--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিংসাত্মক দৃশ্যৰ ছবি  বাস্তু তথা ফেংছুইৰ মতে ঘৰৰ ভিতৰত কেতিয়াও আঁৰি থ'ব নালাগে। হিংসাত্মক দৃশ্যই মানুহৰ মনত নেতিবাচক প্ৰভাৱ পেলায়।

 এপাহ সতেজ ফুলৰ ছবিয়ে মানুহৰ মনত যি ভাবৰ উদ্রেক ঘটাব, ৰক্তপাত অথবা যুদ্ধ-বিগ্ৰহৰ ছবিয়ে মানুহৰ মনত আন এক ভাবৰহে সঞ্চাৰ কৰিব। এই ক্ষেত্ৰত ফুলৰ ছবিয়ে মানুহৰ মন প্রফুল্লিত তথা শান্ত কৰি তোলাৰ বিপৰীতে যুদ্ধ-বিগ্রহ, ৰক্তপাত, হিংসাত্মক দৃশ্যৰ ছবিয়ে মানুহৰ মনত হিংস্ৰতাৰ ভাব জগাই তোলে। এনেধৰণৰ হিংসাত্মক ছবি যদি ঘৰৰ দক্ষিণ-পশ্চিম দিশত আঁৰি থোৱা হয় তেন্তে এনে ছবিৰ কু-প্ৰভাৱ আৰু বেছি বৃদ্ধি পায়। 

এনে ছবিৰ পৰা অনবৰতে এক অশুভ শক্তি নির্গত হৈ থাকে। যি অশুভ শক্তিয়ে ঘৰৰ সদস্যসকলৰ মন অস্থিৰ তথা অশান্ত কৰি ৰাখে। এনে হিংসাত্মক ছবি থকা ঘৰত কেতিয়াও শান্তি স্থায়ী হ'ব নোৱাৰে। সদায় তেনে ঘৰত হাই-কাজিয়া, মাৰপিট আদি ঘটনা ঘটি থাকে। বহুতেই ঘৰত কুৰুক্ষেত্ৰৰ যুদ্ধৰ ছবি আঁৰি থয়। এই যুদ্ধৰ সৈতে ভগৱান শ্ৰীকৃষ্ণ জড়িত আছিল যদিও যুদ্ধৰ ছবি হোৱাৰ বাবেই এনে ছবিয়ে ঘৰৰ ভিতৰত অশুভ শক্তিৰহে প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে পৌৰাণিক কোনো যুদ্ধৰ ছবি হ'লেও সেই ছবি ঘৰৰ ভিতৰত কেতিয়াও আঁৰি থ'ব নালাগে। 

ভগৱান শ্রীকৃষ্ণই  অৰ্জুনক উপদেশ দি থকাৰ ছবি প্ৰায়ে বহুতে ঘৰত আঁৰি থোৱা দেখা যায়। এনে ছবিও শুভ ফলদায়ক নহয়। কাৰণ শ্ৰীকৃষ্ণই অর্জুনক উপদেশ দি থক স্থানডোখৰ কোনো আশ্রম অথবা দেৱস্থান নহয়, সেয়া ৰণক্ষেত্ৰহে। সেইবাবে এনে ছবিও ঘৰত আঁৰি থোৱা উচিত নহয়। এনে ছবিয়ে মানুহৰ মনোজগতত গভীৰভাৱে ৰেখাপাত কৰে আৰু মানুহক হিংস্ৰ কৰি তুলিব পাৰে। সেয়ে ভাল লাগিলেও কিছুমান ছবি ঘৰৰ ভিতৰত আঁৰি ৰাখিব নালাগে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু