--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : যোগ্যজনক যোগ্য সন্মান ভাৰত চৰকাৰৰ৷ পৰিৱেশ সুৰক্ষা তথা সংৰক্ষণৰ নিৰন্তৰ প্ৰচেষ্টা চলাই ‘পদ্মশ্ৰী’ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা মহিলাগৰাকী জনাজাত ‘অৰণ্যৰ বিশ্বকোষ’ হিচাপেও৷ সোমবাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান 'পদ্মশ্ৰী' বঁটাৰে সন্মানিত কৰা হয় পৰিৱেশবিদ তুলসী গৌড়াক। খালী ভৰি আৰু পৰম্পৰাগত জনজাতীয় পোছাক পৰিধানৰে পৰিৱেশবিদগৰাকীক দেখা গ’ল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা সন্মান গ্ৰহণৰ মুহূৰ্ততো৷ ছ’চিয়েল মিডিয়াতো ইতিমধ্যে তুলসী গৌড়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নমস্কাৰ জনাই থকা ফটো ভাইৰেল হৈ পৰিছে৷

পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কৰ্ণাটকৰ এগৰাকী ৭২বছৰীয়া পৰিৱেশবিদ তুলসী গৌড়াক সন্মানিত কৰা হয় পদ্মশ্ৰী সন্মানেৰে। বহুতৰ বাবে অনুপ্ৰেৰণা হৈ পৰা তুলসী গৌড়া কৰ্ণাটকৰ হালাক্কি থলুৱা জনজাতিৰ অন্তৰ্ভুক্ত। তুলসী গৌড়া এটা দৰিদ্ৰ আৰু সুবিধা বঞ্চিত পৰিয়ালৰ। কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল, কিন্তু সকলো প্ৰতিকূলতা সত্ত্বেও তেওঁ উদ্ভিদ আৰু অন্যান্য প্ৰাণীৰ ক্ষেত্ৰত তেওঁৰ জ্ঞান সম্প্ৰসাৰিত কৰিবলৈ আৰম্ভ কৰিছিল। সমগ্ৰ বিশ্বত পোৱা বনৌষধি আৰু উদ্ভিদৰ প্ৰজাতিৰ বিষয়ে বিশাল জ্ঞানৰ অধিকাৰী হোৱাৰ বাবেই তুলসী গৌড়াক ‘অৰণ্যৰ বিশ্বকোষ’ বুলি জনা যায়।

তেওঁ কৈশোৰ অৱস্থাৰ পৰাই পৰিৱেশ সুৰক্ষিত কৰাত সক্ৰিয়ভাৱে অৰিহণা যোগাই আহিছে। পৰিৱেশৰ প্ৰতি অধিক অৱদান আগবঢ়োৱাৰ উদ্দেশ্যে আৰু পৰিৱেশ সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ স্বাৰ্থত তুলসী গৌড়াই বন বিভাগত অস্থায়ী স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল যদিও পাছলৈ বন বিভাগত স্থায়ী পদ প্ৰদান কৰা হৈছিল।

প্ৰকৃতি সংৰক্ষণৰ বাবে সমৰ্পিত তুলসীয়ে তেওঁৰ জীৱনকালত ৩০,০০০ৰো অধিক গছপুলি ৰোপণ কৰিছে আৰু ১০ বছৰ বয়সৰ পৰাই একাধিক পৰিৱেশ সংৰক্ষণ কাৰ্য-কলাপত জড়িত হৈ আছে। ১২ বছৰ বয়সত গৌড়াই মাকৰ সৈতে এখন নাৰ্ছাৰীত কাম কৰি দেশৰ পৰিৱেশ তথা অৰণ্য উন্নত কৰাৰ দিশত আত্মনিয়োগ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'