--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ বছৰ আগৰ এটা গোচৰ৷ লোকচক্ষুৰ সন্মুখতে মিকা সিঙে অভিনেত্ৰী ৰাখী সাৱন্তক জোৰ কৰি চুম্বন কৰিছিল৷ ফলত আদালতত বিষয়টোকলৈ গোচৰ চলি আছিল৷ সুদীৰ্ঘ ১৭ বছৰৰ পাছত ৰাখী সাৱন্তৰ যেন  গায়ক মিকা সিঙৰ ওপৰত  খং কমিছে। 

সেয়ে ২০০৬  চনত ৰাখীয়ে  বলপূৰ্বক চুম্বন কৰাৰ অপৰাধত মিকাৰ বিৰুদ্ধে তৰা  গোচৰটো প্ৰত্যাহাৰ কৰিছে৷ বৰ অনুসৰি ৰাখী আৰু মিকাই গোচৰটো সমিলমিলেৰে নিষ্পত্তি কৰিছে। জানিব পৰা মতে বৃহস্পতিবাৰে ৰাখীয়ে মিকাৰ বিৰুদ্ধে থকা গোচৰটো প্ৰত্যাহাৰ কৰে।

 ন্যায়াধীশ এ এছ গাডকাৰী আৰু এছ জি ডিজেৰ এখন  খণ্ড বিচাৰপীঠে ৰাখীৰ আবেদন বিবেচনা কৰাৰ পিছত গোচৰটো খাৰিজ কৰে৷  শপতনামাত ৰাখীয়ে লিখিছে, "আমি সমগ্ৰ ঘটনাটো  বন্ধুত্বপূৰ্ণ ভাৱে সমাধান কৰিছো। আমি দুয়োৱে  বুজি পাইছো  যে সেয়া  এটা সম্পূৰ্ণ ভুল বুজাবুজি আছিল। যি কথাই  বিষয়টোক অধিক জটিল কৰি তুলিছিল। "

২০০৬ চনত মিকাৰ জন্মদিনত মিকাৰ বিৰুদ্ধে মুম্বাইৰ নাইট ক্লাবত ৰাখীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছিল। মিকাই ৰাখীক বলপূৰ্বক চুম্বন কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু