--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ ডিভ’ৰ্চ হ’ব বুলি ঘুনুক ঘানাককৈ খবৰ বিয়পি পৰিছে। ২০২০ চনত নিজতকৈ ৬ বছৰৰ সৰু ৰোহনপ্ৰীতৰ সৈতে ধুমধামেৰে বিবাহপাশত আৱদ্ধ হৈছিল নেহা। এতিয়া এই সংসাৰখনত ঘূণে ধৰিছে বুলি খবৰ প্ৰকাশ পাইছে। কণ্ঠশিল্পী নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ বিবাহ বিচ্ছেদ হ’ব বুলি ওলোৱা খবৰে অনুৰাগীৰ হৃদয় ভাঙি পেলাইছে। 

অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে দুয়োৰে পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাই। কিন্তু প্ৰশ্ন উত্থাপন হয় যে ছ’চিয়েল মিডিয়াত এই কথাটো কেনেকৈ আহিল? দুয়োৰে মাজত কি চলি আছে এতিয়া?

৬ জুনত নেহা কক্কাৰে পালন কৰিলে নিজৰ জন্মদিন। এই সময়ছোৱাত পিতৃ-মাতৃ আৰু ভগ্নী চনু কক্কৰক তেওঁৰ সৈতে দেখা পোৱা গৈছিল। জন্মদিনত স্বামী ৰোহনপ্ৰীত নাছিল নেহাৰ সৈতে। নেহাৰ জন্মদিন উদযাপনৰ ছবিত ৰোহনপ্ৰীতক নেদেখি অনুৰাগীয়ে অনুমান কৰিছে যে হয়তো দুয়োৰে মাজত বিবাদ চলি আছে। আনকি ৰোহনপ্ৰীতে নেহাক জন্মদিনৰ শুভকামনা জনাই ছ’চিয়েল মিডিয়াত নিদিলে একো পোষ্ট। 

শেহতীয়াকৈ নেহা কক্কৰক মুম্বাই বিমানবন্দৰত পৰিয়ালৰ সৈতে দেখা গৈছিল। তাতো নাছিল স্বামী ৰোহনপ্ৰীত সিং। পাপাৰাজীয়ে নেহাক আৰু তেওঁৰ পৰিয়ালক তেওঁলোকৰ কেমেৰাত ক্লিক কৰিবলৈ ধৰিলে। ইফালে যেতিয়া পাপাৰাজীয়ে নেহা কক্কৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিল, তেতিয়া নেহাই খৰধৰকৈ গুচি গৈছিল।

অনুৰাগীসকলে নেহা আৰু ৰোহনপ্ৰীতৰ সংসাৰখন যেন ঠিকে থাকে তাৰে আশা কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ