম শক্তিৰ বাবে উপকাৰী। যদি আপোনাৰ প্ৰায়ে পেটৰ লগত জড়িত সমস্যা হয়, তেন্তে ধনীয়া গুটিৰ পানী খোৱাটো অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ধনীয়া গুটি ৰাতি তিয়াই ৰাতিপুৱা সাৰ পাই এই পানী খাব। কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে পাচনতন্ত্ৰৰ সমস্যাই সকাহ পাবলৈ আৰম্ভ কৰে

জিৰা আৰু চফ: জিৰা আৰু চফত থকা গুণবোৰ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী। গেছৰ সমস্যা দূৰ কৰিবলৈ কাম কৰে। গেছ, কোষ্ঠকাঠিন্য বা বদহজমৰ দৰে সমস্যা হ’লে জিৰা আৰু চফগুটি উতলাই তাৰ পানী খাব লাগে। এই ৰেচিপিৰ দ্বাৰা আপুনি লগে লগে সকাহ পাবলৈ আৰম্ভ কৰিব।
যাব।

দৈ খাব: পাচনতন্ত্ৰৰ বাবে দৈ উপকাৰী। পেটত কোনো সমস্যা হ’লে দৈ খালে সকাহ পোৱা যায়। পোৰা জিৰা দৈত  মিহলাই খাব। কোষ্ঠকাঠিন্য আৰু গেছৰ পৰা উপশম পাব।

এইবোৰৰ পৰা আঁতৰি থাকক: কিছুমান বস্তু খোৱাৰ বাবে গেছৰ সমস্যা বাঢ়িব পাৰে। যদি হজম শক্তি সঠিকভাৱে ৰাখিব লাগে তেন্তে এনেবোৰ কথা পৰিহাৰ কৰিব লাগে। গাখীৰ, বেঙেনা, বন্ধাকবি, ৰাজমা, মটৰ, আৰু মূলা আদি বস্তু পৰিহাৰ কৰিব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক