--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰটোত শিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীত উদযাপন কৰা হয়। এই দিনটো ভোলেনাথক উপাসনা কৰাৰ বিশেষ তাৎপৰ্য আছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত ভগৱান শিৱৰ ৰুদ্ৰঅভিষেক কৰিলে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ হয় আৰু তেওঁলোকৰ সকলো দুখ-কষ্ট দূৰ হয়। এই বছৰৰ মহাশিৱৰাত্ৰি ১ মাৰ্চ, ২০২২ তাৰিখে উদযাপন কৰা হ'ব। মহাশিৱৰাত্ৰি পূজা কৰি ঘৰৰ বাস্তু দোষো আঁতৰ কৰিব পাৰি। মহাশিৱৰাত্ৰিৰ দিনা কি ব্যৱস্থাৰে পূজা কৰিলে দূৰ কৰিব পাৰি বাস্তু দোষ- ১. বিশ্বাস কৰা হয় যে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগক অভিষিক্ত কৰা পানী লৈ 'ওম নমহ শম্ভৱেই চ ময়োভৱেই চ নমহ শংকৰাই চ' ( ' नमः शम्भवाय मयोभवाय नमः शंकराय ') মন্ত্ৰটো কৈ ঘৰত এই পানী ছটিয়াই দিব লাগে। ই ঘৰৰ নেতিবাচক শক্তি ধ্বংস কৰে আৰু ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি কৰে। ২. ঘৰত নিৰন্তৰ বিভেদ, ৰোগ বা অন্যান্য সমস্যা চলি থাকিলে সেইবোৰ আঁতৰ কৰিবলৈ ঘৰৰ উত্তৰ-পূব দিশত ৰুদ্ৰভিষেক কৰিলে সমস্যাবোৰৰ দূৰ হয়। ৩. ঘৰৰ বাস্তু দোষ আঁতৰাবলৈ মহাশিৱৰাত্ৰিৰ দিনা আপুনি ঘৰৰ পূব বা উত্তৰ-পশ্চিমত এডাল বেল গছ ৰোপণ কৰিলে উপকৃত হ'ব। এই গছত নিয়মীয়াকৈ পানী ঢালি থাকিব লাগে। মহাশিৱৰাত্ৰিৰ দিনা সন্ধিয়া সময়ত বেল গছৰ তলত ঘিউৰ চাকি জ্বলাওক। ৪. মহাশিৱৰাত্ৰিৰ দিনা ঘৰৰ উত্তৰ-পূব দিশত শিৱজীৰ পৰিয়ালৰ এখন ফটো ৰাখি পূজা-অৰ্চনা কৰিলে ঘৰৰ ক্লেশবোৰ আঁতৰ হোৱাৰ লগতে ই ঘৰত শান্তি বজাই ৰাখে আৰু পৰিয়ালৰ সদস্যসকলৰ মিলা-প্ৰীতি বৃদ্ধি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল