--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাড়ী-মটৰ থকা লোকসকলৰ সৰুকৈ হ’লেও গেৰেজ এটা থাকেই। কিন্তু ঘৰৰ যিকোনো দিশতে গেৰেজ সজাটো উচিত নহয়। এইক্ষেত্ৰত ফেংছুইয়ে কেতবোৰ বিশেষ কথা উল্লেখ কৰিছে। ফেংছুইৰ মতে দক্ষিণ-পশ্চিম দিশত গাড়ীখন কেতিয়াও ৰাখিব নালাগে। এই দিশটো হৈছে মাটি তত্ত্বৰ দিশ 
 
এই দিশটোৱে প্ৰেমৰ দিশকো প্ৰতিনিধিত্ব কৰে। এই দিশটোত গাড়ী ৰাখিলে ধাতু তত্ত্বই দিশটোৰ সৈতে বিক্ৰিয়া কৰিব। ইয়াৰ ফলত মানুহৰ মাজতপ্ৰেম-ভালপোৱাৰ ভাববোৰ বহু কমি যাব। যদি অতি প্ৰয়োজনত এই দিশত গেৰেজ নির্মাণ কৰিবলগীয়া হয় তেন্তে কেতবোৰ বিশেষ বিধি মানিব লাগিব। দক্ষিণ-পশ্চিম দিশত গেৰেজ স্থাপন কৰিব লাগিলে গেৰেজত এটা প্ৰাকৃতিক স্ফটিক ৰাখিব লাগে। গাড়ীৰ পৰা নিৰ্গত হোৱা ধাতুৰ নেতিবাচক শক্তিখিনি নিষ্ক্ৰিয় কৰিবলৈ পানীৰ কোনো আধাৰ ৰাখিব লাগে। তদুপৰি দক্ষিণ-পশ্চিম দিশত এযোৰ মেণ্ডেলিন হাঁহৰ মূৰ্তি ৰাখিও দোষ নিবাৰণ কৰিব পাৰি ।

দক্ষিণ-পূব দিশতো গেৰেজ পৰাপক্ষত নিৰ্মাণ কৰিব নালাগে। দক্ষিণ-পূব দিশটো হৈছে কাঠ তত্ত্বৰ দিশ । কাঠৰ সৈতে ধাতুৰ সদায় সংঘৰ্ষ লাগি থাকে। কাৰণ ধাতুৰ জৰিয়তেই কাঠ কটা হয়। সেইবাবে কাঠৰ দিশ দক্ষিণ-পূব দিশত গেৰেজ নিৰ্মাণ নকৰাই ভাল। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অথবা গাড়ী ৰাখিলে পৰিয়ালৰ বিভিন্ন ধৰণৰ ক্ষতি হোৱাৰ আশংকা থাকে।

উত্তৰ-পূব দিশতো পৰাপক্ষত গেৰেজ সাজিব নালাগে। উত্তৰ-পূব দিশটো হৈছে মাটি তত্ত্বৰ দিশ । তদুপৰি এই দিশটোৱে লোক এজনৰ জ্ঞান তথা বুদ্ধিৰ বিকাশৰ দিশকো বুজায়। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে ঘৰৰ শিক্ষাৰ্থীসকলৰ জ্ঞান অর্জনত বাধাৰ সৃষ্টি হ'ব পাৰে। যদি উপায় নথকা অৱস্থাত এই দিশত গেজে সাজিবলগীয়া হয় তেন্তে সেই দিশটোত স্ফটিক জাতীয় পদাৰ্থ আঁৰি থ'ব লাগে ।

দক্ষিণ দিশতো পৰাপক্ষত গেৰেজ নিৰ্মাণ নকৰাই ভাল। দক্ষিণ দিশৰ তত্ত্ব অর্থাৎ উপাদান হৈছে অগ্নি। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অগ্নিৰ সৈতে ধাতু তত্ত্বৰ বিপৰীতমুখী ক্ৰিয়া কৰিব। ফলত গেৰেজত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ আশংকা থাকে। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰা হয় তেন্তে প্ৰায়ে গাড়ী বেয়া হৈ থাকিব। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰিবলগীয়া হয় তেন্তে গাড়ীখনৰ ৰং ৰঙা হ'লে কিছু সমস্যাৰ পৰা মুক্ত হৈ থাকিব পৰা যাব।

পূব দিশত গেৰেজ নিৰ্মাণ কৰিলে কেতবোৰ নেতিবাচক প্ৰভাৱৰ সম্মুখীন হ'ব পাৰে। পূব দিশৰ উপাদান হৈছে কাঠ। এই দিশটোৱে মানুহৰ সুস্বাস্থ্যৰ দিশটোও নিৰ্ধাৰণ কৰে। গাড়ীৰ ধাতু তত্ত্বই পূব দিশৰ কাঠ তত্ত্বৰ সৈতে ক্ৰিয়া কৰাৰ ফলত নেতিবাচক প্ৰভাৱ পৰে। ফলত এই দিশত গেৰেজ নিৰ্মাণ কৰিলে পৰিয়ালৰ লোকসকলৰ স্বাস্থ্য হানি ঘটাৰ আশংকা থাকে। এই দিশত গেৰেজ নিৰ্মাণ কৰিবলগীয়া হ'লে দিশটোত পানীৰ পাত্ৰ আদি ৰাখিব লাগে । পানীয়ে গাড়ীৰ পৰা নিৰ্গত হোৱা ধাতু শক্তি নিষ্ক্রিয় কৰিব। পূব দিশত স্থাপন কৰা গেৰেজত সেউজীয়া বা নীলা ৰঙৰ গাড়ী ৰাখিলে ভাল।( এয়া ফেংছুইৰ বিধানহে, ইয়াত আমাৰ নিজস্ব মত প্ৰকাশ পোৱা নাই।)












FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
শাসক লেবাৰ পাৰ্টিৰ ৰাজনৈতিক বিপর্যয়, গাদী হেৰুৱাব পাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই