--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোটা মগুমাহ কেইঘন্টামান সময় তিয়াই থলে কোমল হয়। এই কোমল মগুমাহ  টুকি ৰাখিলে এদিনৰ  পাছত গজালি ওলায় আৰু ইয়াকে কয় গাজী মগু বা গজালি ওলোৱা মগু(Sprouts)। গাজী মগু শৰীৰৰ বাবে অতি উত্তম। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাবে ব্যৱহৃত হৈ আহিছে। প্ৰতিদিনে গাজী মগু খালে এজন ব্যক্তি নিৰোগী হৈ থাকে। গাজী মগু আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিৰে ভৰপূৰ।  গাজী মগু খালে শৰীৰে প্ৰ’টিন লাভ কৰাৰ লগতে পুষ্টি লাভ কৰে।


১) গাজী মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।

২)গাজী মগুত থকা আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিয়ে শৰীৰৰ পুষ্টিসাধন কৰে।

৩)গাজী মগু খালে খাদ্যনলী পৰিস্কাৰ হয়।

৪)গাজী মগু খালে শৌচ খোলোচা হয়।

৫)গাজী মগু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী।

৬)গাজী মগুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।


৭)গাজী মগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়।

৮)গাজী মগু খালে চুলিৰ গুৰি শক্তিশালী হয় আৰু চুলি সৰাত বাধা দিয়ে।

৯)গাজী মগু খালে আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ হয়।

১০)গাজী মগু খালে চাল নিমজ আৰু উজ্জ্বল হয় আৰু চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

১১)গাজী মগুৱে মহিলাক গৰ্ভৱতী হোৱাত সহায় কৰে।

১২)গাজী মগু খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয়।

১৩)গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

১৪) নখৰ বাবে উপকাৰী গাজী মগু।

গতিকে অনেক উপকাৰিতাৰে ভৰপূৰ গাজী মগু খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক