--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তামৰ বাচনৰ ব্যৱহাৰ প্ৰায়ে স্বাস্থ্যৰ লগত জড়িত হৈ থাকে। ঘৰৰ বয়োজ্যেষ্ঠসকলে তামৰ পাত্ৰত পানী খালে স্বাস্থ্য সম্পৰ্কীয় বহুতো উপকাৰ পোৱা যায় বুলি কোৱা হয়। এতিয়া প্ৰশ্ন হয় শীতকালতো তামৰ বাচন ব্যৱহাৰ কৰিব পাৰিনে? ইয়াৰ উত্তৰ আয়ুৰ্বেদত স্পষ্টকৈ কোৱা আছে।

 দৰাচলতে আয়ুৰ্বেদৰ মতে শীতকালত তামৰ বাচন ব্যৱহাৰ কৰিলে শৰীৰত বহু ৰোগ নিৰাময় হোৱাৰ লগতে সংক্ৰমণ দূৰ কৰাত সহায় কৰে। সেইবাবেই শীতকালত তামৰ বাচন ব্যৱহাৰ কৰা অত্যন্ত উচিত বুলি গণ্য কৰা হয়। ইয়াৰ স্বাস্থ্য সম্পৰ্কীয় কি কি উপকাৰিতা আছে জানো আহক।

 * গাঁঠিৰ বিষত উপকাৰীঃ-শীতকালত সকলোৱে সন্মুখীন হোৱা এটা সমস্যা হ’ল হাড় আৰু গাঁঠিৰ বিষ। এনে পৰিস্থিতিত তামৰ পাত্ৰত পানী খালে এই বিষ দূৰ হয় বুলি কোৱা হয়। তামৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে। ইয়াৰ বাবেই বিষৰ পৰা উপশম পোৱাত সহায়ক হয়।

 * বাত বিষত উপকাৰীঃ-বাত বিষতো শীতকালত বহুতো অসুবিধা সন্মুখীন হয়। এনে অৱস্থাত বাত ৰোগীয়ে পুৱাই তামৰ পাত্ৰত ৰখা পানী খাব লাগে। ইয়াৰ ফলত গাঁঠিৰ বিষত উপশম পোৱা যায়। ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় আৰু শৰীৰৰ বহু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায়।

 * আইৰনৰ অভাৱ দূৰ হয়ঃ-তামৰ বাচনত খাদ্য বা খোৱা পানী খালে আইৰন শোষণ আৰু কোষ গঠনত সহায়ক হয়।

 * হৃদযন্ত্ৰৰ সমস্যা দূৰ হয়ঃ-তামে শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। সেইবাবেই ই হৃদৰোগ নিৰাময়ত অতি সহায়ক।

 * ছালৰ বাবে উপকাৰীঃ-তামৰ বাচন ব্যৱহাৰ কৰিলে শৰীৰত মেলানিন গঠন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ উপৰি তামে নতুন কোষ গঠনত সহায় কৰে। ইয়াৰ ফলত ছালৰ ওপৰৰ তৰপটো মসৃন কৰে।

 * পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখেঃ-তামৰ বাচন ব্যৱহাৰ কৰিলে পাচনতন্ত্ৰও উন্নত হয়, কাৰণ তামে বেক্টেৰিয়া হ্ৰাস কৰাৰ কাম কৰে। পেট পৰিষ্কাৰ কৰিবলৈ কাম কৰে আৰু যকৃৎ-বৃক্কৰ কাৰ্য্যক্ষমতাও নিয়ন্ত্ৰণ কৰে।

 তামৰ পাত্ৰত কি খোৱা নিষেধ-

গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী তামৰ বাচনত খাব নালাগে। ইয়াৰ লগতে টেঙাজাতীয় সামগ্ৰীও তামৰ পাত্ৰত খাব নালাগে। ইয়াৰ ফলত খাদ্য বিষক্ৰিয়াৰ সম্ভাৱনা বৃদ্ধি পায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement