--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ ডিভ’ৰ্চ হ’ব বুলি ঘুনুক ঘানাককৈ খবৰ বিয়পি পৰিছে। ২০২০ চনত নিজতকৈ ৬ বছৰৰ সৰু ৰোহনপ্ৰীতৰ সৈতে ধুমধামেৰে বিবাহপাশত আৱদ্ধ হৈছিল নেহা। এতিয়া এই সংসাৰখনত ঘূণে ধৰিছে বুলি খবৰ প্ৰকাশ পাইছে। কণ্ঠশিল্পী নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ বিবাহ বিচ্ছেদ হ’ব বুলি ওলোৱা খবৰে অনুৰাগীৰ হৃদয় ভাঙি পেলাইছে। 

অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে দুয়োৰে পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাই। কিন্তু প্ৰশ্ন উত্থাপন হয় যে ছ’চিয়েল মিডিয়াত এই কথাটো কেনেকৈ আহিল? দুয়োৰে মাজত কি চলি আছে এতিয়া?

৬ জুনত নেহা কক্কাৰে পালন কৰিলে নিজৰ জন্মদিন। এই সময়ছোৱাত পিতৃ-মাতৃ আৰু ভগ্নী চনু কক্কৰক তেওঁৰ সৈতে দেখা পোৱা গৈছিল। জন্মদিনত স্বামী ৰোহনপ্ৰীত নাছিল নেহাৰ সৈতে। নেহাৰ জন্মদিন উদযাপনৰ ছবিত ৰোহনপ্ৰীতক নেদেখি অনুৰাগীয়ে অনুমান কৰিছে যে হয়তো দুয়োৰে মাজত বিবাদ চলি আছে। আনকি ৰোহনপ্ৰীতে নেহাক জন্মদিনৰ শুভকামনা জনাই ছ’চিয়েল মিডিয়াত নিদিলে একো পোষ্ট। 

শেহতীয়াকৈ নেহা কক্কৰক মুম্বাই বিমানবন্দৰত পৰিয়ালৰ সৈতে দেখা গৈছিল। তাতো নাছিল স্বামী ৰোহনপ্ৰীত সিং। পাপাৰাজীয়ে নেহাক আৰু তেওঁৰ পৰিয়ালক তেওঁলোকৰ কেমেৰাত ক্লিক কৰিবলৈ ধৰিলে। ইফালে যেতিয়া পাপাৰাজীয়ে নেহা কক্কৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিল, তেতিয়া নেহাই খৰধৰকৈ গুচি গৈছিল।

অনুৰাগীসকলে নেহা আৰু ৰোহনপ্ৰীতৰ সংসাৰখন যেন ঠিকে থাকে তাৰে আশা কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু