--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰই আয়োজন কৰা প্ৰথমবাৰৰ বাবে জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (পি-২০ সন্মিলন)  ১৪ অক্টোবৰত  তাৰিখে দিল্লীৰ দ্বাৰকাৰ যশোভূমী, ভাৰত আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত সামৰণি পৰে, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংসদ সদস্যসকলে একত্ৰিত হৈ ইয়াৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰে, জি-২০ প্ৰক্ৰিয়াত ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ সংসদীয় অৱদান আগবঢ়াবলৈ তেওঁলোকৰ যৌথ কাম অব্যাহত ৰাখিব। 

২০২৩ চনৰ ১৩ অক্টোবৰত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা পি-২০ শীৰ্ষ সন্মিলনৰ নৱম সংস্কৰণৰ সামৰণি পৰে আৰু আজি সামৰণি অধিবেশনত লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই বিদায়ী ভাষণ প্ৰদান কৰে। ৰাজ্যসভাৰ উপ অধ্যক্ষ, শ্ৰী হৰিবংশ; আন্তঃসংসদীয় সংঘৰ সভাপতি ডুৱেৰ্টে পাচেকো; জি-২০ ৰাষ্ট্ৰৰ সংসদৰ প্ৰিজাইডিং অফিচাৰ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে সামৰণি অধিবেশনত শোভা বঢ়ায়। দুদিনীয়া শীৰ্ষ সন্মিলনৰ পূৰ্বে ২০২৩ চনৰ ১২ অক্টোবৰত মিছন লাইফৰ ওপৰত সংসদীয় মঞ্চ অনুষ্ঠিত হয়।


সামৰণি অধিৱেশনত সহযোগী সংসদ সদস্য আৰু অন্যান্য নেতাসকলক সম্বোধন কৰি লোকসভাৰ অধ্যক্ষই জি-২০ ৰাষ্ট্ৰসমূহৰ সংসদৰ বিষয়াসকলক আৰু আমন্ত্ৰিত ৰাষ্ট্ৰসমূহৰ সংসদৰ বিষয়াসকলক ধন্যবাদ জনায় যে তেওঁলোকে “এক পৃথিৱী, এক পৰিয়াল আৰু একৰ বাবে সংসদ” শীৰ্ষক এই পি-২০ শীৰ্ষ সন্মিলনৰ সফলতাত অৰিহণা যোগাইছে"। যৌথ বিবৃতি গ্ৰহণৰ ফলত পি-২০ প্ৰক্ৰিয়াটো আৰু অধিক শক্তিশালী হৈছে বুলি ৃ বিৰলাই আলোকপাত কৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে বহনক্ষম উন্নয়নৰ লক্ষ্য, সেউজ শক্তি, মহিলা নেতৃত্বাধীন উন্নয়ন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ওপৰত অধিবেশনত ভাগ কৰা মূল্যৱান মতামত আৰু তথ্যই মানৱকেন্দ্ৰিক উন্নয়নৰ বাবে জি-২০ প্ৰক্ৰিয়াক আৰু অধিক শক্তিশালী কৰিব।

জি-২০ৰ সংসদীয় মাত্ৰাৰ কথা উল্লেখ কৰি অধ্যক্ষই উল্লেখ কৰে যে বিগত দুদিন ধৰি অনুষ্ঠিত হোৱা আলোচনাই জি-২০ৰ সংসদীয় মাত্ৰাৰ গুৰুত্বৰ ওপৰত স্পষ্টভাৱে আলোকপাত কৰিছে আৰু লগতে সংসদসমূহে কেনেকৈ একেলগে কাম কৰি এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যতৰ সামূহিক লক্ষ্যত উপনীত হ’ব পাৰে সেই কথাও প্ৰতিষ্ঠা কৰিছে।

বহুপক্ষীয়তাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰি  বিৰলাই লক্ষ্য কৰে যে আজিৰ আন্তঃসংযোগী পৃথিৱীখনত আমি কোনো বিশেষ বিষয়ক পৃথকে পৃথকে চাব নোৱাৰোঁ। তেওঁ যৌথ বিবৃতিৰ ২৭ নং অনুচ্ছেদ পুনৰবাৰ উল্লেখ কৰে, য’ত লিখা আছে, 'আমি সংঘাত আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ সমৰ্থন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় শান্তি, সমৃদ্ধি আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ অনুঘটক হিচাপে প্ৰাসংগিক মঞ্চত সংসদীয় কূটনীতি আৰু আলোচনা অব্যাহত ৰাখিম।'

বিৰলাই জি-২০ ৰাষ্ট্ৰৰ সংসদসমূহে চিঅ’পি-২০, জি-২০ আৰু ইয়াৰ পাছতো, আগন্তুক সময়ত, ভাগ-বতৰা কৰা প্ৰতিশ্ৰুতিসমূহ অনুসৰণ কৰাৰ সামূহিক দৃঢ়তাও পুনৰবাৰ উল্লেখ কৰে। সংসদ সদস্যৰ ভূমিকা সন্দৰ্ভত ভাষণ দি অধ্যক্ষই উল্লেখ কৰে যে জনপ্ৰতিনিধি হিচাপে সংসদৰ সদস্যসকলে জনসাধাৰণৰ আশা, আকাংক্ষা আৰু প্ৰয়োজন পূৰণৰ বাবে প্ৰয়োজনীয় নীতি আৰু আইন প্ৰণয়ন কৰিব পৰাকৈ বিশেষ অৱস্থাত আছে। "আমাৰ ভূমিকা চৰকাৰৰ প্ৰচেষ্টাক পৰিপূৰক কৰা; জনকল্যাণৰ উদ্দেশ্যে সুশাসন নিশ্চিত কৰাত আমাৰ বিশেষ অৱদান আছে”।ভাৰতৰ পি-২০ অধ্যক্ষতাৰ সামৰণিৰ লগে লগে লোকসভাৰ অধ্যক্ষই অধ্যক্ষ পদ ব্ৰাজিলৰ সংসদক অৰ্পণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু