--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইয়ে মানুহক বহু বিধান দিছে৷ ঘৰত গেৰেজ সজাৰ ক্ষেত্ৰতো কেতবোৰ নিময় মানি চলাটো ভাল৷ ঘৰৰ দক্ষিণ-পশ্চিম দিশত গাড়ীখন কেতিয়াও ৰাখিব নালাগে। এই দিশটো হৈছে মাটি তত্ত্বৰ দিশ ৷
 
এই দিশটোৱে প্ৰেমৰ দিশকো প্ৰতিনিধিত্ব কৰে। এই দিশটোত গাড়ী ৰাখিলে ধাতু তত্ত্বই দিশটোৰ সৈতে বিক্ৰিয়া কৰিব। ইয়াৰ ফলত মানুহৰ মাজতপ্ৰেম-ভালপোৱাৰ ভাববোৰ বহু কমি যাব। যদি অতি প্ৰয়োজনত এই দিশত গেৰেজ নির্মাণ কৰিবলগীয়া হয় তেন্তে কেতবোৰ বিশেষ বিধি মানিব লাগিব। দক্ষিণ-পশ্চিম দিশত গেৰেজ স্থাপন কৰিব লাগিলে গেৰেজত এটা প্ৰাকৃতিক স্ফটিক ৰাখিব লাগে। গাড়ীৰ পৰা নিৰ্গত হোৱা ধাতুৰ নেতিবাচক শক্তিখিনি নিষ্ক্ৰিয় কৰিবলৈ পানীৰ কোনো আধাৰ ৰাখিব লাগে। তদুপৰি দক্ষিণ-পশ্চিম দিশত এযোৰ মেণ্ডেলিন হাঁহৰ মূৰ্তি ৰাখিও দোষ নিবাৰণ কৰিব পাৰি ।

দক্ষিণ-পূব দিশতো গেৰেজ পৰাপক্ষত নিৰ্মাণ কৰিব নালাগে। দক্ষিণ-পূব দিশটো হৈছে কাঠ তত্ত্বৰ দিশ । কাঠৰ সৈতে ধাতুৰ সদায় সংঘৰ্ষ লাগি থাকে। কাৰণ ধাতুৰ জৰিয়তেই কাঠ কটা হয়। সেইবাবে কাঠৰ দিশ দক্ষিণ-পূব দিশত গেৰেজ নিৰ্মাণ নকৰাই ভাল। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অথবা গাড়ী ৰাখিলে পৰিয়ালৰ বিভিন্ন ধৰণৰ ক্ষতি হোৱাৰ আশংকা থাকে।

উত্তৰ-পূব দিশতো পৰাপক্ষত গেৰেজ সাজিব নালাগে। উত্তৰ-পূব দিশটো হৈছে মাটি তত্ত্বৰ দিশ । তদুপৰি এই দিশটোৱে লোক এজনৰ জ্ঞান তথা বুদ্ধিৰ বিকাশৰ দিশকো বুজায়। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে ঘৰৰ শিক্ষাৰ্থীসকলৰ জ্ঞান অর্জনত বাধাৰ সৃষ্টি হ'ব পাৰে। যদি উপায় নথকা অৱস্থাত এই দিশত গেৰেজ সাজিবলগীয়া হয় তেন্তে সেই দিশটোত স্ফটিক জাতীয় পদাৰ্থ আঁৰি থ'ব লাগে ।

দক্ষিণ দিশতো পৰাপক্ষত গেৰেজ নিৰ্মাণ নকৰাই ভাল। দক্ষিণ দিশৰ তত্ত্ব অর্থাৎ উপাদান হৈছে অগ্নি। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অগ্নিৰ সৈতে ধাতু তত্ত্বৰ বিপৰীতমুখী ক্ৰিয়া কৰিব। ফলত গেৰেজত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ আশংকা থাকে। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰা হয় তেন্তে প্ৰায়ে গাড়ী বেয়া হৈ থাকিব। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰিবলগীয়া হয় তেন্তে গাড়ীখনৰ ৰং ৰঙা হ'লে কিছু সমস্যাৰ পৰা মুক্ত হৈ থাকিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ