--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  গ্ৰীণ টি খোৱাৰ আছে বহুতো স্বাস্থ্যজনিত উপকাৰ, সেইবাবেই বেছিভাগ সময়তে স্বাস্থ্য বিশেষজ্ঞসকলে গ্ৰীণ টি খোৱাৰ পৰামৰ্শ আগবঢ়ায়। কিন্তু স্বাস্থ্যসন্মত এই গ্ৰীণ টি খোৱাৰ ভুল পদ্ধতিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আমি বিশেষজ্ঞৰ পৰাই এই বিষয়ে সবিশেষ জানো আহক।

গ্ৰীণ টি খোৱাৰ উপকাৰিতা-
১. কৰ্কট ৰোগ প্ৰতিৰোধ :  কৰ্কট ৰোগ এটা অতি গুৰুতৰ ৰোগ,  ইয়াৰ পৰা হাত সাৰিবলৈ নিয়মীতভাৱে গ্ৰীণ টি খাব পাৰে। কাৰণ ইয়াত থকা পলিফিনলে টিউমাৰ আৰু কেন্সাৰ কোষ প্ৰতিৰোধ কৰাত সহায় কৰে। কাৰণ গ্ৰীণ টিয়ে বিশেষকৈ স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

২. কলেষ্টৰেল হ্ৰাস কৰে :  নিয়মিতভাৱে গ্ৰীণ টি খালে তেজত থকা বেয়া কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস হয়। ফলত ৰক্তবাহী নলী সম্প্ৰসাৰিত হয় আৰু হৃদৰোগৰ আশংকা ৰোধ কৰিব পাৰে।

৩. ছালৰ সংক্ৰমণৰ পৰা সুৰক্ষা :  যেতিয়া আমাৰ যিকোনো ছালৰ সমস্যাই দেখা দিবলৈ ধৰে,  তেতিয়াই গ্ৰীণ টি খোৱা উপকাৰী বুলিব পাৰি,  যিয়ে ছালৰ সংক্ৰমণৰ পৰা বহু পৰিমাণে সুৰক্ষা প্ৰদান কৰে আৰু ছালৰ যিকোনো সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। 

৪. ওজন কমাবলৈ ফলপ্ৰসূ :  গ্ৰীণ টিত থকা এন্টিঅক্সিডেন্টবোৰে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে। ফলত শৰীৰৰ চৰ্বি ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে। ব্যায়ামৰ আগতে গ্ৰহণ কৰিলে অধিক  উপকাৰী হিচাপে কাম কৰে।

গ্ৰীণ টি কেতিয়া খাব নালাগে? 
খাদ্য খোৱাৰ প্ৰায় এঘণ্টা আগতে গ্ৰীণ টি খোৱাটো উপকাৰী বুলি কোৱা হয়,  কিয়নো ইয়াত অধিক মাত্ৰাত টেনিন থাকে। সেয়েহে খাদ্য গ্ৰহণ পাছত খোৱা অনুচিত। কাৰণ ইয়াৰ ফলত বমি,  কোষ্ঠকাঠিন্য আৰু পেটৰ বিষ হ'ব পাৰে। কেতিয়াও খালী পেটত গ্ৰীণ টি খোৱা অনুচিত আৰু দিনটোত ৩ কাপতকৈ অধিক গ্ৰহণ কৰিলে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ