--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰৰ সম্বন্ধ প্ৰাচীনকালৰ পৰাই অংগাংগী৷  মানৱ জীৱনত গ্ৰহ-নক্ষত্ৰৰ শুভ-অশুভ প্ৰভাৱ থাকে বুলি জ্যোতিষ শাস্ত্ৰই ক’ব খোজে৷ আপোনাৰ ঘৰটোৰ সন্মোহনী শক্তিৰ প্ৰভাৱ কেৱল মানুহৰ ওপৰতে নহয়, জড় সামগ্ৰীতো পৰিব পাৰে। সেইবাবে ঘৰ এটা বনোৱাৰ পূৰ্বে বাস্তু শাস্ত্ৰৰ বিধি জানি লোৱাটো অতি প্ৰয়োজন।

ঘৰখনৰ স্থিতি অনুকূল বা প্ৰতিকূল হ’লে মানুহে সেই অনুসৰি সুখ বা দুখ ভোগ কৰিবলগীয়া হয়৷ বাস্তু বিধি অনুসৰি ৮টা দিশ আছে আৰু প্ৰত্যেকটো দিশ একোটা নিশ্চিত গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে। গতিকে এই গ্ৰহৰ দ্বাৰা ঘৰৰ গৰাকী তথা তেওঁৰ পৰিয়ালৰ সদস্যৰ ওপৰত প্ৰভাৱ পৰে। দিশ কেইটিৰ পৰা ঘৰখনত পৰা প্ৰভাৱৰ বিষয়ে জানো আহক—

১) সূৰ্য: ঘৰৰ প্ৰৱেশদ্বাৰ যদি পূব দিশত হয়, তেনেহ’লে এই ভৱনত সূৰ্যৰ আধিপত্য থাকে। তেজস্বিতা সূৰ্যৰ স্বভাৱ। সেইবাবে পৰিয়ালত ইয়াৰ প্ৰভাৱ পৰা স্বাভাৱিক। ঘৰৰ মুখ্য দুৱাৰ পূব ফালে হ’লে সেই ঘৰৰ সকলো লোক শ্ৰেষ্ঠ ব্যক্তিত্বৰ আৰু সমৃদ্ধিশালী হয়।

২) চন্দ্ৰ: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি বায়ব্য দিশত হয়, তেনেহ’লে এনে ঘৰত চন্দ্ৰৰ আধিপত্য থাকে।

৩) মংগল: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি দক্ষিণৰ দিশত হয়, তেনেহ’লে সেই ঘৰৰ স্বামীৰ মংগল হয়।

৪) বুধঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি উত্তৰ দিশত থাকে , তেনেহ’লে সেই ঘৰত বুধৰ আধিপত্য বিৰাজমান হয়। বুধে নিজৰ প্ৰভাৱৰ দ্বাৰা গৃহস্বামীৰ ব্যক্তিত্বত বুদ্ধি-চাতুৰ্যৰ সমাহাৰ ঘটায়।

৫) বৃহস্পতি: ঘৰৰ প্ৰৱেশ দুৱাৰ ঈশান দিশত হ’লে সেই ঘৰত বৃহস্পতিৰ আধিপত্য থাকে। এনে ঘৰৰ মুখ্য ব্যক্তিজন দয়ালু , ধাৰ্মিক তথা বিচাৰশীল প্ৰকৃতিৰ হয়। আৱশ্যক হ’লে সাহসী হোৱাও দেখা যায়।

৬) শুক্ৰ: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ আগ্নেয় দিশত হ’লে, সেই ঘৰত শুক্ৰৰ আধিপত্য থাকে। এনেকুৱা ঘৰৰ মুখ্য ব্যক্তিজন বিলাসী হয়।

৭) শনি: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মূল দুৱাৰ পশ্চিম দিশত থাকিলে, সেই ঘৰত শনিৰ প্ৰভাৱ থাকে। শনিৰ স্বভাৱৰ ফলস্বৰূপে ঘৰৰ মুখ্য ব্যক্তিজনৰ গম্ভীৰতা তথা বিচাৰশীলতা গুণৰ সমাৱেশ ঘটে। এনে ঘৰৰ ব্যক্তিয়ে যিকোনো কাৰ্যত হাত দিয়াৰ আগতে গভীৰভাৱে চিন্তা কৰি আগবাঢ়ে।

৮) ৰাহু: ঘৰৰ প্ৰৱেশদ্বাৰ বা মুখ্য দুৱাৰ নৈঋত দিশত হ’লে সেই ঘৰৰ অধিপতি ৰাহু হয়। এনে ঘৰৰ লোক তামসিক অৰ্থাৎ অহংকাৰী তথা ধূৰ্ত হয়। এওঁলোক খঙাল প্ৰকৃতিৰ হোৱা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ