--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ধুনীয়া, উজ্জ্বল আৰু কোমল ছালৰ অধিকাৰী হবলৈ সকলোৱে বিচাৰে। ইয়াৰ বাবে মানুহে বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে। ইয়াৰ লগতে বহুতে পাৰ্লাৰলৈ গৈও ফেচিয়েল কৰে। ফেচিয়েল কৰিলে মুখত জমা হোৱা মলি, মৃত ছালৰ কোষবোৰ সহজে আঁতৰি যায়। ইয়াৰ লগতে ছালখনো জিলিকি উঠে। কিন্তু পাৰ্লাৰত ফেচিয়েল কৰাটো যথেষ্ট খৰচী হয়। ধনৰ অভাৱৰ বাবে সকলোৱে পাৰ্লাৰলৈ গৈ ফেচিয়েল কৰিব নোৱাৰে। এনে অৱস্থাত ইচ্ছা কৰিলে ঘৰতে কলৰ ফেচিয়েল কৰিব পাৰে। ইয়াৰ ফলত মুখখন মসৃণ হোৱাৰ লগতে জিলিকনি উঠিব। জানো আহক আপুনি ঘৰতে কেনেকৈ কলৰ ফেচিয়েল বনাব।

১)মুখ পৰিষ্কাৰ কৰা-ঘৰতে কলৰ ফেচিয়েল কৰিবলৈ প্ৰথমে আমৰ মুখখন ভালদৰে ধুই লব লাগে। ইয়াৰ পিছত হাইড্ৰেটিং ক্লিনজাৰৰ সহায়ত মুখখন পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ দ্বাৰা মুখমণ্ডলত জমা হোৱা সকলো মলি আৰু ধূলি সহজে আঁতৰি যাব। ইয়াৰ পিছত ছালখন ফেচিয়েলৰ পৰৱৰ্তী পদক্ষেপৰ বাবে সাজু হ’ব।

২)কল স্ক্রাব- মুখ পৰিষ্কাৰ কৰাৰ পিছত ফেচ স্ক্ৰাবিং কৰিব লাগে। কলৰ স্ক্রাব বনাবলৈ আপুনি গাখীৰৰ গুড়ি লওক। তাত চুজী, নেমুৰ ৰস আৰু অলিভ অইল দিব। এতিয়া কলৰ বাকলি এটা লৈ এই মিশ্ৰণটো বাকলিত লগাওক। ইয়াৰে গোটেই মুখখন ভালদৰে স্ক্ৰাব কৰক। ইয়াৰ পিছত ৫ মিনিটমান হাতেৰে লাহেকৈ স্ক্ৰাৱ কৰি মুখখন পানীৰে ধুই দিয়ক। ইয়াৰ ফলত মুখখন গভীৰভাৱে পৰিষ্কাৰ হ’ব আৰু ছালৰ মৃত কোষবোৰো আঁতৰি যাব। ইয়াৰ ফলত মুখখনত এক স্বাভাৱিক জিলিকনি উঠিব।

৩)কলৰ মালিচ ক্ৰীম- স্ক্ৰাব কৰাৰ পিছত ফেচিয়েলৰ পৰৱৰ্তী পদক্ষেপ হ’ল ফেচিয়েল মালিচ। ইয়াৰ বাবে এটা বাটিত আধা কল, মৌ, নেমুৰ ৰস, এচিকুট হালধি আৰু দৈ দিব। এই সকলোবোৰ ভালদৰে মিহলাই পেষ্ট বনাই লওক। ইয়াৰ পিছত ইয়াৰ দ্বাৰা মুখখন মালিচ কৰক। এনে কৰিলে মুখখন কোমল হৈ পৰিব।

৪)কলৰ ফেচিয়েল পেক- কলৰ মইশ্ব’ৰাইজিং গুণ আছে। কলে ছালৰ শুকান ভাৱ আঁতৰোৱাত সহায় কৰে। ইয়াৰ লগতে ই ব্ৰণ বা পিম্পলছৰ পৰাও মুক্তি দিয়ে। কলৰ ফেচিয়েল পেক বনাবলৈ এটা বাটিত কমলাৰ বাকলিৰ গুড়ি, আধা কল, মৌ, নেমুৰ ৰস আৰু দৈ মিহলাই সকলোবোৰ ভালদৰে মিহলাই মিহি পেষ্ট বনাই লব লাগে। এতিয়া এই পেষ্টটো মুখত লগাওক। কিছু সময় ৰাখি মুখখন ধুই পেলাওক। এইবাৰ দাপোণত নিজৰ মুখ চাই আপুনি নিজে সুখী হৈ পৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক