--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীণ টিয়ে ভিতৰৰ পৰা শৰীৰৰ যত্ন লয়। বিশেষকৈ দ্ৰুতগতিত ওজন কমাবলৈ গ্ৰীণ টি সেৱনৰ ধাৰা বৃদ্ধি পাইছে। বহুতে এই গ্ৰীণ টি দিনটোত কেইবাবাৰো সেৱন কৰি ওজন সোনকালে হ্ৰাস কৰিবলৈ চেষ্টা কৰে আৰু সেইটোৱেই বিপদ হৈ পৰে। গ্ৰীণ টিয়ে বহু ক্ষেত্ৰত উপকাৰৰ পৰিৱৰ্তে ক্ষতিও কৰে। চিকিৎসকৰ মতে গ্ৰীণ টিৰ সঁচাকৈয়ে বহু উপকাৰী দিশ আছে। কিন্তু একাংশ লোকৰ অতিমাত্ৰা সেৱনে বিপদৰ সৃষ্টি কৰিছে। কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাৰ পৰা ওজন হ্ৰাস কৰালৈকে, আনকি ছালৰ পৰা চুলিৰ স্বাস্থ্য বজাই ৰখাত গ্ৰীণ টিৰ ভূমিকা অপৰিসীম।

 সাধাৰণতে গ্ৰীণ টিয়ে চৰ্বি হ্ৰাস কৰাত সহায় কৰে। শৰীৰত থকা কিছুমান ক্ষতিকাৰক পদাৰ্থই কোষৰ মৃত্যু ঘটায়। গ্ৰীণ টিয়ে শৰীৰত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে। দাঁতৰ স্বাস্থ্যও বজাই ৰাখে। মানসিক উদ্বেগ হ্ৰাস কৰে, ছালৰ যত্নও লয়। যিমানেই উপকাৰী নহওক কিয়, যিকোনো বস্তু বেছিকৈ খোৱাটো আচলতে ভাল নহয়। বহুতে পুৱা উঠি গ্ৰীণ টি একাপ খায় ভালপায়। কাৰণ বহুতে ভাবে যে ইয়াৰ দ্বাৰা স্বাস্থ্য সুৰক্ষিত হ’ব। আচলতে নহয়। কাৰণ গ্ৰীণ টি কেতিয়াও খালী পেটত সেৱন কৰিব নালাগে। যিকোনো আহাৰ খোৱাৰ পাছতহে সেৱন কৰিব লাগে। খালী পেটত গ্ৰীণ টি খালে পেটৰ এচিড নিঃসৰণ আৰু আলচাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

 বহুতে অফিচ, ৰেষ্টুৰেণ্ট আৰু ঘৰত চাহৰ সলনি গ্ৰীণ টিহে বেছি পছন্দ কৰে। চিকিৎসকৰ মতে বেছিকৈ গ্ৰীণ টি খালে কিডনীৰ সমস্যাও হ’ব পাৰে। ইয়াৰ কাৰণে ক্ৰিয়েটিনিন বহু পৰিমাণে বৃদ্ধি পায়। বৃক্কৰ স্বাভাৱিক কাৰ্য্যক্ষমতা হ্ৰাস পায়। গ্ৰীণ টি খালে তেজ জমা হ’ব পাৰে। ফলত হৃদযন্ত্ৰৰ সমস্যা, ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। গ্ৰীণ টিয়ে শৰীৰত আইৰন শোষণ কৰে। ফলত ৰক্তহীনতাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 বহুতে এতিয়া ওজন কমাবলৈ গ্ৰীণ টি খায়। কিন্তু প্ৰতিদিনে কমেও ছয়-সাতকাপ গ্ৰীণ টি খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক। গ্ৰীণ টিয়ে প্ৰস্ৰাৱৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। প্ৰস্ৰাৱৰ পৰিমাণ বেছি হ’লে বৃক্কৰ ক্ষতি হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু