--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভিডিঅ’ শ্বুট কৰিবলৈ গৈ শোকাৱহ মৃত্যুক সাৱটিলে এজন যুৱকে। ৰে’ল লাইনৰ সমীপত ষ্টাণ্ট কৰিবলৈ গৈ নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই পৰিল এজন যুৱক। মধ্য প্ৰদেশৰ হোশাঙ্গাবাদ জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনা।আৰক্ষীয়ে সদৰী কৰা অনুসৰি ৰে'লপথৰ কাষত ভিডিঅ'ৰ বাবে প'জ দি থকা অৱস্থাত ৰে'লৰ খুন্দাত এজন ২২ বছৰীয়া যুৱকৰ মৃত্যু হয়।

মৃত যুৱকজনৰ নাম সঞ্জু চৌৰে। তেওঁ পাঞ্জাৰা কালা গাঁৱৰ বাসিন্দা আছিল। শোকাৱহ ঘটনাটো ইটাৰচি-নাগপুৰ ৰে'ল পথত সংঘটিত হৈছিল। এজন বন্ধুক লৈ সঞ্জু চৌৰে গৈছিল শাৰাদ্দেভ বাবা অঞ্চললৈ। ভিডিঅ’টোত দেখা গৈছে যে পিছফালৰ পৰা এখন ৰে’ল আহি আছে। সেই সময়তে কেমেৰাৰ সন্মুখত প’জ দিয়াত ব্যস্ত হৈ পৰিছে সঞ্জু। জীৱনৰ প্ৰতি মানুহৰ কিছুমান ক্ষেত্ৰত ভয়-শংকা থকাটো ভাল। কিন্তু সঞ্জুৱে কোনো ভয়-শংকা নকৰাকৈ ভিডিঅ’ শ্বুট কৰিবলৈ প্ৰস্তুত হয়।সকলো পাহৰি দুঃসাহসিক ভিডিঅ’ বনোৱাত ব্যস্ত হৈ পৰে দুই বন্ধু। ৰে’লৰ চালকে বহুবাৰ হৰ্ণ দিয়াৰ পিছতো কোনো লাভ নহ’ল।

প’জ দিয়াৰ সময়তে ঘটিল মৰ্মান্তিক ঘটনাটো। ৰে’লৰ খুন্দাত কেইবাফুট দূৰৈত পৰিলগৈ যুৱকজন।এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদি মৃত বুলি ঘোষণা কৰে চিকিৎসকে। ষ্টাণ্ট ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি সকলোকে চমক দিম বুলি ভাবিছিল যুৱকজনে। কিন্তু ইয়াৰ পৰিণতি হ’লগৈ অতিকৈ ভয়ংকৰ। ছ’চিয়েল মিডিয়া আসক্তিয়ে যুৱচামক কেনেদৰে বিপদৰ মুখলৈ ঠেলি দিছে সেয়া চিন্তনীয় বিষয় হৈ পৰিছে সমাজৰ বাবে।

আৰু পঢ়কঃ কথাশিল্পী ইমৰান শ্বাহলৈ ওপজা দিনৰ অলেখ শুভকামনা

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ