--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ অতি সহজলভ্য এবিধ শাক হৈছে খুতুৰা। খুতুৰা শাক আমাৰ সকলোৰে এক পৰিচিত শাক। ইয়াৰ খেতি নকৰাকৈয়ে খৰালি কালত ওখ চানেকীয়া বাৰীত ই আপোনা-আপুনি গজি উঠে। ভাজি আৰু আঞ্জাৰ ৰুপত খোৱা হয়। মাছৰ সৈতে খুতুৰা শাকৰ জোল খাবলৈ অতি সোৱাদযুক্ত।  গ্ৰাম্যাঞ্চলত খুতুৰা শাক বাৰীয়ে-ঘৰে অতিকৈ সহজলভ্য। ইয়াৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম হৈছে ক্ৰমে- Amaranth আৰু Amaranthus viridis. 

ইয়াত কেলৰি, জল, প্ৰ’টিন,কাৰ্বহাইড্ৰেট, আঁহ, চৰ্বি, কেলচিয়াম, ফছফৰাছ, আইৰন, পটাছিয়াম, ছডিয়াম আৰু ভিটামিন-চি পোৱা যায়। এইবিলাকৰ উপৰি খুতুৰা শাকত পোৱা যায় উপকাৰী ফেটী এচিড,যেনে-লিন’লিক,এলালিন’লিক আদি। আমাৰ শৰীৰ গঠনত গুৰুত্বপুৰ্ণ ভুমিকা লোৱা লাইচিন,আৰজিনাইন,হিচটিডিন চিষ্টিন,লিউচিন আদি অনেক উপাদানো খুতুৰা শাকত পোৱা যায়। তদুপৰি আমাৰ দেহত হৰম’নৰ সন্তুলন ঘটাব পৰা দুবিধ ফ্লেনয়ড জাতীয় উপাদান কোৱেৰচেটিন আৰু ৰেটিনকো খুতুৰাত পোৱা যায়। খুতুৰা শাকৰ বহু ঔষধি গুণাগুণ আছে। জানো আহক খুতুৰা শাকৰ উপকাৰিতাৰ বিষয়ে।

১) খুতুৰাৰ এক বিশেষত্ব হৈছে-ই এণ্টি অক্সিডেণ্ট গুণসম্পন্ন। সেই ফালৰ পৰা ই ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন বুলি বিবেচিত হৈছে।

২)এই শাক ভোকবৰ্ধক,ভেঁকুৰনাশক,প্ৰস্ৰাৱ নিয়মীয়া কাৰক,কোষ্ঠকাঠিন্যনাশক,পেটৰ আলচাৰ দুৰকাৰক,মধুমেহ-হৃদৰোগ উপশমকাৰক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।

৩)খুতুৰাই গ্ৰহণী ৰোগ নিৰাময় কৰে।

৪)খুতুৰাই বিষ নিৰাময় কৰে।

৫)খুতুৰা পাইলছৰ বাবে অতিকৈ উপকাৰী।

৬)খুতুৰাৰ কৰ্কট ৰোগ নিৰাময় কৰিব পৰা ক্ষমতা আছে।

৭)খুতুৰাই হৃদৰোগ প্ৰতিৰোধ কৰে।

৮)খুতুৰাই ৰক্তহীনতা দূৰ কৰে।

৯)খুতুৰাই হাড় মজবুত কৰে।

১০)খুতুৰাৰ পাত ১২০ গ্ৰাম পানীৰ লগত ৰস উলিয়াই চেকি লৈ মিচিৰি মিহলাই খালে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বা কমকৈ প্ৰ্স্ৰাৱ হোৱাৰ সমস্যা দূৰ হয়।

১১)গৰ্ভপাত বা গৰ্ভনষ্ট হৈ থকা তিৰোতাই ঋতু হোৱাৰ দিনাৰপৰা ৫ দিন পুৱা ইয়াৰ শিপাৰ ৰস বা ক্কাথ খালে উপশম পায়।

১২)এই শাক কফ-পিত্ত নাশক, দাহ প্ৰশমক, আদিৰ প্ৰতিকাৰক।

১৩)দৃষ্টিশক্তি বৃদ্ধি ঘটাব পৰাৰ ক্ষমতাও খুতুৰাত আছে।

১৪)খুতুৰা শাকে কটা-চিঙাৰ পিছত তেজ বন্ধ কৰাত সহায় কৰে।

১৫)খাদ্যৰ ৰুচি হেৰুওৱা লোকে খুতুৰা খালে আশানুৰূপ ফল পোৱা যায়।

গতিকে, খুতুৰা যে এবিধ অতি গুৰুত্বপূৰ্ণ শাক সেই কথা ইয়াৰ পৰাই বুজিব পাৰি। সেয়ে বাৰী বা বজাৰত প্ৰচুৰ পৰিমাণে পোৱা  এই উপকাৰী শাকবিধ আমি খোৱা উচিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ