--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এগৰাকী উচ্চ শিক্ষিতা মহিলা। যিগৰাকী মহিলাৰ কৰ্মোদ্দ্যমে শেহতীয়াকৈ বিশেষ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ট্ৰেজিক জীৱন এটাৰ সৈতে মোকাবিলা কৰি গৈছে গীতাশ্ৰীয়ে-নিৰ্ভয়ে,নিসংকোচে। ৫৯ শতাংশ নম্বৰৰ সৈতে মাষ্টাৰ্ছ উত্তীৰ্ণ হৈছিল গীতাশ্ৰীৰ মান্না। বিষয় আছিল ভূগোল। বহু বছৰ বাট কুৰি বাই থকাৰ পাছতো কোনো ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ চাকৰি লাভ নকৰিলে গীতাশ্ৰীয়ে।

অৱশেষত উপাই নাপাই গীতাশ্ৰীয়ে চিলাই মেচিনৰ কাম কৰাৰ লগতে কুকুৰা পালনে নিজৰ সংসাৰ চলাই গৈছে। কিন্তু এইখিনি উপাৰ্জনৰে সংসাৰ নচলে গীতাশ্ৰীৰ। জীৱনৰ বাটত শত সংগ্ৰামৰ সৈতে যুঁজ দিয়া গীতাশ্ৰীয়ে এইবাৰ কৰিছে বিকল্প পথৰ সন্ধান। জবকাৰ্ডৰ বাবে আবেদন কৰিছে উচ্চশিক্ষিতা গীতাশ্ৰীয়ে।ভাৰতৰ উত্তৰ পৰগণাৰ নাজাত অঞ্চলৰ এইগৰাকী সাহসী আৰু উদ্যমী গীতাশ্ৰী মান্নাক কেন্দ্ৰ কৰি এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছে দেশৰ সংবাদ মাধ্যমে।

প্ৰতিবেদন অনুসৰি, ৩৭ বছৰীয়া গীতাশ্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬২ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৫৭ শতাংশ নম্বৰ লাভ কৰিছিল। ২০০৭ চনত উত্তৰ প্ৰদেশৰ কানপুৰৰ ছত্ৰপতি শাহুজী মহাৰাজ বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত এমএ উত্তীৰ্ণ হৈছিল গীতাশ্ৰী। তেওঁৰ পিতৃ শিক্ষক। ২০০৭ চনৰ পৰা চাকৰিৰ বাবে পৰীক্ষা দিবলৈ আৰম্ভ কৰিছিল গীতাশ্ৰীয়ে। তেওঁ কয়, ‘ তিনিবাৰ এছএছচি পৰীক্ষা দিলোঁ। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও গোটে চিঅডি পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল। কিন্তু চাকৰি নাপালো। এতিয়া বয়স সিপাৰ পালেগৈ। সেয়ে বহুতো পৰীক্ষাত বহিব খুজিও বহিব পৰা নাই। অৱশ্যে, চৰকাৰী চাকৰিৰ আশাত আইচিডিএছৰ ছুপাৰভাইজাৰ পদৰ বাবেও পৰীক্ষা দিছিল তেওঁ।


২০১০ চনত বিবাহপাশত আৱদ্ধ হৈছিল গীতাশ্ৰী। স্বামীয়ে এটা অনুষ্ঠান পৰিচালনা প্ৰতিষ্ঠানত কামো কৰিছিল। কৰ’নাৰ মহামাৰীৰ বাবে তেওঁক কামৰ পৰা অব্যাহতি দিয়া হয়। গীতাশ্ৰীয়ে কয়, এতিয়া মই অসহায় হৈ পৰিছে। নিজৰ পেটটোৰ লগতে সংসাৰ খন চলাবলৈ জবকাৰ্ডৰ বাবে আবেদন কৰিছো। জবকাৰ্ডখন পোৱাৰ পাছত মই আৰু মোৰ স্বামী দুয়োৱে মাটি কটা কাম কৰিম।লাজে ভাত নিদিয়ে, কৰ্মইহে ভাত দিব। মই আৰু চাকৰিৰ বাবে চেষ্টা নকৰো। এনেকৈয়ে চলি যাৱ জীৱন।’ সঁচাকৈয়ে গীতাশ্ৰীৰ জীৱন সংগ্ৰামে চৰকাৰী চাকৰি এটাই যে জীৱনৰ সৰ্বোচ্চ নহয় সেয়া সমাজক নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে। গীতাশ্ৰীৰ এই সংগ্ৰামে সফলতাৰ শিখৰ চুমক,হৈ ৰওক প্ৰেৰণাৰ অম্লান নিচান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ