--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ কোঠাৰ সংখ্যা যুগ্ম নে অযুগ্ম হ’ব লাগে? ঘৰৰ কোঠাৰ সংখ্যাৰ ক্ষেত্ৰত  বাস্তুশাস্তৰই নানান বিধান দিছে। ঘৰত কমেও তিনিটা কোঠা থকাটো ভাল ঘৰত থকা কোঠাৰ সংখ্যা সদায় অযুগ্ম হ'ব লাগে। ঘৰ নিৰ্মাণৰ পূৰ্বে ভূমি পূজনৰ পিছত নিৰ্মাণৰ কামত হাত দিব লাগে। এই ক্ষেত্ৰত ভূমি খননৰ কেতবোৰ নিয়ম বাস্তুশাস্ত্রই বান্ধি দিছে। বাস্তুশাস্ত্র অনুসৰি ঘৰ নিৰ্মাণৰ বাবে প্ৰথমে ভূমিৰ উত্তৰ পূব অংশত খনন কৰিব লাগে। তাৰ পিছত উত্তৰ-পশ্চিম, দক্ষিণ-পূব আৰু শেষত দক্ষিণ-পশ্চিম অংশ খনন কৰিব লাগে। 

ঘৰ এটা নিৰ্মাণ কৰা সময়ত সদায় দক্ষিণ-পূব অংশৰ পৰা ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিলে ভাল। ঘৰৰ পূব আৰু উত্তৰ দিশে যাতে কিছু খোলা ঠাই থাকে, সেই কথাৰ প্ৰতি মন দিব লাগে। ভূমিক আৱৰি ৰাখিবলৈ চাৰিওদিশে দেৱাল দিব লাগে। সেই দেৱালৰ উচ্চতা ঘৰৰ উচ্চতাৰ সৈতে সামঞ্জস্য ৰাখি কৰিব লাগে। ঘৰৰ দেৱাল দিয়াৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নিয়ম মানি চলিব লাগে। বিশেষকৈ পশ্চিম দিশৰ দেৱাল পূব দিশৰ দেৱালতকৈ ওখ হ'ব লাগে। দেৱালত থকা প্ৰৱেশ দুৱাৰ নিৰ্মাণৰ ক্ষেত্ৰতো বাস্তু শাস্ত্ৰই কেতবোৰ নিয়ম বান্ধি দিছে। মাটি যদি পূবমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিব লাগে উত্তৰ-পূব দিশৰ পূব পিনে। 

মাটি যদি পশ্চিমমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ উত্তৰ-পশ্চিম দিশৰ  পশ্চিম পিনে সাজিব লাগে। মাটি ত যদি দক্ষিণমুৱা হয় তেন্তে সীমাৰ দেৱালৰ দুৱাৰ দক্ষিণ-পূব দিশৰ দক্ষিণ পিনে সাজিব লাগে। কেতিয়াও সীমাৰ দেৱাল দক্ষিণ-পূবৰ পূব দিশ, দক্ষিণ পশ্চিমৰ পশ্চিম দিশ, উত্তৰ-পশ্চিমৰ উত্তৰ দিশ আৰু দক্ষিণ দিশে প্রৱেশ দুৱাৰ নিৰ্মাণ কৰিব নালাগে। এনেবোৰ দিশত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহকন্দল অনবৰতে চলি থাকিব। মাটি এডোখৰৰ মধ্যস্থলক ব্ৰহ্মস্থল বুলি কোৱা হয়। এই ব্ৰহ্মস্থল সদায় সুৰক্ষিত কৰি ৰাখিব লাগে। ব্ৰহ্মস্থলত কোনো ওজনযুক্ত বন্ধ ৰাখিব নালাগে। তদুপৰি ব্ৰহ্মস্থলত কোনোধৰণৰ দেৱাল, স্তম্ভ আদি সাজিব নালাগে। ঘৰৰ বাৰাণ্ডা আদি নিৰ্মাণৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব অধিক। ঘৰৰ বাৰাণ্ডা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সদায় উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু