--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ অতি সহজলভ্য এবিধ শাক হৈছে খুতুৰা। খুতুৰা শাক আমাৰ সকলোৰে এক পৰিচিত শাক। ইয়াৰ খেতি নকৰাকৈয়ে খৰালি কালত ওখ চানেকীয়া বাৰীত ই আপোনা-আপুনি গজি উঠে। ভাজি আৰু আঞ্জাৰ ৰুপত খোৱা হয়। মাছৰ সৈতে খুতুৰা শাকৰ জোল খাবলৈ অতি সোৱাদযুক্ত।  গ্ৰাম্যাঞ্চলত খুতুৰা শাক বাৰীয়ে-ঘৰে অতিকৈ সহজলভ্য। ইয়াৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম হৈছে ক্ৰমে- Amaranth আৰু Amaranthus viridis. 

ইয়াত কেলৰি, জল, প্ৰ’টিন,কাৰ্বহাইড্ৰেট, আঁহ, চৰ্বি, কেলচিয়াম, ফছফৰাছ, আইৰন, পটাছিয়াম, ছডিয়াম আৰু ভিটামিন-চি পোৱা যায়। এইবিলাকৰ উপৰি খুতুৰা শাকত পোৱা যায় উপকাৰী ফেটী এচিড,যেনে-লিন’লিক,এলালিন’লিক আদি। আমাৰ শৰীৰ গঠনত গুৰুত্বপুৰ্ণ ভুমিকা লোৱা লাইচিন,আৰজিনাইন,হিচটিডিন চিষ্টিন,লিউচিন আদি অনেক উপাদানো খুতুৰা শাকত পোৱা যায়। তদুপৰি আমাৰ দেহত হৰম’নৰ সন্তুলন ঘটাব পৰা দুবিধ ফ্লেনয়ড জাতীয় উপাদান কোৱেৰচেটিন আৰু ৰেটিনকো খুতুৰাত পোৱা যায়। খুতুৰা শাকৰ বহু ঔষধি গুণাগুণ আছে। জানো আহক খুতুৰা শাকৰ উপকাৰিতাৰ বিষয়ে।

১) খুতুৰাৰ এক বিশেষত্ব হৈছে-ই এণ্টি অক্সিডেণ্ট গুণসম্পন্ন। সেই ফালৰ পৰা ই ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন বুলি বিবেচিত হৈছে।

২)এই শাক ভোকবৰ্ধক,ভেঁকুৰনাশক,প্ৰস্ৰাৱ নিয়মীয়া কাৰক,কোষ্ঠকাঠিন্যনাশক,পেটৰ আলচাৰ দুৰকাৰক,মধুমেহ-হৃদৰোগ উপশমকাৰক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।

৩)খুতুৰাই গ্ৰহণী ৰোগ নিৰাময় কৰে।

৪)খুতুৰাই বিষ নিৰাময় কৰে।

৫)খুতুৰা পাইলছৰ বাবে অতিকৈ উপকাৰী।

৬)খুতুৰাৰ কৰ্কট ৰোগ নিৰাময় কৰিব পৰা ক্ষমতা আছে।

৭)খুতুৰাই হৃদৰোগ প্ৰতিৰোধ কৰে।

৮)খুতুৰাই ৰক্তহীনতা দূৰ কৰে।

৯)খুতুৰাই হাড় মজবুত কৰে।

১০)খুতুৰাৰ পাত ১২০ গ্ৰাম পানীৰ লগত ৰস উলিয়াই চেকি লৈ মিচিৰি মিহলাই খালে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বা কমকৈ প্ৰ্স্ৰাৱ হোৱাৰ সমস্যা দূৰ হয়।

১১)গৰ্ভপাত বা গৰ্ভনষ্ট হৈ থকা তিৰোতাই ঋতু হোৱাৰ দিনাৰপৰা ৫ দিন পুৱা ইয়াৰ শিপাৰ ৰস বা ক্কাথ খালে উপশম পায়।

১২)এই শাক কফ-পিত্ত নাশক, দাহ প্ৰশমক, আদিৰ প্ৰতিকাৰক।

১৩)দৃষ্টিশক্তি বৃদ্ধি ঘটাব পৰাৰ ক্ষমতাও খুতুৰাত আছে।

১৪)খুতুৰা শাকে কটা-চিঙাৰ পিছত তেজ বন্ধ কৰাত সহায় কৰে।

১৫)খাদ্যৰ ৰুচি হেৰুওৱা লোকে খুতুৰা খালে আশানুৰূপ ফল পোৱা যায়।

গতিকে, খুতুৰা যে এবিধ অতি গুৰুত্বপূৰ্ণ শাক সেই কথা ইয়াৰ পৰাই বুজিব পাৰি। সেয়ে বাৰী বা বজাৰত প্ৰচুৰ পৰিমাণে পোৱা  এই উপকাৰী শাকবিধ আমি খোৱা উচিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক