--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনৰ প্ৰতিটো দিশ আৰু প্ৰতিটো পৰ্যায়ৰ সাৰমৰ্ম শ্ৰীমদ্ভাগৱত গীতাত দিয়া শিক্ষাৰ মাজত লুকাই আছে। গীতাৰ শিক্ষাই জীৱনৰ প্ৰতিটো অভিজ্ঞতাৰ বিষয়ে বিতংভাৱে বুজাই দিয়ে। এজন ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে আৰু তাৰ পাছৰ চক্ৰটো শ্ৰীমদ্ভাগৱতত বিতংভাৱে ব্যাখ্যা কৰা হৈছে। আজি আমি আপোনালোকক গীতাৰ এনেধৰণৰ ৫টা বিশেষ কথাৰ উল্লেখ কৰিম, যিবোৰ আপোনাৰ জীৱনৰ প্ৰতিটো মোৰতে উপযোগী হ'ব। 

১) এনে ব্যক্তি কেতিয়াও সুখী নহয়: গীতাৰ শিক্ষাত কোৱা হৈছে যে কোনো কাৰণ নোহোৱাকৈ কাৰোবাক সন্দেহ কৰা ব্যক্তি কেতিয়াও সুখী হ’ব নোৱাৰে। সন্দেহে সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰে।

২) এই তিনিটা নৰকৰ দুৱাৰ: গীতাত কোৱা হৈছে যে কামনা, ক্ৰোধ আৰু লোভ-এই তিনিটা বস্তু নৰকৰ দুৱাৰ। যদি আপুনি সুখী হ’ব বিচাৰে তেন্তে এই তিনিটা কথাৰ পৰা আঁতৰি থকা উচিত।

৩) শোক কৰাটো অসাৰ: গীতাত কোৱা হৈছে যে যি আত্মাই জন্ম লয়, তাৰ মৃত্যুও নিশ্চিত। সেইবাবেই নিশ্চিত কথা এটাৰ বাবে শোক বা অনুশোচনাৰ কৰাৰ কোনো লাভ নাই।

৪) ব্যক্তিয়ে ভাল কাম কৰা উচিত: গীতাৰ সাৰমৰ্মত উল্লেখ আছে যে এজন ব্যক্তি যদি বুদ্ধিমান হয় তেন্তে তেওঁ সমাজৰ উন্নতিৰ বাবেও কাম কৰিব লাগে। তেনে ব্যক্তিয়েও কোনো স্বাৰ্থপৰতা নোহোৱাকৈ সমাজলৈ বৰঙণি আগবঢ়াব লাগে।

৫) এনে ব্যক্তিয়ে ঈশ্বৰক লাভ কৰে: গীতাৰ আন এটা গুৰুত্বপূৰ্ণ শিক্ষা হ’ল যে যি ব্যক্তিয়ে ঈশ্বৰক স্মৰণ কৰি থাকোঁতে মৃত্যুবৰণ কৰে, তেওঁ প্ৰত্যক্ষভাৱে ঈশ্বৰৰ কাষত বাসস্থান লাভ কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে