--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কৰুণ ঘটনা সংঘটিত হৈছে। জুইৰ লেলিহান শিখাত দগ্ধ হৈ মৃত্যুক সাবটিলে মাতৃ-পুত্ৰই। দপদপকে জ্বলা জুইয়ে যেতিয়া বিল্ডিংটো আৱৰি ধৰিছিল তেতিয়া মৃত্যু নিশ্চিত বুলি জানিও ৮০ বছৰীয়া মাতৃক এৰি নিজৰ জীৱনৰক্ষাৰ কথা নাভাবিলে পুত্ৰই। মাতৃৰ প্ৰতি থকা অপিৰীসীম মৰম-শ্ৰদ্ধা আমৃত্যু দেখুৱাই থৈ গল পুত্ৰই। এই কৰুণ ঘটনা সংঘটিত হৈছে মুম্বাইত। 

মুম্বাইত ঔষধৰ দোকান চলোৱা ধীৰেন নলিনকান্ত শ্বাহ নামৰ লোকজনে পৰিয়ালসহ গিৰগাঁৱৰ জেঠাভাই গোবিন্দজী বিল্ডিঙত বাস কৰে। শনিবাৰে নিশা প্ৰায় ৯ বজাত তেওঁৰ অট্টালিকাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। ধীৰেনৰ পৰিয়ালৰ বাকীসকলে অগ্নিকাণ্ডৰ লগে লগে প্ৰাণৰক্ষাৰ বাবে অট্টালিকাৰ পৰা বাহিৰলৈ গুচি যায় যদিও ধীৰেনে শেহতীয়াকৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহা ৮০ বছৰীয়া মাতৃৰ লগত থকাৰ সিদ্ধান্ত লয়। মাতৃ নলিনীক অকলে এৰি থৈ নগ’ল ধীৰেন নলিনকান্ত শ্বাহে। এই অগ্নিকাণ্ডত দুয়োৰে মৃত্যু হয়।

ধীৰেণৰ ঘৰটো তৃতীয় মহলাত আছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে তলৰ মহলাত থকা বৈদ্যুতিক বাকচটোত শ্বৰ্ট চাৰ্কিটৰ সন্দেহ প্ৰকাশ কৰিছে, যিটো অগ্নিকাণ্ডৰ সম্ভাৱ্য কাৰণ হ’ব পাৰে। অট্টালিকাটোৰ পুৰণি কাঠৰ চিৰিৰ বাবে দ্ৰুতগতিত বিয়পি পৰে জুই। প্ৰতিবেদন অনুসৰি এই অট্টালিকাটো প্ৰায় এশ বছৰ পুৰণি আছিল।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই কোৱা অনুসৰি ‘‘উদ্ধাৰ অভিযান জ্বলি থকা অট্টালিকাটোক কাষৰ ওখ অট্টালিকাটোৰ সৈতে সংযোগ কৰিবলৈ তক্তা ব্যৱহাৰ কৰা হৈছিল যদিও মাকক অকলে এৰি থৈ যাবলৈ দ্বিধাবোধ কৰিছিল ধীৰেন নলিনকান্ত শ্বাহে। আমাৰ দলে জুই নিয়ন্ত্ৰণ কৰাৰ সময়লৈকে জুইয়ে তেওঁৰ ঘৰ আৱৰি ধৰিছিল আৰু এই কৰুণ ঘটনা সংঘটিত হৈছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক