--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত এতিয়া ৰঙে বিশেষ গুৰুত্ব লাভ কৰিছে৷ বিশেষকৈ গেৰুৱা ৰংটোৱে বহুতকে আনন্দ দিয়াৰ লগতে বহুতকে আকৌ কৰি আহিছে বিৰক্তও৷   গেৰুৱা ৰং বুলি ক’লেই এতিয়া এই ৰঙৰ সৈতে  বহুতে বিজেপিক একাকাৰ কৰি পেলায়৷ গেৰুৱা মানেই যেন বিজেপি!  

কংগ্ৰেছকৰ্মীয়ে গেৰুৱা ৰঙৰ পোছাক পিন্ধিব পাৰেনে? এই প্ৰশ্নৰ উত্তৰ এতিয়া এজন কংগ্ৰেছ নেতাৰ ক্ষেত্ৰতে পোৱা গৈছে৷ উত্তৰ প্ৰদেশৰ আমেঠিত দলীয় কাৰ্যালয়লৈ গেৰুৱা ৰঙৰ পোছাক পিন্ধি যোৱা বাবেই এজন কংগ্ৰেছ নেতাক দলীয় কৰ্মীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে৷প্ৰহাৰৰ সন্মুখীন হোৱা  কংগ্ৰেছকৰ্মী অখিলেশ শুক্লা এসময়ত আমেঠিৰ কংগ্ৰেছ সভাপতি আছিল। তেওঁ গেৰুৱা কুৰ্তা আৰু বগা পায়জামা পিন্ধি দুৰ্গাপুৰ ৰোডৰ পাৰ্টি কাৰ্যালয়লৈ গৈছিল। 

সেই সময়তে  দলটোৰ সমৰ্থকসকলে তেওঁক বিজেপি সমৰ্থক হিচাপে তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে পৌৰ নিৰ্বাচনত অখিলেশে গেৰুৱা দলৰ হৈ কাম কৰি আহিছে৷ বিষয়টোকলৈ তৰ্ক বাঢ়ি গৈছিল। তাৰ পিছত জিলা সভাপতি প্ৰদীপ সিংঘল, যুৱ কংগ্ৰেছৰ জিলা সভাপতি শুভম সিং আৰু অন্যান্যসকলে তেওঁক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷ 

শুকুৰবাৰে আমেঠি কোতৱালী আৰক্ষী থানাত অখিলেশে এই বিষয়ত  অভিযোগ দাখিল কৰিছে। ইপিনে যুৱ কংগ্ৰেছৰ জিলা সভাপতি শুভম সিঙে গোটেই বিষয়টোক "ভিত্তিহীন" বুলি অভিহিত কৰিছে। কংগ্ৰেছ নেতাজনে দাবী কৰিছে  যে  অখিলেশ শুক্লা জিলা সমিতিত  গুৰুত্বপূৰ্ণ পদ নোপোৱাৰ বাবেই এনে অভিযোগ উত্থাপন কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন