--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মৰ আগমনৰ ফলত এপ্ৰিল মাহতে পাৰাস্তম্ভৰ স্তৰ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে বৰ্ধিত উষ্ণতাই প্ৰতিদিনে শৰীৰক অস্বস্তিত পেলায়। এনে বতৰত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন। এই বতৰত পেটৰ সমস্যা বেছিকৈ হোৱা দেখা যায়। এনে পৰিস্থিতিত আমি কিছু ছুপাৰফুডৰ বিষয়ে বিতংভাৱে জানো আহক।

* ঋতুভিত্তিক ফল:-গ্ৰীষ্মকালত বিভিন্ন ফলৰে বজাৰ ভৰি পৰে। যেনে- তৰমুজ, আঙুৰ, কমলা, বগৰী সেৱন কৰক। ইয়াৰ লগে লগে আপুনি হাইড্ৰেট হৈ থাকিব আৰু পেটটোও ঠাণ্ডা হৈ থাকিব। তৰমুজ নিশ্চিতভাৱে খাব লাগে কাৰণ ইয়াৰ ৯১% পানী। ই আপোনাৰ শৰীৰত পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰি এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ তৰমুজে আপোনাক শীতল কৰি ৰাখিব পাৰে। আনহাতে কমলাত ভিটামিন-চি থাকে যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।

 * ঋতু অনুসৰি শাক-পাচলি গ্ৰহণঃ-গ্ৰীষ্মৰ সময়ত সেউজীয়া শাক-পাচলি অধিক খোৱা উচিত। ই পেট শীতল কৰি ৰাখে আৰু আপোনাক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় হয়। ইয়াৰ উপৰি ইয়াত অধিক পৰিমাণে পানী উপৰি ভিটামিন-এ, ভিটামিন-বি, কেলছিয়াম, তাম, আইৰণ, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম আদি খনিজ পদাৰ্থ পোৱা যায়, যাৰ ফলত পাচনতন্ত্ৰ শক্তিশালী কৰি হজম উন্নত কৰে।

* নাৰিকল পানী:-গৰমৰ দিনত নাৰিকল পানী প্ৰচুৰ পৰিমাণে খোৱা উচিত। ইয়াত ইলেক্ট্ৰলাইট থাকে, ই আপোনাক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰি ৰখাৰ উপৰি পেটো ঠাণ্ডা কৰি ৰাখে।নাৰিকলৰ পানীৰ শীতল প্ৰভাৱে হিটষ্ট্ৰ'কৰ পৰা ৰক্ষা কৰে।

* দৈঃ-দৈনিক আহাৰত দৈ সেৱন কৰক। দৈ প্ৰ’বায়’টিকৰ এটা ভাল উৎস, যিয়ে আন্ত্ৰিক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। পেট শীতল আৰু শান্ত কৰি ৰখাতো সহায় কৰে। ইচ্ছা কৰিলে লাচীৰ ৰূপত দৈ খাব পাৰে আৰু ৰাইতা বা মাখন বনাও দৈ খাব পাৰে।

* পদিনাঃ-গ্ৰীষ্মকালত খাদ্যত পদিনা চাটনি নিশ্চয় অন্তৰ্ভুক্ত কৰক। পেট শীতল কৰি ৰখাত সহায় কৰিব পাৰে। টেঙা খাদ্য খোৱাৰ পাছত পেটত জ্বলা-পোৰা কৰাৰ ক্ষেত্ৰত পদিনা চাটনিয়ে পেট শান্ত কৰি ৰখাত সহায় কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে