--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰই আয়োজন কৰা প্ৰথমবাৰৰ বাবে জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (পি-২০ সন্মিলন)  ১৪ অক্টোবৰত  তাৰিখে দিল্লীৰ দ্বাৰকাৰ যশোভূমী, ভাৰত আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত সামৰণি পৰে, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংসদ সদস্যসকলে একত্ৰিত হৈ ইয়াৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰে, জি-২০ প্ৰক্ৰিয়াত ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ সংসদীয় অৱদান আগবঢ়াবলৈ তেওঁলোকৰ যৌথ কাম অব্যাহত ৰাখিব। 

২০২৩ চনৰ ১৩ অক্টোবৰত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা পি-২০ শীৰ্ষ সন্মিলনৰ নৱম সংস্কৰণৰ সামৰণি পৰে আৰু আজি সামৰণি অধিবেশনত লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই বিদায়ী ভাষণ প্ৰদান কৰে। ৰাজ্যসভাৰ উপ অধ্যক্ষ, শ্ৰী হৰিবংশ; আন্তঃসংসদীয় সংঘৰ সভাপতি ডুৱেৰ্টে পাচেকো; জি-২০ ৰাষ্ট্ৰৰ সংসদৰ প্ৰিজাইডিং অফিচাৰ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে সামৰণি অধিবেশনত শোভা বঢ়ায়। দুদিনীয়া শীৰ্ষ সন্মিলনৰ পূৰ্বে ২০২৩ চনৰ ১২ অক্টোবৰত মিছন লাইফৰ ওপৰত সংসদীয় মঞ্চ অনুষ্ঠিত হয়।


সামৰণি অধিৱেশনত সহযোগী সংসদ সদস্য আৰু অন্যান্য নেতাসকলক সম্বোধন কৰি লোকসভাৰ অধ্যক্ষই জি-২০ ৰাষ্ট্ৰসমূহৰ সংসদৰ বিষয়াসকলক আৰু আমন্ত্ৰিত ৰাষ্ট্ৰসমূহৰ সংসদৰ বিষয়াসকলক ধন্যবাদ জনায় যে তেওঁলোকে “এক পৃথিৱী, এক পৰিয়াল আৰু একৰ বাবে সংসদ” শীৰ্ষক এই পি-২০ শীৰ্ষ সন্মিলনৰ সফলতাত অৰিহণা যোগাইছে"। যৌথ বিবৃতি গ্ৰহণৰ ফলত পি-২০ প্ৰক্ৰিয়াটো আৰু অধিক শক্তিশালী হৈছে বুলি ৃ বিৰলাই আলোকপাত কৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে বহনক্ষম উন্নয়নৰ লক্ষ্য, সেউজ শক্তি, মহিলা নেতৃত্বাধীন উন্নয়ন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ওপৰত অধিবেশনত ভাগ কৰা মূল্যৱান মতামত আৰু তথ্যই মানৱকেন্দ্ৰিক উন্নয়নৰ বাবে জি-২০ প্ৰক্ৰিয়াক আৰু অধিক শক্তিশালী কৰিব।

জি-২০ৰ সংসদীয় মাত্ৰাৰ কথা উল্লেখ কৰি অধ্যক্ষই উল্লেখ কৰে যে বিগত দুদিন ধৰি অনুষ্ঠিত হোৱা আলোচনাই জি-২০ৰ সংসদীয় মাত্ৰাৰ গুৰুত্বৰ ওপৰত স্পষ্টভাৱে আলোকপাত কৰিছে আৰু লগতে সংসদসমূহে কেনেকৈ একেলগে কাম কৰি এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যতৰ সামূহিক লক্ষ্যত উপনীত হ’ব পাৰে সেই কথাও প্ৰতিষ্ঠা কৰিছে।

বহুপক্ষীয়তাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰি  বিৰলাই লক্ষ্য কৰে যে আজিৰ আন্তঃসংযোগী পৃথিৱীখনত আমি কোনো বিশেষ বিষয়ক পৃথকে পৃথকে চাব নোৱাৰোঁ। তেওঁ যৌথ বিবৃতিৰ ২৭ নং অনুচ্ছেদ পুনৰবাৰ উল্লেখ কৰে, য’ত লিখা আছে, 'আমি সংঘাত আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ সমৰ্থন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় শান্তি, সমৃদ্ধি আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ অনুঘটক হিচাপে প্ৰাসংগিক মঞ্চত সংসদীয় কূটনীতি আৰু আলোচনা অব্যাহত ৰাখিম।'

বিৰলাই জি-২০ ৰাষ্ট্ৰৰ সংসদসমূহে চিঅ’পি-২০, জি-২০ আৰু ইয়াৰ পাছতো, আগন্তুক সময়ত, ভাগ-বতৰা কৰা প্ৰতিশ্ৰুতিসমূহ অনুসৰণ কৰাৰ সামূহিক দৃঢ়তাও পুনৰবাৰ উল্লেখ কৰে। সংসদ সদস্যৰ ভূমিকা সন্দৰ্ভত ভাষণ দি অধ্যক্ষই উল্লেখ কৰে যে জনপ্ৰতিনিধি হিচাপে সংসদৰ সদস্যসকলে জনসাধাৰণৰ আশা, আকাংক্ষা আৰু প্ৰয়োজন পূৰণৰ বাবে প্ৰয়োজনীয় নীতি আৰু আইন প্ৰণয়ন কৰিব পৰাকৈ বিশেষ অৱস্থাত আছে। "আমাৰ ভূমিকা চৰকাৰৰ প্ৰচেষ্টাক পৰিপূৰক কৰা; জনকল্যাণৰ উদ্দেশ্যে সুশাসন নিশ্চিত কৰাত আমাৰ বিশেষ অৱদান আছে”।ভাৰতৰ পি-২০ অধ্যক্ষতাৰ সামৰণিৰ লগে লগে লোকসভাৰ অধ্যক্ষই অধ্যক্ষ পদ ব্ৰাজিলৰ সংসদক অৰ্পণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement