--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এগৰাকী উচ্চ শিক্ষিতা মহিলা। যিগৰাকী মহিলাৰ কৰ্মোদ্দ্যমে শেহতীয়াকৈ বিশেষ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ট্ৰেজিক জীৱন এটাৰ সৈতে মোকাবিলা কৰি গৈছে গীতাশ্ৰীয়ে-নিৰ্ভয়ে,নিসংকোচে। ৫৯ শতাংশ নম্বৰৰ সৈতে মাষ্টাৰ্ছ উত্তীৰ্ণ হৈছিল গীতাশ্ৰীৰ মান্না। বিষয় আছিল ভূগোল। বহু বছৰ বাট কুৰি বাই থকাৰ পাছতো কোনো ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ চাকৰি লাভ নকৰিলে গীতাশ্ৰীয়ে।

অৱশেষত উপাই নাপাই গীতাশ্ৰীয়ে চিলাই মেচিনৰ কাম কৰাৰ লগতে কুকুৰা পালনে নিজৰ সংসাৰ চলাই গৈছে। কিন্তু এইখিনি উপাৰ্জনৰে সংসাৰ নচলে গীতাশ্ৰীৰ। জীৱনৰ বাটত শত সংগ্ৰামৰ সৈতে যুঁজ দিয়া গীতাশ্ৰীয়ে এইবাৰ কৰিছে বিকল্প পথৰ সন্ধান। জবকাৰ্ডৰ বাবে আবেদন কৰিছে উচ্চশিক্ষিতা গীতাশ্ৰীয়ে।ভাৰতৰ উত্তৰ পৰগণাৰ নাজাত অঞ্চলৰ এইগৰাকী সাহসী আৰু উদ্যমী গীতাশ্ৰী মান্নাক কেন্দ্ৰ কৰি এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছে দেশৰ সংবাদ মাধ্যমে।

প্ৰতিবেদন অনুসৰি, ৩৭ বছৰীয়া গীতাশ্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬২ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৫৭ শতাংশ নম্বৰ লাভ কৰিছিল। ২০০৭ চনত উত্তৰ প্ৰদেশৰ কানপুৰৰ ছত্ৰপতি শাহুজী মহাৰাজ বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত এমএ উত্তীৰ্ণ হৈছিল গীতাশ্ৰী। তেওঁৰ পিতৃ শিক্ষক। ২০০৭ চনৰ পৰা চাকৰিৰ বাবে পৰীক্ষা দিবলৈ আৰম্ভ কৰিছিল গীতাশ্ৰীয়ে। তেওঁ কয়, ‘ তিনিবাৰ এছএছচি পৰীক্ষা দিলোঁ। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও গোটে চিঅডি পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল। কিন্তু চাকৰি নাপালো। এতিয়া বয়স সিপাৰ পালেগৈ। সেয়ে বহুতো পৰীক্ষাত বহিব খুজিও বহিব পৰা নাই। অৱশ্যে, চৰকাৰী চাকৰিৰ আশাত আইচিডিএছৰ ছুপাৰভাইজাৰ পদৰ বাবেও পৰীক্ষা দিছিল তেওঁ।


২০১০ চনত বিবাহপাশত আৱদ্ধ হৈছিল গীতাশ্ৰী। স্বামীয়ে এটা অনুষ্ঠান পৰিচালনা প্ৰতিষ্ঠানত কামো কৰিছিল। কৰ’নাৰ মহামাৰীৰ বাবে তেওঁক কামৰ পৰা অব্যাহতি দিয়া হয়। গীতাশ্ৰীয়ে কয়, এতিয়া মই অসহায় হৈ পৰিছে। নিজৰ পেটটোৰ লগতে সংসাৰ খন চলাবলৈ জবকাৰ্ডৰ বাবে আবেদন কৰিছো। জবকাৰ্ডখন পোৱাৰ পাছত মই আৰু মোৰ স্বামী দুয়োৱে মাটি কটা কাম কৰিম।লাজে ভাত নিদিয়ে, কৰ্মইহে ভাত দিব। মই আৰু চাকৰিৰ বাবে চেষ্টা নকৰো। এনেকৈয়ে চলি যাৱ জীৱন।’ সঁচাকৈয়ে গীতাশ্ৰীৰ জীৱন সংগ্ৰামে চৰকাৰী চাকৰি এটাই যে জীৱনৰ সৰ্বোচ্চ নহয় সেয়া সমাজক নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে। গীতাশ্ৰীৰ এই সংগ্ৰামে সফলতাৰ শিখৰ চুমক,হৈ ৰওক প্ৰেৰণাৰ অম্লান নিচান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক