--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সনাতন ধৰ্মত তুলসীক অতি পৱিত্ৰ বুলি গণ্য কৰে। সেয়েহে হিন্দুধৰ্মী লোকসকলে নিজৰ ঘৰৰ চোতালত তুলসী গছ ৰোপণ কৰি পূজা কৰে। ঘৰত তুলসী গছ ৰোপণ কৰিলে ধনাত্মক শক্তিৰ সঞ্চাৰ হয়। ইয়াত মালক্ষ্মী আৰু ভগৱান বিষ্ণু বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে তুলসী গছত দৈনিক পানী অৰ্পণ কৰিলে মালক্ষ্মী আৰু বিষ্ণুৰ আশীৰ্বাদ পোৱা যায়। কিন্তু ঘৰৰ বাবে কোনবিধ তুলসী গছ শুভ সেই কথা জানো আহক।

 উল্লেখ্য যে এই তুলসী গছ দুটা ভাগত বিভক্ত।ৰাম তুলসী আৰু শ্যাম তুলসী। প্ৰায়ে ঘৰত তুলসী গছ ৰোপণ কৰোতে কোনবিধ তুলসী ৰুব লাগে তাক লৈ বহু লোক বিভ্ৰান্ত হৈ পৰা দেখা যায়। সেয়েহে আজি আমি ঘৰত কোনবিধ তুলসী গছ ৰোপণ কৰিব লাগে জানো আহক।

 * ৰাম তুলসীঃ-ৰাম তুলসীৰ পাতবোৰ সেউজীয়া ৰঙৰ। ৰাম তুলসী ভগৱান ৰামৰ অতি প্ৰিয় আছিল বুলি বিশ্বাস কৰা হয়, সেয়েহে ইয়াক ৰাম তুলসী বুলি কোৱা হয়। ৰাম তুলসীৰ পাত অতি মিঠা আৰু ঘৰত ৰোপণ কৰাটো অতি শুভ। এইবিধ তুলসী গছে ঘৰলৈ সুখ-সমৃদ্ধি বৃদ্ধি কৰে। ইয়াৰ উপৰি কেৱল ৰাম তুলসীহে উপাসনাত ব্যৱহাৰ কৰা হয়।

* শ্যামা তুলসীঃ-শ্যামা তুলসীৰ পাত গাঢ় সেউজীয়া বা বেঙুনীয়া ৰঙৰ হয়। হিন্দুশাস্ত্ৰ অনুযায়ী শ্যামা তুলসী ভগৱান শ্ৰীকৃষ্ণৰ খুবেই ভাল পাইছিল। কৃষ্ণৰো এটা নাম আছিল শ্যামা, সেইবাবেই এই তুলসীক শ্যামা তুলসী বুলি কোৱা হয়। ৰাম তুলসীতকৈ ইয়াৰ মিঠা কম।

* কোনটো তুলসী ৰোপণ কৰিব লাগে-

ৰাম আৰু শ্যামা তুলসী দুয়োবিধেই ঘৰত ৰোপণ কৰাটো শুভ। কিন্তু উপাসনাত ৰাম তুলসীৰ ব্যৱহাৰৰ বাবে বেছিভাগ ঘৰতে কেৱল ৰাম তুলসীহে ৰোপণ কৰা হয়। ইয়াৰ দ্বাৰা প্ৰগতিৰ বাট মুকলি হয়। বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰ তুলসী গছ ৰোপণৰ বাবে আটাইতকৈ শুভ দিন বুলি ধৰা হয়। এইকেইদিনত তুলসী গছ ৰোপণে ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ কৃপাত বহুত ধন-সম্পত্তি আৰু উন্নতি হয়। আনহাতে একাদশী, গ্ৰহণৰ দিন, দেওবাৰ, সোমবাৰ আৰু বুধবাৰে তুলসী প্ৰয়োগ পৰিহাৰ কৰিব লাগে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ