--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰৰ সম্বন্ধ প্ৰাচীনকালৰ পৰাই অংগাংগী৷  মানৱ জীৱনত গ্ৰহ-নক্ষত্ৰৰ শুভ-অশুভ প্ৰভাৱ থাকে বুলি জ্যোতিষ শাস্ত্ৰই ক’ব খোজে৷ আপোনাৰ ঘৰটোৰ সন্মোহনী শক্তিৰ প্ৰভাৱ কেৱল মানুহৰ ওপৰতে নহয়, জড় সামগ্ৰীতো পৰিব পাৰে। সেইবাবে ঘৰ এটা বনোৱাৰ পূৰ্বে বাস্তু শাস্ত্ৰৰ বিধি জানি লোৱাটো অতি প্ৰয়োজন।

ঘৰখনৰ স্থিতি অনুকূল বা প্ৰতিকূল হ’লে মানুহে সেই অনুসৰি সুখ বা দুখ ভোগ কৰিবলগীয়া হয়৷ বাস্তু বিধি অনুসৰি ৮টা দিশ আছে আৰু প্ৰত্যেকটো দিশ একোটা নিশ্চিত গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে। গতিকে এই গ্ৰহৰ দ্বাৰা ঘৰৰ গৰাকী তথা তেওঁৰ পৰিয়ালৰ সদস্যৰ ওপৰত প্ৰভাৱ পৰে। দিশ কেইটিৰ পৰা ঘৰখনত পৰা প্ৰভাৱৰ বিষয়ে জানো আহক—

১) সূৰ্য: ঘৰৰ প্ৰৱেশদ্বাৰ যদি পূব দিশত হয়, তেনেহ’লে এই ভৱনত সূৰ্যৰ আধিপত্য থাকে। তেজস্বিতা সূৰ্যৰ স্বভাৱ। সেইবাবে পৰিয়ালত ইয়াৰ প্ৰভাৱ পৰা স্বাভাৱিক। ঘৰৰ মুখ্য দুৱাৰ পূব ফালে হ’লে সেই ঘৰৰ সকলো লোক শ্ৰেষ্ঠ ব্যক্তিত্বৰ আৰু সমৃদ্ধিশালী হয়।

২) চন্দ্ৰ: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি বায়ব্য দিশত হয়, তেনেহ’লে এনে ঘৰত চন্দ্ৰৰ আধিপত্য থাকে।

৩) মংগল: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি দক্ষিণৰ দিশত হয়, তেনেহ’লে সেই ঘৰৰ স্বামীৰ মংগল হয়।

৪) বুধঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি উত্তৰ দিশত থাকে , তেনেহ’লে সেই ঘৰত বুধৰ আধিপত্য বিৰাজমান হয়। বুধে নিজৰ প্ৰভাৱৰ দ্বাৰা গৃহস্বামীৰ ব্যক্তিত্বত বুদ্ধি-চাতুৰ্যৰ সমাহাৰ ঘটায়।

৫) বৃহস্পতি: ঘৰৰ প্ৰৱেশ দুৱাৰ ঈশান দিশত হ’লে সেই ঘৰত বৃহস্পতিৰ আধিপত্য থাকে। এনে ঘৰৰ মুখ্য ব্যক্তিজন দয়ালু , ধাৰ্মিক তথা বিচাৰশীল প্ৰকৃতিৰ হয়। আৱশ্যক হ’লে সাহসী হোৱাও দেখা যায়।

৬) শুক্ৰ: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ আগ্নেয় দিশত হ’লে, সেই ঘৰত শুক্ৰৰ আধিপত্য থাকে। এনেকুৱা ঘৰৰ মুখ্য ব্যক্তিজন বিলাসী হয়।

৭) শনি: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মূল দুৱাৰ পশ্চিম দিশত থাকিলে, সেই ঘৰত শনিৰ প্ৰভাৱ থাকে। শনিৰ স্বভাৱৰ ফলস্বৰূপে ঘৰৰ মুখ্য ব্যক্তিজনৰ গম্ভীৰতা তথা বিচাৰশীলতা গুণৰ সমাৱেশ ঘটে। এনে ঘৰৰ ব্যক্তিয়ে যিকোনো কাৰ্যত হাত দিয়াৰ আগতে গভীৰভাৱে চিন্তা কৰি আগবাঢ়ে।

৮) ৰাহু: ঘৰৰ প্ৰৱেশদ্বাৰ বা মুখ্য দুৱাৰ নৈঋত দিশত হ’লে সেই ঘৰৰ অধিপতি ৰাহু হয়। এনে ঘৰৰ লোক তামসিক অৰ্থাৎ অহংকাৰী তথা ধূৰ্ত হয়। এওঁলোক খঙাল প্ৰকৃতিৰ হোৱা দেখা যায়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'শিক্ষাসেতু' এপত ২৫ সহস্রাধিক শিক্ষকৰ অনুপস্থিতি কেনেকৈ সম্ভৱ?
অসমৰ ভূমিত জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ নগাৰ
কানাডাত ভূমিকম্পৰ আশংকা! ১২ হাজাৰ বছৰৰ পিছত জাগ্ৰত হোৱাৰ লক্ষণ ইউকন ফল্ট
বিশ্বনাথত নৱ বিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
ৰাতিপুৱা স্কুললৈ গৈছিল... কিন্তু ঘূৰি নাহিল বিট্টু ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পিতৃৰ
মাটিবাৰী সংক্ৰান্তীয় কন্দলৰ ভয়ংকৰ পৰিণতি!  এগৰাকী মহিলাক চুলিত ধৰি টানি চোঁচৰাই গুৰুলাগুৰুলকৈ প্ৰহাৰ আত্মীয়ৰ
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
ট্রাম্পৰ শুল্কযুদ্ধই কঁপাইছে দেশ, ৰাছিয়াকো সমালোচনা
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ঘাইপথত হঠাতে ব্ৰেক মৰাটো অমনোযোগিতাৰ পৰিচায়ক! পথ দুর্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য
টি চি এছৰ কৰ্মচাৰী চাটাইৰ সিদ্ধান্তৰ পাছতেই আন এক তথ্য প্রযুক্তি কোম্পানীয়ে আনিলে আশাৰ বতৰা