--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কৰুণ ঘটনা সংঘটিত হৈছে। জুইৰ লেলিহান শিখাত দগ্ধ হৈ মৃত্যুক সাবটিলে মাতৃ-পুত্ৰই। দপদপকে জ্বলা জুইয়ে যেতিয়া বিল্ডিংটো আৱৰি ধৰিছিল তেতিয়া মৃত্যু নিশ্চিত বুলি জানিও ৮০ বছৰীয়া মাতৃক এৰি নিজৰ জীৱনৰক্ষাৰ কথা নাভাবিলে পুত্ৰই। মাতৃৰ প্ৰতি থকা অপিৰীসীম মৰম-শ্ৰদ্ধা আমৃত্যু দেখুৱাই থৈ গল পুত্ৰই। এই কৰুণ ঘটনা সংঘটিত হৈছে মুম্বাইত। 

মুম্বাইত ঔষধৰ দোকান চলোৱা ধীৰেন নলিনকান্ত শ্বাহ নামৰ লোকজনে পৰিয়ালসহ গিৰগাঁৱৰ জেঠাভাই গোবিন্দজী বিল্ডিঙত বাস কৰে। শনিবাৰে নিশা প্ৰায় ৯ বজাত তেওঁৰ অট্টালিকাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। ধীৰেনৰ পৰিয়ালৰ বাকীসকলে অগ্নিকাণ্ডৰ লগে লগে প্ৰাণৰক্ষাৰ বাবে অট্টালিকাৰ পৰা বাহিৰলৈ গুচি যায় যদিও ধীৰেনে শেহতীয়াকৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহা ৮০ বছৰীয়া মাতৃৰ লগত থকাৰ সিদ্ধান্ত লয়। মাতৃ নলিনীক অকলে এৰি থৈ নগ’ল ধীৰেন নলিনকান্ত শ্বাহে। এই অগ্নিকাণ্ডত দুয়োৰে মৃত্যু হয়।

ধীৰেণৰ ঘৰটো তৃতীয় মহলাত আছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে তলৰ মহলাত থকা বৈদ্যুতিক বাকচটোত শ্বৰ্ট চাৰ্কিটৰ সন্দেহ প্ৰকাশ কৰিছে, যিটো অগ্নিকাণ্ডৰ সম্ভাৱ্য কাৰণ হ’ব পাৰে। অট্টালিকাটোৰ পুৰণি কাঠৰ চিৰিৰ বাবে দ্ৰুতগতিত বিয়পি পৰে জুই। প্ৰতিবেদন অনুসৰি এই অট্টালিকাটো প্ৰায় এশ বছৰ পুৰণি আছিল।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই কোৱা অনুসৰি ‘‘উদ্ধাৰ অভিযান জ্বলি থকা অট্টালিকাটোক কাষৰ ওখ অট্টালিকাটোৰ সৈতে সংযোগ কৰিবলৈ তক্তা ব্যৱহাৰ কৰা হৈছিল যদিও মাকক অকলে এৰি থৈ যাবলৈ দ্বিধাবোধ কৰিছিল ধীৰেন নলিনকান্ত শ্বাহে। আমাৰ দলে জুই নিয়ন্ত্ৰণ কৰাৰ সময়লৈকে জুইয়ে তেওঁৰ ঘৰ আৱৰি ধৰিছিল আৰু এই কৰুণ ঘটনা সংঘটিত হৈছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা