--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  গ্ৰীণ টি খোৱাৰ আছে বহুতো স্বাস্থ্যজনিত উপকাৰ, সেইবাবেই বেছিভাগ সময়তে স্বাস্থ্য বিশেষজ্ঞসকলে গ্ৰীণ টি খোৱাৰ পৰামৰ্শ আগবঢ়ায়। কিন্তু স্বাস্থ্যসন্মত এই গ্ৰীণ টি খোৱাৰ ভুল পদ্ধতিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আমি বিশেষজ্ঞৰ পৰাই এই বিষয়ে সবিশেষ জানো আহক।

গ্ৰীণ টি খোৱাৰ উপকাৰিতা-
১. কৰ্কট ৰোগ প্ৰতিৰোধ :  কৰ্কট ৰোগ এটা অতি গুৰুতৰ ৰোগ,  ইয়াৰ পৰা হাত সাৰিবলৈ নিয়মীতভাৱে গ্ৰীণ টি খাব পাৰে। কাৰণ ইয়াত থকা পলিফিনলে টিউমাৰ আৰু কেন্সাৰ কোষ প্ৰতিৰোধ কৰাত সহায় কৰে। কাৰণ গ্ৰীণ টিয়ে বিশেষকৈ স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

২. কলেষ্টৰেল হ্ৰাস কৰে :  নিয়মিতভাৱে গ্ৰীণ টি খালে তেজত থকা বেয়া কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস হয়। ফলত ৰক্তবাহী নলী সম্প্ৰসাৰিত হয় আৰু হৃদৰোগৰ আশংকা ৰোধ কৰিব পাৰে।

৩. ছালৰ সংক্ৰমণৰ পৰা সুৰক্ষা :  যেতিয়া আমাৰ যিকোনো ছালৰ সমস্যাই দেখা দিবলৈ ধৰে,  তেতিয়াই গ্ৰীণ টি খোৱা উপকাৰী বুলিব পাৰি,  যিয়ে ছালৰ সংক্ৰমণৰ পৰা বহু পৰিমাণে সুৰক্ষা প্ৰদান কৰে আৰু ছালৰ যিকোনো সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। 

৪. ওজন কমাবলৈ ফলপ্ৰসূ :  গ্ৰীণ টিত থকা এন্টিঅক্সিডেন্টবোৰে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে। ফলত শৰীৰৰ চৰ্বি ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে। ব্যায়ামৰ আগতে গ্ৰহণ কৰিলে অধিক  উপকাৰী হিচাপে কাম কৰে।

গ্ৰীণ টি কেতিয়া খাব নালাগে? 
খাদ্য খোৱাৰ প্ৰায় এঘণ্টা আগতে গ্ৰীণ টি খোৱাটো উপকাৰী বুলি কোৱা হয়,  কিয়নো ইয়াত অধিক মাত্ৰাত টেনিন থাকে। সেয়েহে খাদ্য গ্ৰহণ পাছত খোৱা অনুচিত। কাৰণ ইয়াৰ ফলত বমি,  কোষ্ঠকাঠিন্য আৰু পেটৰ বিষ হ'ব পাৰে। কেতিয়াও খালী পেটত গ্ৰীণ টি খোৱা অনুচিত আৰু দিনটোত ৩ কাপতকৈ অধিক গ্ৰহণ কৰিলে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু