--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাড়ী থবলৈ ব্যৱহাৰ কৰা গেৰেজ বাস্তুৰ দিশ অনুসৰি নিৰ্মাণ কৰিলে সুফল পোৱা যায়। দক্ষিণ-পশ্চিম দিশত গাড়ীখন কেতিয়াও ৰাখিব নালাগে। এই দিশটো হৈছে মাটি তত্ত্বৰ দিশ। এই দিশটোৱে প্ৰেমৰ দিশকো প্রতিনিধিত্ব কৰে। এই দিশটোত গাড়ী ৰাখিলে ধাতু তত্ত্বই দিশটোৰ সৈতে বিক্ৰিয়া কৰিব। ইয়াৰ ফলত মানুহৰ মাজত প্ৰেম-ভালপোৱাৰ ভাববোৰ বহু কমি যাব পাৰে অতি প্রয়োজনত এই দিশত যদি গেৰেজ  নির্মাণ কৰিবলগীয়া হয় তেন্তে কেতবোৰ বিশেষ নিধি মানিব লাগিব।

দক্ষিণ-পশ্চিম দিশত গেৰেজ স্থাপন কৰিব লাগিলে গেৰেজত এটা প্রাকৃতিক স্ফটিক ৰাখিব লাগিব। গাড়ীৰ পৰা নিৰ্গত হোৱা ধাতুৰ নেতিবাচক শক্তিখিনি নিষ্ক্রিয় কৰিবলৈ পানীৰ কোনো পাত্ৰ ৰাখিব লাগে। তদুপৰি দক্ষিণ-পশ্চিম দিশত এযোৰ মেণ্ডেৰিণ হাঁহৰ মূৰ্তি ৰাখিও দোষ নিবাৰণ কৰিব পাৰি।

দক্ষিণ-পূব দিশতো গেৰেজ পৰাপক্ষত নিৰ্মাণ কৰিব নালাগে। দক্ষিণ-পূব দিশটো হৈছে কাঠ তত্বৰ দিশ। কাঠৰ সৈতে ধাতুৰ সদায় সংঘৰ্ষ লাগি থাকে। কাৰণ ধাতুৰ জৰিয়তেই কাঠ কটা হয়। সেইবাবে কাঠৰ দিশ দক্ষিণ-পূব দিশত গেৰেজ নিৰ্মাণ নকৰিলেই ভাল। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অথবা গাড়ী ৰাখিলে পৰিয়ালৰ বিভিন্ন ধৰণৰ ক্ষতি হোৱাৰ আশংকা থাকে।

উত্তৰ-পূব দিশতো পৰাপক্ষত গেৰেজ সাজিব নালাগে। উত্তৰ-পূব দিশটো হৈছে মাটি তত্ত্বৰ দিশ। তদুপৰি এই দিশটোৱে লোক এজনৰ জ্ঞান তথা বুদ্ধিৰ বিকাশৰ দিশকো বুজায়। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে ঘৰৰ শিক্ষাৰ্থীসকলৰ জ্ঞান অর্জনত বাধাৰ সৃষ্টি হ'ব পাৰে। যদি উপায় নথকা অৱস্থাত এই দিশত গেৰেজ সাজিবলগীয়া হয় তেন্তে সেই দিশটোত স্ফটিক জাতীয় পদার্থ আঁৰি থ'ব লাগে।

দক্ষিণ দিশতো পৰাপক্ষত গেৰেজ নিৰ্মাণ নকৰাই ভাল। দক্ষিণ দিশৰ তত্ত্ব অর্থাৎ উপাদান হৈছে অগ্নি। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অগ্নিৰ সৈতে ধাতু তত্ত্বৰ বিপৰীতমুখী ক্ৰিয়া কৰিব। ফলত গেৰেজত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ আশংকা থাকে। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰা হয় তেন্তে প্ৰায়ে গাড়ী বেয়া হৈ থাকিব পাৰে। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰিবলগীয়া হয় তেন্তে গাড়ীখনৰ ৰং ৰঙা হ'লে কিছু সমস্যাৰ পৰা মুক্ত হৈ থাকিব পৰা যাব।

পূব দিশত গেৰেজ নিৰ্মাণ কৰিলে কেতবোৰ নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ'ব পাৰে। পূব দিশৰ উপাদান হৈছে কাঠ। এই দিশটোৱে মানুহৰ সুস্বাস্থ্যৰ দিশটোও নিৰ্ধাৰণ কৰে। গাড়ীৰ ধাতু তত্ত্বই পূব দিশৰ কাঠ তত্ত্বৰ সৈতে ক্ৰিয়া কৰাৰ ফলত নেতিবাচক প্ৰভাৱ পৰে। ফলত এই দিশত গেৰেজ নিৰ্মাণ কৰিলে পৰিয়ালৰ লোকসকলৰ স্বাস্থ্য হানি ঘটাৰ আশংকা থাকে। এই দিশত গেৰেজ নিৰ্মাণ কৰিবলগীয়া হ'লে দিশটোত পানীৰ পাত্ৰ আদি ৰাখিব লাগে। পানীয়ে গাড়ীৰ পৰা নিৰ্গত হোৱা ধাতু শক্তি নিষ্ক্রিয় কৰিব। পূব দিশত স্থাপন কৰা গেৰেজত সেউজীয়া বা নীলা ৰঙৰ গাড়ী ৰাখিলে ভাল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু