--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সনাতন ধৰ্মত তুলসীক অতি পৱিত্ৰ বুলি গণ্য কৰে। সেয়েহে হিন্দুধৰ্মী লোকসকলে নিজৰ ঘৰৰ চোতালত তুলসী গছ ৰোপণ কৰি পূজা কৰে। ঘৰত তুলসী গছ ৰোপণ কৰিলে ধনাত্মক শক্তিৰ সঞ্চাৰ হয়। ইয়াত মালক্ষ্মী আৰু ভগৱান বিষ্ণু বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে তুলসী গছত দৈনিক পানী অৰ্পণ কৰিলে মালক্ষ্মী আৰু বিষ্ণুৰ আশীৰ্বাদ পোৱা যায়। কিন্তু ঘৰৰ বাবে কোনবিধ তুলসী গছ শুভ সেই কথা জানো আহক।

 উল্লেখ্য যে এই তুলসী গছ দুটা ভাগত বিভক্ত।ৰাম তুলসী আৰু শ্যাম তুলসী। প্ৰায়ে ঘৰত তুলসী গছ ৰোপণ কৰোতে কোনবিধ তুলসী ৰুব লাগে তাক লৈ বহু লোক বিভ্ৰান্ত হৈ পৰা দেখা যায়। সেয়েহে আজি আমি ঘৰত কোনবিধ তুলসী গছ ৰোপণ কৰিব লাগে জানো আহক।

 * ৰাম তুলসীঃ-ৰাম তুলসীৰ পাতবোৰ সেউজীয়া ৰঙৰ। ৰাম তুলসী ভগৱান ৰামৰ অতি প্ৰিয় আছিল বুলি বিশ্বাস কৰা হয়, সেয়েহে ইয়াক ৰাম তুলসী বুলি কোৱা হয়। ৰাম তুলসীৰ পাত অতি মিঠা আৰু ঘৰত ৰোপণ কৰাটো অতি শুভ। এইবিধ তুলসী গছে ঘৰলৈ সুখ-সমৃদ্ধি বৃদ্ধি কৰে। ইয়াৰ উপৰি কেৱল ৰাম তুলসীহে উপাসনাত ব্যৱহাৰ কৰা হয়।

* শ্যামা তুলসীঃ-শ্যামা তুলসীৰ পাত গাঢ় সেউজীয়া বা বেঙুনীয়া ৰঙৰ হয়। হিন্দুশাস্ত্ৰ অনুযায়ী শ্যামা তুলসী ভগৱান শ্ৰীকৃষ্ণৰ খুবেই ভাল পাইছিল। কৃষ্ণৰো এটা নাম আছিল শ্যামা, সেইবাবেই এই তুলসীক শ্যামা তুলসী বুলি কোৱা হয়। ৰাম তুলসীতকৈ ইয়াৰ মিঠা কম।

* কোনটো তুলসী ৰোপণ কৰিব লাগে-

ৰাম আৰু শ্যামা তুলসী দুয়োবিধেই ঘৰত ৰোপণ কৰাটো শুভ। কিন্তু উপাসনাত ৰাম তুলসীৰ ব্যৱহাৰৰ বাবে বেছিভাগ ঘৰতে কেৱল ৰাম তুলসীহে ৰোপণ কৰা হয়। ইয়াৰ দ্বাৰা প্ৰগতিৰ বাট মুকলি হয়। বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰ তুলসী গছ ৰোপণৰ বাবে আটাইতকৈ শুভ দিন বুলি ধৰা হয়। এইকেইদিনত তুলসী গছ ৰোপণে ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ কৃপাত বহুত ধন-সম্পত্তি আৰু উন্নতি হয়। আনহাতে একাদশী, গ্ৰহণৰ দিন, দেওবাৰ, সোমবাৰ আৰু বুধবাৰে তুলসী প্ৰয়োগ পৰিহাৰ কৰিব লাগে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল