--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ধুনীয়া, উজ্জ্বল আৰু কোমল ছালৰ অধিকাৰী হবলৈ সকলোৱে বিচাৰে। ইয়াৰ বাবে মানুহে বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে। ইয়াৰ লগতে বহুতে পাৰ্লাৰলৈ গৈও ফেচিয়েল কৰে। ফেচিয়েল কৰিলে মুখত জমা হোৱা মলি, মৃত ছালৰ কোষবোৰ সহজে আঁতৰি যায়। ইয়াৰ লগতে ছালখনো জিলিকি উঠে। কিন্তু পাৰ্লাৰত ফেচিয়েল কৰাটো যথেষ্ট খৰচী হয়। ধনৰ অভাৱৰ বাবে সকলোৱে পাৰ্লাৰলৈ গৈ ফেচিয়েল কৰিব নোৱাৰে। এনে অৱস্থাত ইচ্ছা কৰিলে ঘৰতে কলৰ ফেচিয়েল কৰিব পাৰে। ইয়াৰ ফলত মুখখন মসৃণ হোৱাৰ লগতে জিলিকনি উঠিব। জানো আহক আপুনি ঘৰতে কেনেকৈ কলৰ ফেচিয়েল বনাব।

১)মুখ পৰিষ্কাৰ কৰা-ঘৰতে কলৰ ফেচিয়েল কৰিবলৈ প্ৰথমে আমৰ মুখখন ভালদৰে ধুই লব লাগে। ইয়াৰ পিছত হাইড্ৰেটিং ক্লিনজাৰৰ সহায়ত মুখখন পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ দ্বাৰা মুখমণ্ডলত জমা হোৱা সকলো মলি আৰু ধূলি সহজে আঁতৰি যাব। ইয়াৰ পিছত ছালখন ফেচিয়েলৰ পৰৱৰ্তী পদক্ষেপৰ বাবে সাজু হ’ব।

২)কল স্ক্রাব- মুখ পৰিষ্কাৰ কৰাৰ পিছত ফেচ স্ক্ৰাবিং কৰিব লাগে। কলৰ স্ক্রাব বনাবলৈ আপুনি গাখীৰৰ গুড়ি লওক। তাত চুজী, নেমুৰ ৰস আৰু অলিভ অইল দিব। এতিয়া কলৰ বাকলি এটা লৈ এই মিশ্ৰণটো বাকলিত লগাওক। ইয়াৰে গোটেই মুখখন ভালদৰে স্ক্ৰাব কৰক। ইয়াৰ পিছত ৫ মিনিটমান হাতেৰে লাহেকৈ স্ক্ৰাৱ কৰি মুখখন পানীৰে ধুই দিয়ক। ইয়াৰ ফলত মুখখন গভীৰভাৱে পৰিষ্কাৰ হ’ব আৰু ছালৰ মৃত কোষবোৰো আঁতৰি যাব। ইয়াৰ ফলত মুখখনত এক স্বাভাৱিক জিলিকনি উঠিব।

৩)কলৰ মালিচ ক্ৰীম- স্ক্ৰাব কৰাৰ পিছত ফেচিয়েলৰ পৰৱৰ্তী পদক্ষেপ হ’ল ফেচিয়েল মালিচ। ইয়াৰ বাবে এটা বাটিত আধা কল, মৌ, নেমুৰ ৰস, এচিকুট হালধি আৰু দৈ দিব। এই সকলোবোৰ ভালদৰে মিহলাই পেষ্ট বনাই লওক। ইয়াৰ পিছত ইয়াৰ দ্বাৰা মুখখন মালিচ কৰক। এনে কৰিলে মুখখন কোমল হৈ পৰিব।

৪)কলৰ ফেচিয়েল পেক- কলৰ মইশ্ব’ৰাইজিং গুণ আছে। কলে ছালৰ শুকান ভাৱ আঁতৰোৱাত সহায় কৰে। ইয়াৰ লগতে ই ব্ৰণ বা পিম্পলছৰ পৰাও মুক্তি দিয়ে। কলৰ ফেচিয়েল পেক বনাবলৈ এটা বাটিত কমলাৰ বাকলিৰ গুড়ি, আধা কল, মৌ, নেমুৰ ৰস আৰু দৈ মিহলাই সকলোবোৰ ভালদৰে মিহলাই মিহি পেষ্ট বনাই লব লাগে। এতিয়া এই পেষ্টটো মুখত লগাওক। কিছু সময় ৰাখি মুখখন ধুই পেলাওক। এইবাৰ দাপোণত নিজৰ মুখ চাই আপুনি নিজে সুখী হৈ পৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ