--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন  কাৰণত   ছালত ক’লা দাগ পৰিব পাৰে। এয়া  আন কোনো ৰোগৰো লক্ষণ হ’ব পাৰে। ছালত ক'লা দাগ পৰাৰ কেইটামান কাৰণ এনেধৰণৰ-টেনিং – যদি সূৰ্যৰ তাপত দীঘলীয়া সময় থাকে, শৰীৰৰ উন্মুক্ত অংশৰ ছাল ক'লা হৈ পৰে।মানুহৰ ছালত মেলানোচাইট নামৰ এক প্ৰকাৰৰ কোষ থাকে যাৰ পৰা মেলানিন নামৰ ৰঞ্জক এটা তৈয়াৰ  হয়। ছালৰ  ৰং নিৰ্ধাৰণত মেলানিনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ছালৰ ৰং নিৰ্ভৰ কৰে কিমান মেলানোচাইট আছে আৰু ছালত কিমান মেলানিন উৎপন্ন হৈছে তাৰ ওপৰত।

মেচেটা – মেচেটা সাধাৰণতে গালত থাকে আৰু কিছুমান ক্ষেত্ৰত আন কিছুমান ঠাইতো হ'ব পাৰে। এই ক্ষেত্ৰত ক'লা, ধূসৰ বা মুগা দাগ দেখা যায়। মেচেটা মুখ্যতঃ যুৱতীসকলৰ  বেছিকৈ হয় । আনকি আপুনি দীঘলীয়া সময়ৰ বাবে নিয়মীয়া হৰমনৰ ঔষধ গ্ৰহণ কৰিলেও, এনে ধৰণৰ মেচেটা হ'ব পাৰে।

 হাইপাৰ-পিগমেণ্টেচন – যদি কোনো ঠাইত প্ৰদাহ হয়, সেই নিৰ্দিষ্ট স্থানৰ ছাল প্ৰায়ে ক'লা হৈ পৰে। ইয়াক পোষ্ট-ইনফ্লেমেটৰী হাইপাৰ-পিগমেণ্টেচন বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, শালমইনা, ফোঁহা আদি  আৰোগ্য হ'লেও, ছালত এনে ক'লা হোৱা দেখা যায়।

চৰ্মৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক - যদি এজন ব্যক্তিৰ কোনো নিৰ্দিষ্ট বস্তুৰ প্ৰতি এলাৰ্জি থাকে, যদি শৰীৰৰ কোনো অংশ সেই এলাৰ্জি-প্ৰৱণ বস্তুটোৰ সংস্পৰ্শলৈ আহে, ছালত খজুৱতি হৈ ৰঙা বা ক'লা হ'ব পাৰে। উদাহৰণ স্বৰূপে, যদি বহুতে  সেন্দুৰ বা চুলিৰ ৰং আদি  ব্যৱহাৰ কৰিলেও সেই ঠাইত এলাৰ্জি বা খজুৱতি হ'ব পাৰে।

এগান্থোচিছ নিগ্ৰিকেন - ই এক হৰমনজনিত ৰোগ। এই ধৰণৰ সমস্যাৰ ফলত  গালৰ কাষত দাগ হ'ব পাৰে, ডিঙিতো পথালিকৈ দাগ হৈ যায়, ডিঙিৰ ছাল ডাঠ হয় আৰু ক'লা হৈ পৰে। ইয়াৰ বাহিৰেও, শৰীৰৰ আন কিছুমান অংশতো ক'লা দাগ হ'ব পাৰে।

কেনেদৰে প্ৰতিৰোধ কৰিব লাগে
এনেবোৰ কাৰকৰ পৰা মুক্ত হৈ থাকিবলৈ আপুনি কিছুমান বস্তুৰ পৰা আঁতৰি থাকিব লাগিব। যদি সেন্দুৰ বা চুলিৰ কৃত্ৰিম ৰঙৰ বাবে  ছালত এলাৰ্জী হৈ দাগ পৰে তেন্তে সেন্দুৰ বা চুলিৰ ৰঙৰ সলনি আন কিবা বিকল্প ব্যৱহাৰ কৰিব পাৰে। ৰ'দত বাহিৰলৈ ওলাই যাওঁতে চানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে।

ঘৰুৱা উপায়েৰে দাগ কিদৰে আঁতৰাব?
ঘৰুৱা উপায়েৰেও ছালৰ দাগ আঁতৰাব পাৰি। ইয়াৰ বাবে টেনিং  কৰিব পাৰে। এই ক্ষেত্ৰত কেঁচা গাখীৰ ৫-৭ মিনিটৰ বাবে গোটেই মুখত নিয়মীয়াকৈ মালিচ কৰক। তাৰ পিছত ইয়াক ১০ মিনিটৰ বাবে তেনেদৰে থাকিবলৈ  দিয়ক পিছত  আৰু পানীৰে ধুই দিয়ক। যদি আপুনি বিচাৰে, আপুনি এলো ভেৰা জেলো প্ৰয়োগ কৰিব পাৰে। গাখীৰ আৰু কেঁচা হালধি মিহলি কৰি আৰু ইয়াক একেৰাহে কিছুদিন ক'লা দাগ পৰা স্থানত সানিলেও সুফল পোৱা যায়। ক'লা তুলসীৰ ৰস সানিলেও সুফল পাব পাৰি। পানী, ফলমূল আদি প্ৰচুৰ পৰিমাণে খাব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?