--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো মোকাবিলা কৰাৰ লক্ষ্যৰে চৰকাৰে সোমবাৰে লোকসভাত এখন বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈছে। ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) বিধেয়ক শীৰ্ষক এই প্ৰস্তাৱিত আইনখনে কেন্দ্ৰীয় সংস্থাৰ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাকে ধৰি বিভিন্ন পৰীক্ষাত অন্যায় প্ৰথাৰ সমস্যা সমাধান কৰিব বিচাৰিছে।


এই বিধেয়কখনত দোষী সাব্যস্ত হোৱা লোকক জৰিমনা বিহাৰ প্ৰস্তাৱ দিয়া হৈছে, তিনি লাখৰ পৰা ৫ লাখ টকালৈকে জৰিমনা আৰু ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড অন্তৰ্ভুক্ত কৰা হৈছে।এই প্ৰস্তাৱিত আইনখনৰ বিধান অনুসৰি চৰকাৰে এখন উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰীয় সমিতি গঠন কৰাৰ পৰিকল্পনা কৰিছে।


ৰাজস্থানত শিক্ষক নিযুক্তি পৰীক্ষা, হাৰিয়ানাত গ্ৰুপ-ডি পদৰ বাবে কমন এলিজিবিলিটি টেষ্ট (চিইটি), গুজৰাটত কনিষ্ঠ কেৰাণীৰ নিযুক্তি পৰীক্ষা আৰু বিহাৰত কনিষ্টবল নিযুক্তি পৰীক্ষাৰ ভিতৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত বিগত বছৰ বাতিল হোৱা পৰীক্ষাসমূহৰ ভিতৰত অন্যতম।


বাজেট অধিৱেশনৰ আৰম্ভণিতে সংসদৰ যুটীয়া বৈঠকত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত যুৱক-যুৱতীসকলৰ উদ্বেগ সম্পৰ্কে চৰকাৰ সচেতন। সেয়ে এনে অসৎ কাৰ্যক কঠোৰভাৱে মোকাবিলা কৰিবলৈ নতুন আইন প্ৰণয়নৰ সিদ্ধান্ত লোৱা হৈছে বুলিও মুৰ্মুৱে উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু