--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰটোত শিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীত উদযাপন কৰা হয়। এই দিনটো ভোলেনাথক উপাসনা কৰাৰ বিশেষ তাৎপৰ্য আছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত ভগৱান শিৱৰ ৰুদ্ৰঅভিষেক কৰিলে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ হয় আৰু তেওঁলোকৰ সকলো দুখ-কষ্ট দূৰ হয়। এই বছৰৰ মহাশিৱৰাত্ৰি ১ মাৰ্চ, ২০২২ তাৰিখে উদযাপন কৰা হ'ব। মহাশিৱৰাত্ৰি পূজা কৰি ঘৰৰ বাস্তু দোষো আঁতৰ কৰিব পাৰি। মহাশিৱৰাত্ৰিৰ দিনা কি ব্যৱস্থাৰে পূজা কৰিলে দূৰ কৰিব পাৰি বাস্তু দোষ- ১. বিশ্বাস কৰা হয় যে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগক অভিষিক্ত কৰা পানী লৈ 'ওম নমহ শম্ভৱেই চ ময়োভৱেই চ নমহ শংকৰাই চ' ( ' नमः शम्भवाय मयोभवाय नमः शंकराय ') মন্ত্ৰটো কৈ ঘৰত এই পানী ছটিয়াই দিব লাগে। ই ঘৰৰ নেতিবাচক শক্তি ধ্বংস কৰে আৰু ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি কৰে। ২. ঘৰত নিৰন্তৰ বিভেদ, ৰোগ বা অন্যান্য সমস্যা চলি থাকিলে সেইবোৰ আঁতৰ কৰিবলৈ ঘৰৰ উত্তৰ-পূব দিশত ৰুদ্ৰভিষেক কৰিলে সমস্যাবোৰৰ দূৰ হয়। ৩. ঘৰৰ বাস্তু দোষ আঁতৰাবলৈ মহাশিৱৰাত্ৰিৰ দিনা আপুনি ঘৰৰ পূব বা উত্তৰ-পশ্চিমত এডাল বেল গছ ৰোপণ কৰিলে উপকৃত হ'ব। এই গছত নিয়মীয়াকৈ পানী ঢালি থাকিব লাগে। মহাশিৱৰাত্ৰিৰ দিনা সন্ধিয়া সময়ত বেল গছৰ তলত ঘিউৰ চাকি জ্বলাওক। ৪. মহাশিৱৰাত্ৰিৰ দিনা ঘৰৰ উত্তৰ-পূব দিশত শিৱজীৰ পৰিয়ালৰ এখন ফটো ৰাখি পূজা-অৰ্চনা কৰিলে ঘৰৰ ক্লেশবোৰ আঁতৰ হোৱাৰ লগতে ই ঘৰত শান্তি বজাই ৰাখে আৰু পৰিয়ালৰ সদস্যসকলৰ মিলা-প্ৰীতি বৃদ্ধি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ