--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : যোগ্যজনক যোগ্য সন্মান ভাৰত চৰকাৰৰ৷ পৰিৱেশ সুৰক্ষা তথা সংৰক্ষণৰ নিৰন্তৰ প্ৰচেষ্টা চলাই ‘পদ্মশ্ৰী’ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা মহিলাগৰাকী জনাজাত ‘অৰণ্যৰ বিশ্বকোষ’ হিচাপেও৷ সোমবাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান 'পদ্মশ্ৰী' বঁটাৰে সন্মানিত কৰা হয় পৰিৱেশবিদ তুলসী গৌড়াক। খালী ভৰি আৰু পৰম্পৰাগত জনজাতীয় পোছাক পৰিধানৰে পৰিৱেশবিদগৰাকীক দেখা গ’ল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা সন্মান গ্ৰহণৰ মুহূৰ্ততো৷ ছ’চিয়েল মিডিয়াতো ইতিমধ্যে তুলসী গৌড়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নমস্কাৰ জনাই থকা ফটো ভাইৰেল হৈ পৰিছে৷

পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কৰ্ণাটকৰ এগৰাকী ৭২বছৰীয়া পৰিৱেশবিদ তুলসী গৌড়াক সন্মানিত কৰা হয় পদ্মশ্ৰী সন্মানেৰে। বহুতৰ বাবে অনুপ্ৰেৰণা হৈ পৰা তুলসী গৌড়া কৰ্ণাটকৰ হালাক্কি থলুৱা জনজাতিৰ অন্তৰ্ভুক্ত। তুলসী গৌড়া এটা দৰিদ্ৰ আৰু সুবিধা বঞ্চিত পৰিয়ালৰ। কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল, কিন্তু সকলো প্ৰতিকূলতা সত্ত্বেও তেওঁ উদ্ভিদ আৰু অন্যান্য প্ৰাণীৰ ক্ষেত্ৰত তেওঁৰ জ্ঞান সম্প্ৰসাৰিত কৰিবলৈ আৰম্ভ কৰিছিল। সমগ্ৰ বিশ্বত পোৱা বনৌষধি আৰু উদ্ভিদৰ প্ৰজাতিৰ বিষয়ে বিশাল জ্ঞানৰ অধিকাৰী হোৱাৰ বাবেই তুলসী গৌড়াক ‘অৰণ্যৰ বিশ্বকোষ’ বুলি জনা যায়।

তেওঁ কৈশোৰ অৱস্থাৰ পৰাই পৰিৱেশ সুৰক্ষিত কৰাত সক্ৰিয়ভাৱে অৰিহণা যোগাই আহিছে। পৰিৱেশৰ প্ৰতি অধিক অৱদান আগবঢ়োৱাৰ উদ্দেশ্যে আৰু পৰিৱেশ সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ স্বাৰ্থত তুলসী গৌড়াই বন বিভাগত অস্থায়ী স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল যদিও পাছলৈ বন বিভাগত স্থায়ী পদ প্ৰদান কৰা হৈছিল।

প্ৰকৃতি সংৰক্ষণৰ বাবে সমৰ্পিত তুলসীয়ে তেওঁৰ জীৱনকালত ৩০,০০০ৰো অধিক গছপুলি ৰোপণ কৰিছে আৰু ১০ বছৰ বয়সৰ পৰাই একাধিক পৰিৱেশ সংৰক্ষণ কাৰ্য-কলাপত জড়িত হৈ আছে। ১২ বছৰ বয়সত গৌড়াই মাকৰ সৈতে এখন নাৰ্ছাৰীত কাম কৰি দেশৰ পৰিৱেশ তথা অৰণ্য উন্নত কৰাৰ দিশত আত্মনিয়োগ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক