--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ত্ৰ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, ইয়াৰ কাম হ’ল খাদ্য হজম কৰা আৰু পুষ্টিকৰ পদাৰ্থ শোষণ কৰা, বিষাক্ত পদাৰ্থ আঁতৰ কৰা। যদি আপোনাৰ অন্ত্ৰৰ কাৰ্য্য শুদ্ধ নহয়, তেন্তে পেটত যে সমস্যা হ’ব সেয়া খাটাং। বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণ আৰু অস্বাস্থ্যকৰ খাদ্যৰ ফলত আমাৰ অন্ত্ৰৰ ক্ষতিৰ আশংকা বৃদ্ধি পায়। গতিকে যদি আপুনি হজম শক্তি সুস্থ কৰি ৰাখিব বিচাৰে আৰু আন সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে নিশ্চিতভাৱে কিছুমান অভ্যাস গ্ৰহণ কৰক, এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ বহু পাৰ্থক্য দেখা যাব।

আন্ত্ৰিক স্বাস্থ্যৰ বাবে কি কৰিব লাগে

১/ সদায় স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰকঃ যদি আমি অন্ত্ৰবোৰ সুস্থ কৰি ৰাখিব বিচাৰো তেন্তে আমি এনে খাদ্য খাব লাগিব যিবোৰ স্বাস্থ্যকৰ। দৈনন্দিন খাদ্যত বাদাম, ফলমূল আৰু অংকুৰিত মগু অন্তৰ্ভুক্ত কৰক। যদি আপুনি ফলমূল আৰু ফলৰ ৰস সেৱন কৰে, তেন্তে অন্ত্ৰ স্বাস্থ্যকৰ হ’ব। প্ৰিবায়টিক আৰু প্ৰ’বায়টিক খাদ্য যেনে দৈ আৰু ছাগলীৰ গাখীৰ খাব লাগে
খাদ্যত তেল আৰু মছলাৰ ব্যৱহাৰ যিমান পাৰি কম কৰক।

২) খাদ্যত প্ৰটিন অন্তৰ্ভুক্ত কৰকঃ বহু গৱেষণাত প্ৰমাণিত হৈছে যে প্ৰটিন সমৃদ্ধ খাদ্য আমাৰ অন্ত্ৰৰ বাবে উপকাৰী, গতিকে এনে বস্তু যিবোৰত প্ৰটিন থাকে সেইবোৰ দৈনিক খাব লাগে। ইয়াৰ বাবে কণী, পনীৰ, গোটা শস্য, দালি আৰু চয়াবিন খাব পাৰে। ই অন্ত্ৰ সুস্থ কৰি ৰখাত বহুত সহায় কৰে।

৩) এটা নিৰ্দিষ্ট দৈনিক ৰুটিন মানি চলকঃ যদি আমাৰ দৈনন্দিন কাম-কাজ শুদ্ধ হয়, তেন্তে কেৱল অন্ত্ৰই নহয়, আমাৰ সামগ্ৰিক স্বাস্থ্যও শুদ্ধ হ’ব। আপুনি আপোনাৰ তিনিটা সময়ৰ আহাৰ, শোৱাৰ সময়, ব্যায়াম কৰাৰ সময় নিৰ্দিষ্ট কৰি লওক আৰু নিয়মিতভাৱে অনুসৰণ কৰক। যদি আপুনি এইবোৰ কথাৰ ওপৰত ধ্যান দিয়ে তেন্তে কেইদিনমানৰ ভিতৰতে ইয়াৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস