--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনৰ প্ৰতিটো দিশ আৰু প্ৰতিটো পৰ্যায়ৰ সাৰমৰ্ম শ্ৰীমদ্ভাগৱত গীতাত দিয়া শিক্ষাৰ মাজত লুকাই আছে। গীতাৰ শিক্ষাই জীৱনৰ প্ৰতিটো অভিজ্ঞতাৰ বিষয়ে বিতংভাৱে বুজাই দিয়ে। এজন ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে আৰু তাৰ পাছৰ চক্ৰটো শ্ৰীমদ্ভাগৱতত বিতংভাৱে ব্যাখ্যা কৰা হৈছে। আজি আমি আপোনালোকক গীতাৰ এনেধৰণৰ ৫টা বিশেষ কথাৰ উল্লেখ কৰিম, যিবোৰ আপোনাৰ জীৱনৰ প্ৰতিটো মোৰতে উপযোগী হ'ব। 

১) এনে ব্যক্তি কেতিয়াও সুখী নহয়: গীতাৰ শিক্ষাত কোৱা হৈছে যে কোনো কাৰণ নোহোৱাকৈ কাৰোবাক সন্দেহ কৰা ব্যক্তি কেতিয়াও সুখী হ’ব নোৱাৰে। সন্দেহে সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰে।

২) এই তিনিটা নৰকৰ দুৱাৰ: গীতাত কোৱা হৈছে যে কামনা, ক্ৰোধ আৰু লোভ-এই তিনিটা বস্তু নৰকৰ দুৱাৰ। যদি আপুনি সুখী হ’ব বিচাৰে তেন্তে এই তিনিটা কথাৰ পৰা আঁতৰি থকা উচিত।

৩) শোক কৰাটো অসাৰ: গীতাত কোৱা হৈছে যে যি আত্মাই জন্ম লয়, তাৰ মৃত্যুও নিশ্চিত। সেইবাবেই নিশ্চিত কথা এটাৰ বাবে শোক বা অনুশোচনাৰ কৰাৰ কোনো লাভ নাই।

৪) ব্যক্তিয়ে ভাল কাম কৰা উচিত: গীতাৰ সাৰমৰ্মত উল্লেখ আছে যে এজন ব্যক্তি যদি বুদ্ধিমান হয় তেন্তে তেওঁ সমাজৰ উন্নতিৰ বাবেও কাম কৰিব লাগে। তেনে ব্যক্তিয়েও কোনো স্বাৰ্থপৰতা নোহোৱাকৈ সমাজলৈ বৰঙণি আগবঢ়াব লাগে।

৫) এনে ব্যক্তিয়ে ঈশ্বৰক লাভ কৰে: গীতাৰ আন এটা গুৰুত্বপূৰ্ণ শিক্ষা হ’ল যে যি ব্যক্তিয়ে ঈশ্বৰক স্মৰণ কৰি থাকোঁতে মৃত্যুবৰণ কৰে, তেওঁ প্ৰত্যক্ষভাৱে ঈশ্বৰৰ কাষত বাসস্থান লাভ কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন