--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মৰ আগমনৰ লগে লগে বহু লোক অসুস্থ হ’বলৈ ধৰে। দৰাচলতে শৰীৰত পানীৰ অভাৱৰ বাবেই এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত হিট ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ এনে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, যিয়ে হজম শক্তি বৃদ্ধি কৰে আৰু এনে বতৰত ফিট হৈ থকাত সহায় কৰে। এই খাদ্যসমূহৰ বিষয়ে জানো আহক...

১. পদিনাঃ-সতেজ পদিনা পাত খালে হিট ষ্ট্ৰ’কৰ পৰা সকাহ পাব পাৰি। ইয়াত থকা মেন্থলে শৰীৰ শীতল কৰি ৰখাৰ লগতে হিট ষ্ট্ৰ’ক আশংকা দূৰ কৰে।

২. কিৱিঃ-এক প্ৰতিবেদন অনুসৰি নিয়মীয়াকৈ কিৱি সেৱনে শৰীৰত পানীৰ অভাৱ দূৰ কৰিব পাৰে। ইয়াত থকা পটাছিয়ামে হিট ষ্ট্ৰ’কৰ পৰা সকাহ দিয়াত সহায় কৰে।

৩. আমঃ-স্বাস্থ্যৰ বাবে আম এক আশীৰ্বাদতকৈ কম নহয়। ইয়াত প্ৰ’টিন, ভিটামিন-এ, বি৬, চি, আইৰণ, ফ’লেট, মেগনেছিয়াম, ৰাইব’ফ্লেভিন আৰু ডায়েটাৰী ফাইবাৰ আদি পুষ্টিকৰ উপাদান থাকে। গ্ৰীষ্মকালৰ বাবে ইয়াক ছুপাৰফুড বুলি গণ্য কৰা হয়। যদি আপুনি হিটষ্ট্ৰক এৰাই চলিব বিচাৰে তেন্তে আম খাব।

৪. সেউজীয়া শাক-পাচলিঃ-গৰমৰ দিনত নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ নিশ্চিতভাৱে সেউজীয়া শাক-পাচলি খাব লাগে। ই পুষ্টিকৰ উপাদানৰ ভঁৰাল, ইয়াত ভিটামিন-চি, ভিটামিন-কে, পটাছিয়াম আৰু মেংগানিজৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায়। যিয়ে গ্ৰীষ্মকালত ফিট হৈ থকাত সহায় কৰে। বিশেষজ্ঞসকলৰ মতে পানীৰে সমৃদ্ধ ঋতুভিত্তিক খাদ্য, যিয়ে শৰীৰক জলসিঞ্চিত কৰি ৰখা উপৰি পাচনতন্ত্ৰ শক্তিশালী কৰে।

৫. বেলঃ-বেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, ই হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। ইয়াৰ উপৰি ইয়াত থকা এন্টি-অক্সিডেন্ট গুণ আৰু ভিটামিন-চি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ