--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঘৰৰ বাহিৰত কৰা খেলা-ধূলাই শিশুৰ ব্যক্তিত্ব বিকাশত অৰিহণা যোগায়। ইয়াৰ ফলত তেওঁলোকৰ মাজত দলীয় মনোভাৱো সৃষ্টি হয়। ঘৰৰ বাহিৰৰ খেলে শিশুসকলৰ মাজত সামাজিক বিষয়ৰ প্ৰতি সজাগতাও গঢ় লৈ উঠে। কিন্তু দুখৰ বিষয় যে কৰ’না মহামাৰীৰ কাৰণতে হওক বা অন্য যিকোনো কাৰণেই হওক আজিকালি শিশুসকলে ঘৰৰ বাহিৰত খেলিবলৈ সুবিধা নাপায়। কিন্তু শিশুসকলৰ আচল বৌদ্ধিক বিকাশ ঘটে ঘৰৰ বাহিৰত খেলা-ধূলা কৰাৰ ফলত, ইয়াৰ উপৰি শিশুসকলক স্বাস্থ্যজনিত কি কি উপকাৰো হয় জানো আহক।

 ১. দৃষ্টিশক্তি উন্নত কৰেঃ-চকুৰ চিকিৎসকৰ এক অধ্যয়নত দেখা গৈছে যে ঘৰৰ বাহিৰত সময় কটোৱা শিশুৰ দূৰৈৰ দৃষ্টিশক্তি মূলতঃ ঘৰৰ ভিতৰত খেলা শিশুতকৈ উন্নত হয়।

 ২. সামাজিক দক্ষতা প্ৰসাৰিত হয়ঃ-বিশেষজ্ঞসকলে এই কথাত একমত যে শিশুসকল ঘৰৰ বাহিৰলৈ গ’লে বহুতো দক্ষতাৰ পোষকতা হয়। ঘৰৰ বাহিৰৰ খেলা-ধূলাই শিশুসকলৰ মাজত ইজনে-সিজনৰ লগত যোগাযোগ ৰক্ষা কৰাটোৱে সামাজিক দক্ষতা, কাৰ্যবাহী কাৰ্য্য, আচৰণৰ দক্ষতাক প্ৰসাৰিত কৰাত সহায় কৰে।

 ৩. মনোযোগৰ ক্ষমতা বৃদ্ধি কৰেঃ-অধ্যয়নত দেখা গৈছে যে ঘৰৰ বাহিৰৰ পৰিৱেশৰ সংস্পৰ্শলৈ আহিলে শিশুৰ এডিএইচডিৰ লক্ষণ হ্ৰাস পায়। ঘৰৰ বাহিৰৰ খেলে শিশুসকল প্ৰাকৃতিক পৰিৱেশৰ সংস্পৰ্শলৈ আহে, যাৰ ফলত মনোযোগ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শিশুসকলক অধিক আত্মনিৰ্দেশিত হোৱাত সহায় কৰে।

 ৪. মানসিক চাপ হ্ৰাস কৰেঃ-ঘৰৰ বাহিৰৰ খেলে মানসিক চাপহ্ৰাস কৰে। আনকি গৱেষণাৰ পৰা দেখা গৈছে যে সেউজীয়া ঠাই উপভোগে শিশুৰ মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

 ৫. ভিটামিন-ডি প্ৰদান কৰেঃ-বহু সময়ত শিশুসকল ভিটামিন-ডিৰ অভাৱত ভোগা দেখা যায়। এই ভিটামিনে স্বাস্থ্যজনিত বহু উপকাৰ আছে, ভৱিষ্যতে শিশুক হাড়ৰ সমস্যা, ডায়েবেটিছ আনকি হৃদৰোগৰ পৰাও ৰক্ষা কৰে। ৰ’দ ভিটামিন-ডিৰ এক বৃহৎ উৎস। গতিকে ঘৰৰ বাহিৰৰ খেলা-ধূলাই সন্তানক ভিটামিন-ডি প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু