--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন  কাৰণত   ছালত ক’লা দাগ পৰিব পাৰে। এয়া  আন কোনো ৰোগৰো লক্ষণ হ’ব পাৰে। ছালত ক'লা দাগ পৰাৰ কেইটামান কাৰণ এনেধৰণৰ-টেনিং – যদি সূৰ্যৰ তাপত দীঘলীয়া সময় থাকে, শৰীৰৰ উন্মুক্ত অংশৰ ছাল ক'লা হৈ পৰে।মানুহৰ ছালত মেলানোচাইট নামৰ এক প্ৰকাৰৰ কোষ থাকে যাৰ পৰা মেলানিন নামৰ ৰঞ্জক এটা তৈয়াৰ  হয়। ছালৰ  ৰং নিৰ্ধাৰণত মেলানিনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ছালৰ ৰং নিৰ্ভৰ কৰে কিমান মেলানোচাইট আছে আৰু ছালত কিমান মেলানিন উৎপন্ন হৈছে তাৰ ওপৰত।

মেচেটা – মেচেটা সাধাৰণতে গালত থাকে আৰু কিছুমান ক্ষেত্ৰত আন কিছুমান ঠাইতো হ'ব পাৰে। এই ক্ষেত্ৰত ক'লা, ধূসৰ বা মুগা দাগ দেখা যায়। মেচেটা মুখ্যতঃ যুৱতীসকলৰ  বেছিকৈ হয় । আনকি আপুনি দীঘলীয়া সময়ৰ বাবে নিয়মীয়া হৰমনৰ ঔষধ গ্ৰহণ কৰিলেও, এনে ধৰণৰ মেচেটা হ'ব পাৰে।

 হাইপাৰ-পিগমেণ্টেচন – যদি কোনো ঠাইত প্ৰদাহ হয়, সেই নিৰ্দিষ্ট স্থানৰ ছাল প্ৰায়ে ক'লা হৈ পৰে। ইয়াক পোষ্ট-ইনফ্লেমেটৰী হাইপাৰ-পিগমেণ্টেচন বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, শালমইনা, ফোঁহা আদি  আৰোগ্য হ'লেও, ছালত এনে ক'লা হোৱা দেখা যায়।

চৰ্মৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক - যদি এজন ব্যক্তিৰ কোনো নিৰ্দিষ্ট বস্তুৰ প্ৰতি এলাৰ্জি থাকে, যদি শৰীৰৰ কোনো অংশ সেই এলাৰ্জি-প্ৰৱণ বস্তুটোৰ সংস্পৰ্শলৈ আহে, ছালত খজুৱতি হৈ ৰঙা বা ক'লা হ'ব পাৰে। উদাহৰণ স্বৰূপে, যদি বহুতে  সেন্দুৰ বা চুলিৰ ৰং আদি  ব্যৱহাৰ কৰিলেও সেই ঠাইত এলাৰ্জি বা খজুৱতি হ'ব পাৰে।

এগান্থোচিছ নিগ্ৰিকেন - ই এক হৰমনজনিত ৰোগ। এই ধৰণৰ সমস্যাৰ ফলত  গালৰ কাষত দাগ হ'ব পাৰে, ডিঙিতো পথালিকৈ দাগ হৈ যায়, ডিঙিৰ ছাল ডাঠ হয় আৰু ক'লা হৈ পৰে। ইয়াৰ বাহিৰেও, শৰীৰৰ আন কিছুমান অংশতো ক'লা দাগ হ'ব পাৰে।

কেনেদৰে প্ৰতিৰোধ কৰিব লাগে
এনেবোৰ কাৰকৰ পৰা মুক্ত হৈ থাকিবলৈ আপুনি কিছুমান বস্তুৰ পৰা আঁতৰি থাকিব লাগিব। যদি সেন্দুৰ বা চুলিৰ কৃত্ৰিম ৰঙৰ বাবে  ছালত এলাৰ্জী হৈ দাগ পৰে তেন্তে সেন্দুৰ বা চুলিৰ ৰঙৰ সলনি আন কিবা বিকল্প ব্যৱহাৰ কৰিব পাৰে। ৰ'দত বাহিৰলৈ ওলাই যাওঁতে চানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে।

ঘৰুৱা উপায়েৰে দাগ কিদৰে আঁতৰাব?
ঘৰুৱা উপায়েৰেও ছালৰ দাগ আঁতৰাব পাৰি। ইয়াৰ বাবে টেনিং  কৰিব পাৰে। এই ক্ষেত্ৰত কেঁচা গাখীৰ ৫-৭ মিনিটৰ বাবে গোটেই মুখত নিয়মীয়াকৈ মালিচ কৰক। তাৰ পিছত ইয়াক ১০ মিনিটৰ বাবে তেনেদৰে থাকিবলৈ  দিয়ক পিছত  আৰু পানীৰে ধুই দিয়ক। যদি আপুনি বিচাৰে, আপুনি এলো ভেৰা জেলো প্ৰয়োগ কৰিব পাৰে। গাখীৰ আৰু কেঁচা হালধি মিহলি কৰি আৰু ইয়াক একেৰাহে কিছুদিন ক'লা দাগ পৰা স্থানত সানিলেও সুফল পোৱা যায়। ক'লা তুলসীৰ ৰস সানিলেও সুফল পাব পাৰি। পানী, ফলমূল আদি প্ৰচুৰ পৰিমাণে খাব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস