--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঘৰৰ বাহিৰত কৰা খেলা-ধূলাই শিশুৰ ব্যক্তিত্ব বিকাশত অৰিহণা যোগায়। ইয়াৰ ফলত তেওঁলোকৰ মাজত দলীয় মনোভাৱো সৃষ্টি হয়। ঘৰৰ বাহিৰৰ খেলে শিশুসকলৰ মাজত সামাজিক বিষয়ৰ প্ৰতি সজাগতাও গঢ় লৈ উঠে। কিন্তু দুখৰ বিষয় যে কৰ’না মহামাৰীৰ কাৰণতে হওক বা অন্য যিকোনো কাৰণেই হওক আজিকালি শিশুসকলে ঘৰৰ বাহিৰত খেলিবলৈ সুবিধা নাপায়। কিন্তু শিশুসকলৰ আচল বৌদ্ধিক বিকাশ ঘটে ঘৰৰ বাহিৰত খেলা-ধূলা কৰাৰ ফলত, ইয়াৰ উপৰি শিশুসকলক স্বাস্থ্যজনিত কি কি উপকাৰো হয় জানো আহক।

 ১. দৃষ্টিশক্তি উন্নত কৰেঃ-চকুৰ চিকিৎসকৰ এক অধ্যয়নত দেখা গৈছে যে ঘৰৰ বাহিৰত সময় কটোৱা শিশুৰ দূৰৈৰ দৃষ্টিশক্তি মূলতঃ ঘৰৰ ভিতৰত খেলা শিশুতকৈ উন্নত হয়।

 ২. সামাজিক দক্ষতা প্ৰসাৰিত হয়ঃ-বিশেষজ্ঞসকলে এই কথাত একমত যে শিশুসকল ঘৰৰ বাহিৰলৈ গ’লে বহুতো দক্ষতাৰ পোষকতা হয়। ঘৰৰ বাহিৰৰ খেলা-ধূলাই শিশুসকলৰ মাজত ইজনে-সিজনৰ লগত যোগাযোগ ৰক্ষা কৰাটোৱে সামাজিক দক্ষতা, কাৰ্যবাহী কাৰ্য্য, আচৰণৰ দক্ষতাক প্ৰসাৰিত কৰাত সহায় কৰে।

 ৩. মনোযোগৰ ক্ষমতা বৃদ্ধি কৰেঃ-অধ্যয়নত দেখা গৈছে যে ঘৰৰ বাহিৰৰ পৰিৱেশৰ সংস্পৰ্শলৈ আহিলে শিশুৰ এডিএইচডিৰ লক্ষণ হ্ৰাস পায়। ঘৰৰ বাহিৰৰ খেলে শিশুসকল প্ৰাকৃতিক পৰিৱেশৰ সংস্পৰ্শলৈ আহে, যাৰ ফলত মনোযোগ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শিশুসকলক অধিক আত্মনিৰ্দেশিত হোৱাত সহায় কৰে।

 ৪. মানসিক চাপ হ্ৰাস কৰেঃ-ঘৰৰ বাহিৰৰ খেলে মানসিক চাপহ্ৰাস কৰে। আনকি গৱেষণাৰ পৰা দেখা গৈছে যে সেউজীয়া ঠাই উপভোগে শিশুৰ মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

 ৫. ভিটামিন-ডি প্ৰদান কৰেঃ-বহু সময়ত শিশুসকল ভিটামিন-ডিৰ অভাৱত ভোগা দেখা যায়। এই ভিটামিনে স্বাস্থ্যজনিত বহু উপকাৰ আছে, ভৱিষ্যতে শিশুক হাড়ৰ সমস্যা, ডায়েবেটিছ আনকি হৃদৰোগৰ পৰাও ৰক্ষা কৰে। ৰ’দ ভিটামিন-ডিৰ এক বৃহৎ উৎস। গতিকে ঘৰৰ বাহিৰৰ খেলা-ধূলাই সন্তানক ভিটামিন-ডি প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২