--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত সোমবাৰটো ভগৱান ভোলেনাথৰ নামত উৎসৰ্গা কৰা হয়। সেইবাবেই সোমবাৰে শিৱৰ বিশেষ পূজা কৰা হয়। অভিষেক কৰা হয়, পঞ্চমৃত, বেলপাত, ধতুৰা আদি আগবঢ়োৱা হয়। শিৱলিঙ্গ পূজাৰ সময়ত বা অভিষেকত কিছু নিয়ম মানি চলাটো প্ৰয়োজনীয়। বিশ্বাস কৰা হয় যে ভোলেনাথ নিজৰ ভক্তসকলৰ ওপৰত অতি সোনকালে সন্তুষ্ট হয়, কিন্তু তেওঁৰ পূজা-পাতলত ভুল কৰিলেও তেওঁ ক্ৰোধিত হৈ পৰে। শিৱপূজা কৰোতে কোনবোৰ ভুল কৰিব নালাগে জানো আহক। সোমবাৰে নিয়ম-নীতি অনুসৰি মহাদেৱক পূজা কৰি সকলো কামনা পূৰণ হয়।

শিৱ পূজাত এই ভুলবোৰ নকৰিব

- শিৱলিংগত গাখীৰ দিলে উপকাৰ পোৱা যায়। কিন্তু দুগ্ধভিষেক কৰি থাকোঁতে মনত ৰাখিব যে পানী, গাখীৰ, দৈ আদি পঞ্চমৃত ভগৱান শিৱক  অৰ্পণ কৰোতে তামৰ পাত্ৰৰ পৰাহে কৰিব লাগে, কিন্তু তামৰ পাত্ৰত গাখীৰ বেছি দিন নাৰাখিব। কাৰণ তামৰ পাত্ৰত বহুদিন ৰখা গাখীৰ নষ্ট হৈ যায় আৰু শিৱলিঙ্গত এনে গাখীৰ আগবঢ়াব নালাগে।

- শিৱলিঙ্গত যেতিয়াই অভিষেক কৰা হয়, তেতিয়াই গাখীৰ, দৈ, ঘিউ, মৌ আদিৰে তৈয়াৰী পঞ্চমৃত অৰ্পণ কৰাৰ পাছত পানী আৰু গংগাজল অৰ্পণ কৰক। শেষত পানী আগবঢ়োৱাৰ পাছতহে জলাভিষেক সম্পূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত মহাদেৱ সুখী হয়।

-মহাদেৱৰ ওপৰত কেতিয়াও ৰোলি বা সেন্দুৰৰ তিলক প্ৰয়োগ নকৰিব। মহাদেৱে চন্দনৰ তিলক ভাল পায়। সেইবাবে মহাদেৱৰ ওপৰত চন্দনৰ তিলক লগাব লাগে।

- আমি যেতিয়াই মন্দিৰলৈ যাওঁ, ঈশ্বৰৰ দৰ্শন কৰি ভগৱানৰ পৰিক্ৰমা কৰা হয়। হিন্দু ধৰ্মতো সকলো দেৱতাক প্ৰদক্ষিণ কৰিবলৈ নিয়ম দিয়া হৈছে। যেতিয়াই শিৱ মন্দিৰলৈ যায় তেতিয়াই মনত ৰাখিব যে শিৱলিঙ্গত সম্পূৰ্ণ প্ৰদক্ষিণ কৰিব নালাগে। য'ৰ পৰা গাখীৰ ওলোৱাৰ বাট আছে সেই ঠাইত ৰৈ পিছলৈ ঘূৰি যাওক। অন্যথা বহু বেমাৰে আপোনাক আগুৰি ধৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ