--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত সোমবাৰটো ভগৱান ভোলেনাথৰ নামত উৎসৰ্গা কৰা হয়। সেইবাবেই সোমবাৰে শিৱৰ বিশেষ পূজা কৰা হয়। অভিষেক কৰা হয়, পঞ্চমৃত, বেলপাত, ধতুৰা আদি আগবঢ়োৱা হয়। শিৱলিঙ্গ পূজাৰ সময়ত বা অভিষেকত কিছু নিয়ম মানি চলাটো প্ৰয়োজনীয়। বিশ্বাস কৰা হয় যে ভোলেনাথ নিজৰ ভক্তসকলৰ ওপৰত অতি সোনকালে সন্তুষ্ট হয়, কিন্তু তেওঁৰ পূজা-পাতলত ভুল কৰিলেও তেওঁ ক্ৰোধিত হৈ পৰে। শিৱপূজা কৰোতে কোনবোৰ ভুল কৰিব নালাগে জানো আহক। সোমবাৰে নিয়ম-নীতি অনুসৰি মহাদেৱক পূজা কৰি সকলো কামনা পূৰণ হয়।

শিৱ পূজাত এই ভুলবোৰ নকৰিব

- শিৱলিংগত গাখীৰ দিলে উপকাৰ পোৱা যায়। কিন্তু দুগ্ধভিষেক কৰি থাকোঁতে মনত ৰাখিব যে পানী, গাখীৰ, দৈ আদি পঞ্চমৃত ভগৱান শিৱক  অৰ্পণ কৰোতে তামৰ পাত্ৰৰ পৰাহে কৰিব লাগে, কিন্তু তামৰ পাত্ৰত গাখীৰ বেছি দিন নাৰাখিব। কাৰণ তামৰ পাত্ৰত বহুদিন ৰখা গাখীৰ নষ্ট হৈ যায় আৰু শিৱলিঙ্গত এনে গাখীৰ আগবঢ়াব নালাগে।

- শিৱলিঙ্গত যেতিয়াই অভিষেক কৰা হয়, তেতিয়াই গাখীৰ, দৈ, ঘিউ, মৌ আদিৰে তৈয়াৰী পঞ্চমৃত অৰ্পণ কৰাৰ পাছত পানী আৰু গংগাজল অৰ্পণ কৰক। শেষত পানী আগবঢ়োৱাৰ পাছতহে জলাভিষেক সম্পূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত মহাদেৱ সুখী হয়।

-মহাদেৱৰ ওপৰত কেতিয়াও ৰোলি বা সেন্দুৰৰ তিলক প্ৰয়োগ নকৰিব। মহাদেৱে চন্দনৰ তিলক ভাল পায়। সেইবাবে মহাদেৱৰ ওপৰত চন্দনৰ তিলক লগাব লাগে।

- আমি যেতিয়াই মন্দিৰলৈ যাওঁ, ঈশ্বৰৰ দৰ্শন কৰি ভগৱানৰ পৰিক্ৰমা কৰা হয়। হিন্দু ধৰ্মতো সকলো দেৱতাক প্ৰদক্ষিণ কৰিবলৈ নিয়ম দিয়া হৈছে। যেতিয়াই শিৱ মন্দিৰলৈ যায় তেতিয়াই মনত ৰাখিব যে শিৱলিঙ্গত সম্পূৰ্ণ প্ৰদক্ষিণ কৰিব নালাগে। য'ৰ পৰা গাখীৰ ওলোৱাৰ বাট আছে সেই ঠাইত ৰৈ পিছলৈ ঘূৰি যাওক। অন্যথা বহু বেমাৰে আপোনাক আগুৰি ধৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ