--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুজি খাই বহুতেই ভালপায়। চুজি ৰান্ধি গৃহিণীয়েও বৰ ভালপায় কাৰণ অতি কম সময়তে ইয়াক ৰান্ধিব পাৰি। চুজি খালে পেটো ভৰি যায়। চুজিৰ হালৱা মানুহৰ মাজত অতি জনপ্ৰিয় এক খাদ্য। কিছুমান ধৰ্মীয় কামকাজত চুজিৰ হালৱাও প্ৰসাদ হিচাপে আগবঢ়োৱা হয়। চুজিৰ লাৰু খাবলৈও বৰ সোৱাদ। চুজিৰে পিঠাও বনাব পাৰি। ফাইবাৰ সমৃদ্ধ স্বাস্থ্যকৰ চুজি আমাৰ শৰীৰৰ পক্ষে বৰ উপকাৰী। চুজি গাখীৰ, চেনিৰ সৈতে মিঠা কৰি বা পাচলিৰ সৈতে মিহলাই নিমখীয়া কৰি খাব পৰা যায়। বেছিভাগ মানুহে মিঠা চুজি খায়ে ভাল পায়। ইয়াৰ পৰা শৰীৰে পুষ্টি আহৰণ কৰে। চুজিৰ সৈতে প্রোটিন আৰু ফাইবাৰ সমৃদ্ধ খাদ্য যোগ কৰিলে শৰীৰৰ পক্ষে খুবেই ভাল। সুস্বাদু চুজিৰ আছে বহু উপকাৰী গুণ। আহকচোন জানো চুজিৰ উপকাৰিতাৰ বিষয়ে-

১)চুজিয়ে আমাৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। কাৰণ চুজি কার্বোহাইড্রেট সমৃদ্ধ হোৱাত ই খাদ্য শক্তি আৰু শক্তি বৃদ্ধিত সহায় কৰে। 

২)চুজিত প্রচুৰ পৰিমাণে আয়ৰণ থাকে, চুজি খালে শৰীৰত আয়ৰণৰ অভাৱ দূৰ হয়।

৩)ৰক্ত সঞ্চালননতো সহায় কৰে চুজিয়ে। 

৪)চুজিত থকা কেলচিয়ামে হাড় মজবুত কৰাত সহায় কৰে।

৫)চুজিত আছে মেগনেছিয়া, জিংক আৰু ফছফৰাছ ইত্যাদি বিভিন্ন উপাদান। এই উপাদানবোৰ আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। এই উপাদানবোৰে আমাৰ স্নায়ুতন্ত্র সুস্থ ৰখাত সাহায় কৰে।

৬)চুজিত কলেষ্টেৰল নাথাকে।সেয়ে ই শৰীৰৰ কোনো ধৰণৰ ক্ষতি নকৰে।

৭)হার্টৰ বাবেও ভাল চুজি। 

৮)ওজন হ্রাসত সহায় কৰে চুজিয়ে।

গতিকে আহক ফাষ্টফুডৰ প্ৰতি লালসা নকৰি ঘৰতে সহজতে ৰান্ধিব পৰা চুজি খাই আমি নিজকে স্বাস্থ্যৱান কৰি ৰাখো।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ