--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মৰ আগমনৰ ফলত এপ্ৰিল মাহতে পাৰাস্তম্ভৰ স্তৰ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে বৰ্ধিত উষ্ণতাই প্ৰতিদিনে শৰীৰক অস্বস্তিত পেলায়। এনে বতৰত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন। এই বতৰত পেটৰ সমস্যা বেছিকৈ হোৱা দেখা যায়। এনে পৰিস্থিতিত আমি কিছু ছুপাৰফুডৰ বিষয়ে বিতংভাৱে জানো আহক।

* ঋতুভিত্তিক ফল:-গ্ৰীষ্মকালত বিভিন্ন ফলৰে বজাৰ ভৰি পৰে। যেনে- তৰমুজ, আঙুৰ, কমলা, বগৰী সেৱন কৰক। ইয়াৰ লগে লগে আপুনি হাইড্ৰেট হৈ থাকিব আৰু পেটটোও ঠাণ্ডা হৈ থাকিব। তৰমুজ নিশ্চিতভাৱে খাব লাগে কাৰণ ইয়াৰ ৯১% পানী। ই আপোনাৰ শৰীৰত পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰি এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ তৰমুজে আপোনাক শীতল কৰি ৰাখিব পাৰে। আনহাতে কমলাত ভিটামিন-চি থাকে যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।

 * ঋতু অনুসৰি শাক-পাচলি গ্ৰহণঃ-গ্ৰীষ্মৰ সময়ত সেউজীয়া শাক-পাচলি অধিক খোৱা উচিত। ই পেট শীতল কৰি ৰাখে আৰু আপোনাক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় হয়। ইয়াৰ উপৰি ইয়াত অধিক পৰিমাণে পানী উপৰি ভিটামিন-এ, ভিটামিন-বি, কেলছিয়াম, তাম, আইৰণ, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম আদি খনিজ পদাৰ্থ পোৱা যায়, যাৰ ফলত পাচনতন্ত্ৰ শক্তিশালী কৰি হজম উন্নত কৰে।

* নাৰিকল পানী:-গৰমৰ দিনত নাৰিকল পানী প্ৰচুৰ পৰিমাণে খোৱা উচিত। ইয়াত ইলেক্ট্ৰলাইট থাকে, ই আপোনাক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰি ৰখাৰ উপৰি পেটো ঠাণ্ডা কৰি ৰাখে।নাৰিকলৰ পানীৰ শীতল প্ৰভাৱে হিটষ্ট্ৰ'কৰ পৰা ৰক্ষা কৰে।

* দৈঃ-দৈনিক আহাৰত দৈ সেৱন কৰক। দৈ প্ৰ’বায়’টিকৰ এটা ভাল উৎস, যিয়ে আন্ত্ৰিক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। পেট শীতল আৰু শান্ত কৰি ৰখাতো সহায় কৰে। ইচ্ছা কৰিলে লাচীৰ ৰূপত দৈ খাব পাৰে আৰু ৰাইতা বা মাখন বনাও দৈ খাব পাৰে।

* পদিনাঃ-গ্ৰীষ্মকালত খাদ্যত পদিনা চাটনি নিশ্চয় অন্তৰ্ভুক্ত কৰক। পেট শীতল কৰি ৰখাত সহায় কৰিব পাৰে। টেঙা খাদ্য খোৱাৰ পাছত পেটত জ্বলা-পোৰা কৰাৰ ক্ষেত্ৰত পদিনা চাটনিয়ে পেট শান্ত কৰি ৰখাত সহায় কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন