--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভিডিঅ’ শ্বুট কৰিবলৈ গৈ শোকাৱহ মৃত্যুক সাৱটিলে এজন যুৱকে। ৰে’ল লাইনৰ সমীপত ষ্টাণ্ট কৰিবলৈ গৈ নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই পৰিল এজন যুৱক। মধ্য প্ৰদেশৰ হোশাঙ্গাবাদ জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনা।আৰক্ষীয়ে সদৰী কৰা অনুসৰি ৰে'লপথৰ কাষত ভিডিঅ'ৰ বাবে প'জ দি থকা অৱস্থাত ৰে'লৰ খুন্দাত এজন ২২ বছৰীয়া যুৱকৰ মৃত্যু হয়।

মৃত যুৱকজনৰ নাম সঞ্জু চৌৰে। তেওঁ পাঞ্জাৰা কালা গাঁৱৰ বাসিন্দা আছিল। শোকাৱহ ঘটনাটো ইটাৰচি-নাগপুৰ ৰে'ল পথত সংঘটিত হৈছিল। এজন বন্ধুক লৈ সঞ্জু চৌৰে গৈছিল শাৰাদ্দেভ বাবা অঞ্চললৈ। ভিডিঅ’টোত দেখা গৈছে যে পিছফালৰ পৰা এখন ৰে’ল আহি আছে। সেই সময়তে কেমেৰাৰ সন্মুখত প’জ দিয়াত ব্যস্ত হৈ পৰিছে সঞ্জু। জীৱনৰ প্ৰতি মানুহৰ কিছুমান ক্ষেত্ৰত ভয়-শংকা থকাটো ভাল। কিন্তু সঞ্জুৱে কোনো ভয়-শংকা নকৰাকৈ ভিডিঅ’ শ্বুট কৰিবলৈ প্ৰস্তুত হয়।সকলো পাহৰি দুঃসাহসিক ভিডিঅ’ বনোৱাত ব্যস্ত হৈ পৰে দুই বন্ধু। ৰে’লৰ চালকে বহুবাৰ হৰ্ণ দিয়াৰ পিছতো কোনো লাভ নহ’ল।

প’জ দিয়াৰ সময়তে ঘটিল মৰ্মান্তিক ঘটনাটো। ৰে’লৰ খুন্দাত কেইবাফুট দূৰৈত পৰিলগৈ যুৱকজন।এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদি মৃত বুলি ঘোষণা কৰে চিকিৎসকে। ষ্টাণ্ট ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি সকলোকে চমক দিম বুলি ভাবিছিল যুৱকজনে। কিন্তু ইয়াৰ পৰিণতি হ’লগৈ অতিকৈ ভয়ংকৰ। ছ’চিয়েল মিডিয়া আসক্তিয়ে যুৱচামক কেনেদৰে বিপদৰ মুখলৈ ঠেলি দিছে সেয়া চিন্তনীয় বিষয় হৈ পৰিছে সমাজৰ বাবে।

আৰু পঢ়কঃ কথাশিল্পী ইমৰান শ্বাহলৈ ওপজা দিনৰ অলেখ শুভকামনা


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক