--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰুড় পুৰাণত আত্মাৰ জন্মৰ পৰা মৃত্যুলৈকে আৰু তাৰ পিছৰ যাত্ৰাৰ বিষয়ে বহু কথা কোৱা হৈছে। ই এনে গোপনীয়তা উন্মোচন কৰে, যাৰ বিষয়ে জানিবলৈ বহু লোকৰ মনত কৌতুহল ৰৈ যায়। কেৱল এয়াই নহয়, মৃত্যুৰ লগত জড়িত ৰীতি-নীতি সম্পৰ্কেও গৰুড় পুৰাণত বহু নিয়ম দিয়া হৈছে, যাৰ দ্বাৰা মৃতকৰ আত্মাই শান্তি পায়, ভাল গতি পায়। আনহাতে, পূৰ্বপুৰুষৰ আশীৰ্বাদত ব্যক্তিজনৰ পৰিয়ালে যথেষ্ট উন্নতি, সুখ আৰু সমৃদ্ধি লাভ কৰে বুলিও গৰুড় পুৰাণত উল্লেখ আছে।

গৰুড় পুৰাণৰ মতে মৃত্যুৰ পিছত মানুহৰ শৰীৰৰ আত্মা ১৩ দিন নিজৰ ঘৰতে থাকে। সেইবাবেই মৃত্যুৰ পিছত ১৩ দিনলৈ বহুতো ৰীতি-নীতি কৰা হয়। মৃতকৰ আত্মাৰ বাবে নিতৌ খাদ্য আগবঢ়োৱা হয়। পিণ্ডদান দিয়া হয়। আচলতে মৃত্যুৰ পিছত যমদুতসকলে লগে লগে আত্মাক লগত লৈ যমলোকলৈ যায়। য'ত তেওঁৰ কৰ্মৰ হিচাপ কৰা হয় আৰু তাৰ পিছত ২৪ ঘণ্টাৰ পাছত আত্মা পুনৰ নিজৰ ঘৰলৈ উভতি আহে। ইয়াৰ আঁৰৰ কাৰণ হ’ল তেওঁৰ পৰিয়ালৰ প্ৰতি থকা মোহ। আত্মাই নিজৰ আত্মীয়ৰ মাজত বিচৰণ কৰে, মাতি থাকে। কিন্তু যেতিয়া পৰিয়ালে তেওঁৰ মাত নুশুনে তেতিয়া তেওঁ অস্থিৰ হৈ পৰে। 

এই সময়ত আত্মা ইমানেই দুৰ্বল হৈ পৰে যে ই ক’লৈকো যাত্ৰা কৰিব নোৱাৰে। তাৰ পিছত পৰিয়ালৰ লোকে পিণ্ডদান কৰে। তেৰ দিনত প্ৰয়োজনীয় ৰীতি-নীতি কৰে, যিয়ে আত্মাক শক্তি প্ৰদান কৰে আৰু ই অনন্তলোকলৈ যাত্ৰা কৰে। কেৱল এয়াই নহয়, পিণ্ডদানৰ সময়ত দিয়া খাদ্যই এবছৰৰ বাবে আত্মাক শক্তি প্ৰদান কৰে। সেইবাবেই পিণ্ডদানক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আনহাতে, যিসকল আত্মাৰ বাবে পিণ্ডদান কৰা নহয়, সেই আত্মাক ত্ৰয়োদশ দিনা যমদূতে যমলোকৰ ফালে টানি লৈ যায়। ইয়াৰ বাবেই মৃত ব্যক্তিজনৰ আত্মাই বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। আনহাতে যিসকলে বেয়া কৰ্ম কৰে, তেওঁলোকৰ আত্মাইও বহুত কষ্ট পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২