--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ সম্বন্ধ প্ৰাচীন সময়ৰ পৰাই বিদ্যমান। মানুহৰ জীৱনত সকলো গ্ৰহৰ শুভ-অশুভৰ প্ৰভাৱ থাকে বুলি জ্যোতিষ শাস্ত্ৰই ক’ব খোজে৷ 

ঘৰ এটাৰ আকৰ্ষণ শক্তিৰ প্ৰভাৱ কেৱল মানুহৰ ওপৰতে নহয় , নিৰ্জীৱ সামগ্ৰীতো পৰিব পাৰে। সেইবাবে ঘৰ এটা বনোৱাৰ পূৰ্বে আমি বাস্তু শাস্ত্ৰৰ জ্ঞান লোৱাৰ অতি প্ৰয়োজন। ঘৰখনৰ স্থিতি অনুকূল বা প্ৰতিকূল হ’লে মানুহে সেই অনুসৰি সুখ বা দুখ ভোগ কৰে। 

বাস্তু বিধি অনুসৰি ৮ টা দিশ আছে আৰু প্ৰত্যেকটো দিশ একোটা নিশ্চিত গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে। গতিকে এই গ্ৰহৰ দ্বাৰা ঘৰৰ গৰাকী তথা তেওঁৰ পৰিয়ালৰ সদস্যৰ ওপৰত প্ৰভাৱ পৰে। দিশ কেইটিৰ পৰা ঘৰখনত পৰা প্ৰভাৱৰ বিষয়ে জানো আহক-

১) সূৰ্য: ঘৰৰ প্ৰৱেশদ্বাৰ যদি পূব দিশত হয়, তেনেহ’লে এই ভৱনত সূৰ্যৰ আধিপত্য থাকে। তেজস্বিতা সূৰ্যৰ স্বভাৱ। সেইবাবে পৰিয়ালত ইয়াৰ প্ৰভাৱ পৰা স্বাভাৱিক। ঘৰৰ মুখ্য দুৱাৰ পূব ফালে হ’লে সেই ঘৰৰ সকলো লোক শ্ৰেষ্ঠ ব্যক্তিত্বৰ আৰু সমৃদ্ধিশালী হয়।

২) চন্দ্ৰ: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি বায়ব্য দিশত হয়, তেনেহ’লে এনে ঘৰত চন্দ্ৰৰ আধিপত্য থাকে।

৩) মংগল: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি দক্ষিণৰ দিশত হয়, তেনেহ’লে সেই ঘৰৰ স্বামীৰ মংগল হয়।

৪) বুধঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি উত্তৰ দিশত থাকে , তেনেহ’লে সেই ঘৰত বুধৰ আধিপত্য বিৰাজমান হয়। বুধে নিজৰ প্ৰভাৱৰ দ্বাৰা গৃহস্বামীৰ ব্যক্তিত্বত বুদ্ধি-চাতুৰ্যৰ সমাহাৰ ঘটায়।

৫) বৃহস্পতি: ঘৰৰ প্ৰৱেশ দুৱাৰ ঈশান দিশত হ’লে সেই ঘৰত বৃহস্পতিৰ আধিপত্য থাকে। এনে ঘৰৰ মুখ্য ব্যক্তিজন দয়ালু , ধাৰ্মিক তথা বিচাৰশীল প্ৰকৃতিৰ হয়। আৱশ্যক হ’লে সাহসী হোৱাও দেখা যায়।

৬) শুক্ৰ: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ আগ্নেয় দিশত হ’লে, সেই ঘৰত শুক্ৰৰ আধিপত্য থাকে। এনেকুৱা ঘৰৰ মুখ্য ব্যক্তিজন বিলাসী হয়।

৭) শনি: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মূল দুৱাৰ পশ্চিম দিশত থাকিলে, সেই ঘৰত শনিৰ প্ৰভাৱ থাকে। শনিৰ স্বভাৱৰ ফলস্বৰূপে ঘৰৰ মুখ্য ব্যক্তিজনৰ গম্ভীৰতা তথা বিচাৰশীলতা গুণৰ সমাৱেশ ঘটে। এনে ঘৰৰ ব্যক্তিয়ে যিকোনো কাৰ্যত হাত দিয়াৰ আগতে গভীৰভাৱে চিন্তা কৰি আগবাঢ়ে।

৮) ৰাহু: ঘৰৰ প্ৰৱেশদ্বাৰ বা মুখ্য দুৱাৰ নৈঋত দিশত হ’লে সেই ঘৰৰ অধিপতি ৰাহু হয়। এনে ঘৰৰ লোক তামসিক অৰ্থাৎ অহংকাৰী তথা ধূৰ্ত হয়। এওঁলোক খঙাল প্ৰকৃতিৰ হোৱা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক