--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ড মুক্তিমৰ্চাৰ নেতা তথা ৰাজ্যখনৰ সদ্যপদত্যাগী মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে৷ দিনজোৰা উৎকণ্ঠাৰ অন্তত অৱশেষত আহিল ছোৰেনৰ গ্ৰেপ্তাৰৰ খবৰ৷ আজি নিশা ৯.৩৩ বজাত ধনৰ অবৈধ সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে হেমন্ত ছোৰেনক৷ 

হেমন্ত ছোৰেনৰ গ্ৰেপ্তাৰৰ পাছতেই সলনি ঝাৰখণ্ডৰ ৰাজনীতি সলনি হোৱাটো নিশ্চিত হৈ পৰিল৷ গ্ৰেপ্তাৰৰ পূৰ্বে আজি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল হেমন্ত ছোৰেনে৷ হেমন্ত ছোৰেনৰ স্থলাভিষিক্ত হ’ব ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী চম্পাই ছোৰেন৷ ইডিয়ে ভূমি কেলেংকাৰীকে ধৰি আন কেইবাটাও গোচৰত গ্ৰেপ্তাৰ কৰে হেমন্ত ছোৰেনক৷ 

ঝাৰখণ্ডত শাসকীয় মিত্ৰজোঁটে পৰিবহণ মন্ত্ৰী চম্পাই ছোৰেণক জেএমএম বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে বুলি কংগ্ৰেছ নেতা ৰাজেশ ঠাকুৰে প্ৰকাশ কৰিছে। ফলত চম্পাই ছোৰেনেই হ’ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 

উল্লেখ্য ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী  হেমন্তৰ ছোৰেনৰ ঘৰত উপস্থিত হৈছিল ইডি। কেৱল সেয়াই নহয় হেমন্তৰ ছোৰেনৰ বাসগৃহৰ চৌদিশৰ কিছু এলেকাত ১৪৪ ধাৰা জাৰি কৰা হৈছিল। বুধবাৰে ইডিৰ জেৰা আৰম্ভ হোৱাৰ পূৰ্বে হেমন্ত ছোৰেনে তেওঁৰ পিতৃ শিবু ছোৰেণৰ সৈতে কিছু সময় কথা পাতিছিল। 

দলৰ বিধায়কসকলেও তেওঁৰ বাসগৃহত উপস্থিত হৈছিল৷ ইডিৰ অভিযানৰ বিৰুদ্ধে জেএমএমৰ কৰ্মীসকলে আৰম্ভ কৰিছিল প্ৰতিবাদ৷ তেওঁলোকে ৰাজভৱনলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। কঠোৰ নিৰাপত্তাৰ মাজত হেমন্ত ছোৰেনক প্ৰশ্ন কৰিবলৈ ইডিৰ দলটো উপস্থিত হৈছিল তেওঁৰ বাসভৱনত৷ 

বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত ইডিৰ বিষয়াসকল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়। তেওঁলোকৰ লগত চিআৰপিএফৰ এটা বৃহৎ দলো আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে হেমন্তক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ঝাৰখণ্ডত অশান্তিৰ জুই জ্বলি উঠিব পাৰে৷ সেয়ে ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে বিত্ত সচিবৰ নেতৃত্বত তিনিজনীয়া দল গঠন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু