--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুই আমাক নানান বিষয়ত দিহা দিছে। ঘৰৰ ক’ত কি থাকিব লাগে সেই বিষয়ে বাস্তুই বিধান দিছে।  বাৰাণ্ডাত জোতা, চেণ্ডেল আদি ৰাখিবলৈ উত্তৰ-পশ্চিম দিশটো নির্বাচন কৰিব লাগে। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত পানীৰ উৎস নিশ্চিত কৰাটো অতি প্রয়োজনীয় কথা। পানীৰ উৎস বিভিন্ন ধৰণৰ দমকল, নাদ আদি হ'ব পাৰে। 

এনেধৰণৰ দমকল, নাদ আদি ঘৰৰ উত্তৰ-পূব দিশত স্থাপন কৰিব লাগে। পানী ৰাখিবলৈ যদি টেংকীৰ প্ৰয়োজন হয় তেন্তে তেনে টেংকী ঘৰৰ উত্তৰ-পশ্চিম নাইবা দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। সাধাৰণতে প্ৰতিটো ঘৰতেই আলহী বহিব পৰা একোটা বিশেষ কোঠা থাকে। এনে কোঠা ঘৰৰ পূব বা উত্তৰ-পশ্চিম  দিশত নিৰ্মাণ কৰিব লাগে। আলহী বহা ঘৰত গৃহস্থই বহা আসন পশ্চিম বা পূব পিনে ৰাখিব লাগে। আলহী বহিব পৰা আসন দক্ষিণ বা পশ্চিম পিনে স্থাপন কৰিব লাগে। ঘৰত শৌচাগাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব থাকে। 

শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে।যদি শোৱনি কোঠাৰ লগত সংলগ্ন কৰি শৌচাগাৰ নিৰ্মাণ কৰিবলগীয়া হয়। তেন্তে সেয়া উত্তৰ-পশ্চিম অথবা দক্ষিণ-পূব দিশত নিৰ্মাণ কৰিব লাগে। ঘৰৰ কোঠাৰ ভিতৰত বিছনা আদি স্থাপন কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। বিছনা কমেও দেৱালৰ পৰা প্ৰায় তিনি ইঞ্চি দূৰত স্থাপন কৰিব লাগে। শোৱনি কোঠাৰ দক্ষিণ-পশ্চিম দিশত বিছনা আদি স্থাপন কৰিব লাগে। আলমাৰী অথবা আন শ্ব’কেচ আদি কোঠাৰ ভিতৰত ৰখাৰ উত্তম দিশ হৈছে ঘৰৰ দক্ষিণ-পশ্চিম দিশ। পঢ়া-শুনা কৰাৰ কোঠা নিৰ্মাণৰ উত্তম দিশ হৈছে উত্তৰ বা পশ্চিম দিশ। অতিথি আদি থাকিব পৰা কোঠা ঘৰৰ উত্তৰ পশ্চিম দিশে সাজিলে ভাল। অসুস্থ হৈ পৰা লোকক ঘৰৰ উত্তৰ-পূব দিশৰ কোঠাত ৰাখিলে তেওঁ শীঘ্ৰে আৰোগ্য লাভ কৰে। 

মন্দিৰ আদি স্থাপন কৰাৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ-পূব দিশটোক নিৰ্বাচন কৰিব লাগে ৷ এইক্ষেত্ৰত গৃহস্থই পূব বা উত্তৰমুৱা হৈ পূজা-অৰ্চনা আদি কৰিব পাৰে। এনেদৰে বিভিন্ন কামত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কোঠা আদি বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি সঠিক দিশত নিৰ্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধি পায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু