--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ জাতীয় পতাকাক অৱমাননা কৰাৰ গোচৰত ইতিমধ্যে বহু লোক জে’ললৈ গৈছে। জাতীয় পতাকাক অৱমাননা কৰাসকলক মূলতঃ  ভাৰতবিৰোধী শক্তিৰে অংশ বুলি বহুতে অভিহিত কৰি আহিছে। কিন্তু এইবাৰ এগৰাকী বিজেপি নেত্ৰীৰ বিৰুদ্ধেই উত্থাপন হৈছে দেশৰ জাতীয় পতাকাক লৈ ঙুৱা প্ৰচাৰ চলোৱাৰ   গুৰুতৰ অভিযোগ।

তেনে অভিযোগৰ ভিত্তিতে কৰ্ণাটক আৰক্ষীয়ে বিজেপিৰ  মিডিয়া চেলৰ নেত্ৰী  শকুন্তলা নটৰাজৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰিছে। নটৰাজৰ বিৰুদ্ধে কেৰালাৰ কোচিৰ লুলু মলত উত্তোলন কৰা  ভাৰতীয় জাতীয়  পতাকাকলৈ ভুৱা প্ৰচাৰ চলোৱাৰ  অভিযোগ উঠিছে।   এই প্ৰসংগত আৰক্ষীয়ে কয় যে শংকুন্তলা নটৰাজে  ছ'চিয়েল মিডিয়াত এটা পোষ্ট  কৰিছিল। 

 আৰক্ষীয়ে প্ৰকাশ কৰা মতে পোষ্টটো ভুৱা আৰু উদ্দেশ্যপ্ৰণোদিত  আছিল। এই কথা প্ৰমাণ হোৱাৰ পিছতে নটৰাজৰ  বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। নটৰাজে পোষ্টটোত লিখিছিল "আপোনালোকৰ সাধাৰণ জ্ঞানো নাই নেকি যে আন কোনো দেশৰ পতাকা ভাৰতীয় জাতীয় পতাকাৰ ওপৰত থাকিব নালাগে।’’ লুলু মলত ভাৰতৰ জাতীয় পতাকা আন দেশৰ পতাকাতকৈ তলত উত্তোলন কৰা বুলি নটৰাজনে অভিযোগ কৰিছিল।তেওঁ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি.কে শিৱকুমাৰকো পোষ্টটো টেগ কৰিছিল আৰু লুলু মল বৰ্জন কৰিবলৈ এটা হেচটেগো সৃষ্টি কৰিছিল। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নটৰাজনে ইচ্ছাকৃতভাবে ভাৰতৰ জাতীয় পতাকা খন আন দেশৰ পতাকাৰ তলত আছিল বুলি ভুৱাকৈ প্ৰচাৰ চলাইছিল। কাৰণ নটৰাজনে দাবী কৰা ধৰণে ভাৰতৰ পতাকা খন আন দেশৰ পতাকাতকৈ তলত নাছিল। নটৰাজনে ছবি খন সম্পাদনা কৰি ভাৰতীয় পতাকা খনক আন দেশৰ পতাকাতকৈ তলত থকা বুলি দেখুৱাইছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে তুমাকুৰু চহৰৰ জয়নগৰ আৰক্ষীয়ে আইপিচিৰ ১৫৩ (বি) ধাৰাৰ অধীনত বিজেপি নেত্ৰীগৰাকীৰ  বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে নেত্ৰীগৰাকীলৈ  জাননী জাৰি কৰি তেওঁক সোধা-পোছাৰ বাবে তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ'বলৈও নিৰ্দেশ দিছে।  উল্লেখ্য বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাক প্ৰতিনিধিত্ব কৰা বিভিন্ন দেশৰ পতাকা মলখনত  প্ৰদৰ্শিত হৈছিল। সকলো পতাকা প্ৰদৰ্শনৰ বাবে একে উচ্চতাত ৰখা হৈছিল। অৱশ্যে ছবিখন এনে এটা কোণৰ পৰা তোলা  হৈছিল য'ত পাকিস্তানৰ পতাকাৰ তলত ভাৰতীয় পতাকাখন  দেখা গৈছিল। আৰক্ষীয়ে কৈছে যে ছবিখন ইচ্ছাকৃতভাৱে এনেদৰে তোলা হৈছিল আৰু সামাজিক অস্থিৰতাৰ  সৃষ্টি কৰিবলৈ সম্পাদনা কৰা হৈছিল। আৰক্ষীয়ে এইবুলিও  কৈছে যে  কোচিৰ লুলু মলৰ ছবি ব্যৱহাৰ কৰি বাংগালুৰুত মানুহক উত্তেজিত কৰাৰ চেষ্টা কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু