--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীণ টিয়ে ভিতৰৰ পৰা শৰীৰৰ যত্ন লয়। বিশেষকৈ দ্ৰুতগতিত ওজন কমাবলৈ গ্ৰীণ টি সেৱনৰ ধাৰা বৃদ্ধি পাইছে। বহুতে এই গ্ৰীণ টি দিনটোত কেইবাবাৰো সেৱন কৰি ওজন সোনকালে হ্ৰাস কৰিবলৈ চেষ্টা কৰে আৰু সেইটোৱেই বিপদ হৈ পৰে। গ্ৰীণ টিয়ে বহু ক্ষেত্ৰত উপকাৰৰ পৰিৱৰ্তে ক্ষতিও কৰে। চিকিৎসকৰ মতে গ্ৰীণ টিৰ সঁচাকৈয়ে বহু উপকাৰী দিশ আছে। কিন্তু একাংশ লোকৰ অতিমাত্ৰা সেৱনে বিপদৰ সৃষ্টি কৰিছে। কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাৰ পৰা ওজন হ্ৰাস কৰালৈকে, আনকি ছালৰ পৰা চুলিৰ স্বাস্থ্য বজাই ৰখাত গ্ৰীণ টিৰ ভূমিকা অপৰিসীম।

 সাধাৰণতে গ্ৰীণ টিয়ে চৰ্বি হ্ৰাস কৰাত সহায় কৰে। শৰীৰত থকা কিছুমান ক্ষতিকাৰক পদাৰ্থই কোষৰ মৃত্যু ঘটায়। গ্ৰীণ টিয়ে শৰীৰত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে। দাঁতৰ স্বাস্থ্যও বজাই ৰাখে। মানসিক উদ্বেগ হ্ৰাস কৰে, ছালৰ যত্নও লয়। যিমানেই উপকাৰী নহওক কিয়, যিকোনো বস্তু বেছিকৈ খোৱাটো আচলতে ভাল নহয়। বহুতে পুৱা উঠি গ্ৰীণ টি একাপ খায় ভালপায়। কাৰণ বহুতে ভাবে যে ইয়াৰ দ্বাৰা স্বাস্থ্য সুৰক্ষিত হ’ব। আচলতে নহয়। কাৰণ গ্ৰীণ টি কেতিয়াও খালী পেটত সেৱন কৰিব নালাগে। যিকোনো আহাৰ খোৱাৰ পাছতহে সেৱন কৰিব লাগে। খালী পেটত গ্ৰীণ টি খালে পেটৰ এচিড নিঃসৰণ আৰু আলচাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

 বহুতে অফিচ, ৰেষ্টুৰেণ্ট আৰু ঘৰত চাহৰ সলনি গ্ৰীণ টিহে বেছি পছন্দ কৰে। চিকিৎসকৰ মতে বেছিকৈ গ্ৰীণ টি খালে কিডনীৰ সমস্যাও হ’ব পাৰে। ইয়াৰ কাৰণে ক্ৰিয়েটিনিন বহু পৰিমাণে বৃদ্ধি পায়। বৃক্কৰ স্বাভাৱিক কাৰ্য্যক্ষমতা হ্ৰাস পায়। গ্ৰীণ টি খালে তেজ জমা হ’ব পাৰে। ফলত হৃদযন্ত্ৰৰ সমস্যা, ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। গ্ৰীণ টিয়ে শৰীৰত আইৰন শোষণ কৰে। ফলত ৰক্তহীনতাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 বহুতে এতিয়া ওজন কমাবলৈ গ্ৰীণ টি খায়। কিন্তু প্ৰতিদিনে কমেও ছয়-সাতকাপ গ্ৰীণ টি খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক। গ্ৰীণ টিয়ে প্ৰস্ৰাৱৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। প্ৰস্ৰাৱৰ পৰিমাণ বেছি হ’লে বৃক্কৰ ক্ষতি হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক