--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ কোঠাৰ সংখ্যা যুগ্ম নে অযুগ্ম হ’ব লাগে? ঘৰৰ কোঠাৰ সংখ্যাৰ ক্ষেত্ৰত  বাস্তুশাস্তৰই নানান বিধান দিছে। ঘৰত কমেও তিনিটা কোঠা থকাটো ভাল ঘৰত থকা কোঠাৰ সংখ্যা সদায় অযুগ্ম হ'ব লাগে। ঘৰ নিৰ্মাণৰ পূৰ্বে ভূমি পূজনৰ পিছত নিৰ্মাণৰ কামত হাত দিব লাগে। এই ক্ষেত্ৰত ভূমি খননৰ কেতবোৰ নিয়ম বাস্তুশাস্ত্রই বান্ধি দিছে। বাস্তুশাস্ত্র অনুসৰি ঘৰ নিৰ্মাণৰ বাবে প্ৰথমে ভূমিৰ উত্তৰ পূব অংশত খনন কৰিব লাগে। তাৰ পিছত উত্তৰ-পশ্চিম, দক্ষিণ-পূব আৰু শেষত দক্ষিণ-পশ্চিম অংশ খনন কৰিব লাগে। 

ঘৰ এটা নিৰ্মাণ কৰা সময়ত সদায় দক্ষিণ-পূব অংশৰ পৰা ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিলে ভাল। ঘৰৰ পূব আৰু উত্তৰ দিশে যাতে কিছু খোলা ঠাই থাকে, সেই কথাৰ প্ৰতি মন দিব লাগে। ভূমিক আৱৰি ৰাখিবলৈ চাৰিওদিশে দেৱাল দিব লাগে। সেই দেৱালৰ উচ্চতা ঘৰৰ উচ্চতাৰ সৈতে সামঞ্জস্য ৰাখি কৰিব লাগে। ঘৰৰ দেৱাল দিয়াৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নিয়ম মানি চলিব লাগে। বিশেষকৈ পশ্চিম দিশৰ দেৱাল পূব দিশৰ দেৱালতকৈ ওখ হ'ব লাগে। দেৱালত থকা প্ৰৱেশ দুৱাৰ নিৰ্মাণৰ ক্ষেত্ৰতো বাস্তু শাস্ত্ৰই কেতবোৰ নিয়ম বান্ধি দিছে। মাটি যদি পূবমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিব লাগে উত্তৰ-পূব দিশৰ পূব পিনে। 

মাটি যদি পশ্চিমমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ উত্তৰ-পশ্চিম দিশৰ  পশ্চিম পিনে সাজিব লাগে। মাটি ত যদি দক্ষিণমুৱা হয় তেন্তে সীমাৰ দেৱালৰ দুৱাৰ দক্ষিণ-পূব দিশৰ দক্ষিণ পিনে সাজিব লাগে। কেতিয়াও সীমাৰ দেৱাল দক্ষিণ-পূবৰ পূব দিশ, দক্ষিণ পশ্চিমৰ পশ্চিম দিশ, উত্তৰ-পশ্চিমৰ উত্তৰ দিশ আৰু দক্ষিণ দিশে প্রৱেশ দুৱাৰ নিৰ্মাণ কৰিব নালাগে। এনেবোৰ দিশত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহকন্দল অনবৰতে চলি থাকিব। মাটি এডোখৰৰ মধ্যস্থলক ব্ৰহ্মস্থল বুলি কোৱা হয়। এই ব্ৰহ্মস্থল সদায় সুৰক্ষিত কৰি ৰাখিব লাগে। ব্ৰহ্মস্থলত কোনো ওজনযুক্ত বন্ধ ৰাখিব নালাগে। তদুপৰি ব্ৰহ্মস্থলত কোনোধৰণৰ দেৱাল, স্তম্ভ আদি সাজিব নালাগে। ঘৰৰ বাৰাণ্ডা আদি নিৰ্মাণৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব অধিক। ঘৰৰ বাৰাণ্ডা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সদায় উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী