--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তামৰ বাচনৰ ব্যৱহাৰ প্ৰায়ে স্বাস্থ্যৰ লগত জড়িত হৈ থাকে। ঘৰৰ বয়োজ্যেষ্ঠসকলে তামৰ পাত্ৰত পানী খালে স্বাস্থ্য সম্পৰ্কীয় বহুতো উপকাৰ পোৱা যায় বুলি কোৱা হয়। এতিয়া প্ৰশ্ন হয় শীতকালতো তামৰ বাচন ব্যৱহাৰ কৰিব পাৰিনে? ইয়াৰ উত্তৰ আয়ুৰ্বেদত স্পষ্টকৈ কোৱা আছে।

 দৰাচলতে আয়ুৰ্বেদৰ মতে শীতকালত তামৰ বাচন ব্যৱহাৰ কৰিলে শৰীৰত বহু ৰোগ নিৰাময় হোৱাৰ লগতে সংক্ৰমণ দূৰ কৰাত সহায় কৰে। সেইবাবেই শীতকালত তামৰ বাচন ব্যৱহাৰ কৰা অত্যন্ত উচিত বুলি গণ্য কৰা হয়। ইয়াৰ স্বাস্থ্য সম্পৰ্কীয় কি কি উপকাৰিতা আছে জানো আহক।

 * গাঁঠিৰ বিষত উপকাৰীঃ-শীতকালত সকলোৱে সন্মুখীন হোৱা এটা সমস্যা হ’ল হাড় আৰু গাঁঠিৰ বিষ। এনে পৰিস্থিতিত তামৰ পাত্ৰত পানী খালে এই বিষ দূৰ হয় বুলি কোৱা হয়। তামৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে। ইয়াৰ বাবেই বিষৰ পৰা উপশম পোৱাত সহায়ক হয়।

 * বাত বিষত উপকাৰীঃ-বাত বিষতো শীতকালত বহুতো অসুবিধা সন্মুখীন হয়। এনে অৱস্থাত বাত ৰোগীয়ে পুৱাই তামৰ পাত্ৰত ৰখা পানী খাব লাগে। ইয়াৰ ফলত গাঁঠিৰ বিষত উপশম পোৱা যায়। ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় আৰু শৰীৰৰ বহু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায়।

 * আইৰনৰ অভাৱ দূৰ হয়ঃ-তামৰ বাচনত খাদ্য বা খোৱা পানী খালে আইৰন শোষণ আৰু কোষ গঠনত সহায়ক হয়।

 * হৃদযন্ত্ৰৰ সমস্যা দূৰ হয়ঃ-তামে শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। সেইবাবেই ই হৃদৰোগ নিৰাময়ত অতি সহায়ক।

 * ছালৰ বাবে উপকাৰীঃ-তামৰ বাচন ব্যৱহাৰ কৰিলে শৰীৰত মেলানিন গঠন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ উপৰি তামে নতুন কোষ গঠনত সহায় কৰে। ইয়াৰ ফলত ছালৰ ওপৰৰ তৰপটো মসৃন কৰে।

 * পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখেঃ-তামৰ বাচন ব্যৱহাৰ কৰিলে পাচনতন্ত্ৰও উন্নত হয়, কাৰণ তামে বেক্টেৰিয়া হ্ৰাস কৰাৰ কাম কৰে। পেট পৰিষ্কাৰ কৰিবলৈ কাম কৰে আৰু যকৃৎ-বৃক্কৰ কাৰ্য্যক্ষমতাও নিয়ন্ত্ৰণ কৰে।

 তামৰ পাত্ৰত কি খোৱা নিষেধ-

গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী তামৰ বাচনত খাব নালাগে। ইয়াৰ লগতে টেঙাজাতীয় সামগ্ৰীও তামৰ পাত্ৰত খাব নালাগে। ইয়াৰ ফলত খাদ্য বিষক্ৰিয়াৰ সম্ভাৱনা বৃদ্ধি পায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু