ডিজিটেল ডেস্কঃ গৰুড় পুৰাণত আত্মাৰ জন্মৰ পৰা মৃত্যুলৈকে আৰু তাৰ পিছৰ যাত্ৰাৰ বিষয়ে বহু কথা কোৱা হৈছে। ই এনে গোপনীয়তা উন্মোচন কৰে, যাৰ বিষয়ে জানিবলৈ বহু লোকৰ মনত কৌতুহল ৰৈ যায়। কেৱল এয়াই নহয়, মৃত্যুৰ লগত জড়িত ৰীতি-নীতি সম্পৰ্কেও গৰুড় পুৰাণত বহু নিয়ম দিয়া হৈছে, যাৰ দ্বাৰা মৃতকৰ আত্মাই শান্তি পায়, ভাল গতি পায়। আনহাতে, পূৰ্বপুৰুষৰ আশীৰ্বাদত ব্যক্তিজনৰ পৰিয়ালে যথেষ্ট উন্নতি, সুখ আৰু সমৃদ্ধি লাভ কৰে বুলিও গৰুড় পুৰাণত উল্লেখ আছে।
গৰুড় পুৰাণৰ মতে মৃত্যুৰ পিছত মানুহৰ শৰীৰৰ আত্মা ১৩ দিন নিজৰ ঘৰতে থাকে। সেইবাবেই মৃত্যুৰ পিছত ১৩ দিনলৈ বহুতো ৰীতি-নীতি কৰা হয়। মৃতকৰ আত্মাৰ বাবে নিতৌ খাদ্য আগবঢ়োৱা হয়। পিণ্ডদান দিয়া হয়। আচলতে মৃত্যুৰ পিছত যমদুতসকলে লগে লগে আত্মাক লগত লৈ যমলোকলৈ যায়। য'ত তেওঁৰ কৰ্মৰ হিচাপ কৰা হয় আৰু তাৰ পিছত ২৪ ঘণ্টাৰ পাছত আত্মা পুনৰ নিজৰ ঘৰলৈ উভতি আহে। ইয়াৰ আঁৰৰ কাৰণ হ’ল তেওঁৰ পৰিয়ালৰ প্ৰতি থকা মোহ। আত্মাই নিজৰ আত্মীয়ৰ মাজত বিচৰণ কৰে, মাতি থাকে। কিন্তু যেতিয়া পৰিয়ালে তেওঁৰ মাত নুশুনে তেতিয়া তেওঁ অস্থিৰ হৈ পৰে।
এই সময়ত আত্মা ইমানেই দুৰ্বল হৈ পৰে যে ই ক’লৈকো যাত্ৰা কৰিব নোৱাৰে। তাৰ পিছত পৰিয়ালৰ লোকে পিণ্ডদান কৰে। তেৰ দিনত প্ৰয়োজনীয় ৰীতি-নীতি কৰে, যিয়ে আত্মাক শক্তি প্ৰদান কৰে আৰু ই অনন্তলোকলৈ যাত্ৰা কৰে। কেৱল এয়াই নহয়, পিণ্ডদানৰ সময়ত দিয়া খাদ্যই এবছৰৰ বাবে আত্মাক শক্তি প্ৰদান কৰে। সেইবাবেই পিণ্ডদানক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আনহাতে, যিসকল আত্মাৰ বাবে পিণ্ডদান কৰা নহয়, সেই আত্মাক ত্ৰয়োদশ দিনা যমদূতে যমলোকৰ ফালে টানি লৈ যায়। ইয়াৰ বাবেই মৃত ব্যক্তিজনৰ আত্মাই বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। আনহাতে যিসকলে বেয়া কৰ্ম কৰে, তেওঁলোকৰ আত্মাইও বহুত কষ্ট পায়।