--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ড মুক্তিমৰ্চাৰ নেতা তথা ৰাজ্যখনৰ সদ্যপদত্যাগী মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে৷ দিনজোৰা উৎকণ্ঠাৰ অন্তত অৱশেষত আহিল ছোৰেনৰ গ্ৰেপ্তাৰৰ খবৰ৷ আজি নিশা ৯.৩৩ বজাত ধনৰ অবৈধ সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে হেমন্ত ছোৰেনক৷ 

হেমন্ত ছোৰেনৰ গ্ৰেপ্তাৰৰ পাছতেই সলনি ঝাৰখণ্ডৰ ৰাজনীতি সলনি হোৱাটো নিশ্চিত হৈ পৰিল৷ গ্ৰেপ্তাৰৰ পূৰ্বে আজি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল হেমন্ত ছোৰেনে৷ হেমন্ত ছোৰেনৰ স্থলাভিষিক্ত হ’ব ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী চম্পাই ছোৰেন৷ ইডিয়ে ভূমি কেলেংকাৰীকে ধৰি আন কেইবাটাও গোচৰত গ্ৰেপ্তাৰ কৰে হেমন্ত ছোৰেনক৷ 

ঝাৰখণ্ডত শাসকীয় মিত্ৰজোঁটে পৰিবহণ মন্ত্ৰী চম্পাই ছোৰেণক জেএমএম বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে বুলি কংগ্ৰেছ নেতা ৰাজেশ ঠাকুৰে প্ৰকাশ কৰিছে। ফলত চম্পাই ছোৰেনেই হ’ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 

উল্লেখ্য ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী  হেমন্তৰ ছোৰেনৰ ঘৰত উপস্থিত হৈছিল ইডি। কেৱল সেয়াই নহয় হেমন্তৰ ছোৰেনৰ বাসগৃহৰ চৌদিশৰ কিছু এলেকাত ১৪৪ ধাৰা জাৰি কৰা হৈছিল। বুধবাৰে ইডিৰ জেৰা আৰম্ভ হোৱাৰ পূৰ্বে হেমন্ত ছোৰেনে তেওঁৰ পিতৃ শিবু ছোৰেণৰ সৈতে কিছু সময় কথা পাতিছিল। 

দলৰ বিধায়কসকলেও তেওঁৰ বাসগৃহত উপস্থিত হৈছিল৷ ইডিৰ অভিযানৰ বিৰুদ্ধে জেএমএমৰ কৰ্মীসকলে আৰম্ভ কৰিছিল প্ৰতিবাদ৷ তেওঁলোকে ৰাজভৱনলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। কঠোৰ নিৰাপত্তাৰ মাজত হেমন্ত ছোৰেনক প্ৰশ্ন কৰিবলৈ ইডিৰ দলটো উপস্থিত হৈছিল তেওঁৰ বাসভৱনত৷ 

বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত ইডিৰ বিষয়াসকল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়। তেওঁলোকৰ লগত চিআৰপিএফৰ এটা বৃহৎ দলো আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে হেমন্তক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ঝাৰখণ্ডত অশান্তিৰ জুই জ্বলি উঠিব পাৰে৷ সেয়ে ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে বিত্ত সচিবৰ নেতৃত্বত তিনিজনীয়া দল গঠন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক