--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত এতিয়া ৰঙে বিশেষ গুৰুত্ব লাভ কৰিছে৷ বিশেষকৈ গেৰুৱা ৰংটোৱে বহুতকে আনন্দ দিয়াৰ লগতে বহুতকে আকৌ কৰি আহিছে বিৰক্তও৷   গেৰুৱা ৰং বুলি ক’লেই এতিয়া এই ৰঙৰ সৈতে  বহুতে বিজেপিক একাকাৰ কৰি পেলায়৷ গেৰুৱা মানেই যেন বিজেপি!  

কংগ্ৰেছকৰ্মীয়ে গেৰুৱা ৰঙৰ পোছাক পিন্ধিব পাৰেনে? এই প্ৰশ্নৰ উত্তৰ এতিয়া এজন কংগ্ৰেছ নেতাৰ ক্ষেত্ৰতে পোৱা গৈছে৷ উত্তৰ প্ৰদেশৰ আমেঠিত দলীয় কাৰ্যালয়লৈ গেৰুৱা ৰঙৰ পোছাক পিন্ধি যোৱা বাবেই এজন কংগ্ৰেছ নেতাক দলীয় কৰ্মীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে৷প্ৰহাৰৰ সন্মুখীন হোৱা  কংগ্ৰেছকৰ্মী অখিলেশ শুক্লা এসময়ত আমেঠিৰ কংগ্ৰেছ সভাপতি আছিল। তেওঁ গেৰুৱা কুৰ্তা আৰু বগা পায়জামা পিন্ধি দুৰ্গাপুৰ ৰোডৰ পাৰ্টি কাৰ্যালয়লৈ গৈছিল। 

সেই সময়তে  দলটোৰ সমৰ্থকসকলে তেওঁক বিজেপি সমৰ্থক হিচাপে তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে পৌৰ নিৰ্বাচনত অখিলেশে গেৰুৱা দলৰ হৈ কাম কৰি আহিছে৷ বিষয়টোকলৈ তৰ্ক বাঢ়ি গৈছিল। তাৰ পিছত জিলা সভাপতি প্ৰদীপ সিংঘল, যুৱ কংগ্ৰেছৰ জিলা সভাপতি শুভম সিং আৰু অন্যান্যসকলে তেওঁক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷ 

শুকুৰবাৰে আমেঠি কোতৱালী আৰক্ষী থানাত অখিলেশে এই বিষয়ত  অভিযোগ দাখিল কৰিছে। ইপিনে যুৱ কংগ্ৰেছৰ জিলা সভাপতি শুভম সিঙে গোটেই বিষয়টোক "ভিত্তিহীন" বুলি অভিহিত কৰিছে। কংগ্ৰেছ নেতাজনে দাবী কৰিছে  যে  অখিলেশ শুক্লা জিলা সমিতিত  গুৰুত্বপূৰ্ণ পদ নোপোৱাৰ বাবেই এনে অভিযোগ উত্থাপন কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে