--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জিম কৰবেট, বান্ধৱগড় আৰু বন্দীপুৰৰ দৰে সংৰক্ষিত বনাঞ্চল তেওঁলোকৰ আটাইতকৈ ডাঙৰ আশ্ৰয়স্থল। কিন্তু চিকাৰ আৰু বনাঞ্চল ধ্বংসৰ দৰে সমস্যাৰ ফলত এইসমূহৰ আশ্ৰয়স্থল নোহোৱা হৈ পৰিছে যাৰ ফলত বাঘৰ সংখ্যা দিনক দিনে হ্ৰাস পাব ধৰিছে

ডিজিটেল ডেস্ক: বাঘ আমাৰ পৰিৱেশ তন্ত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ অংগ। বিশ্বত ৩৮৯০ৰ পৰা ৪০০০ বাঘ সংৰক্ষিত হৈ আছে। তাৰে ৩৬৮২ ভাৰতৰ । যিটো বিশ্বৰ জনসংখ্যাৰ ৭৫ শতাংশ বাঘ।


জিম কৰবেট, বান্ধৱগড় আৰু বন্দীপুৰৰ দৰে সংৰক্ষিত বনাঞ্চল তেওঁলোকৰ আটাইতকৈ ডাঙৰ আশ্ৰয়স্থল। কিন্তু চিকাৰ আৰু বনাঞ্চল ধ্বংসৰ দৰে সমস্যাৰ ফলত এইসমূহৰ আশ্ৰয়স্থল নোহোৱা হৈ পৰিছে যাৰ ফলত বাঘৰ সংখ্যা দিনক দিনে হ্ৰাস পাব ধৰিছে ।


আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস প্ৰতি বছৰে ২৯ জুলাই তাৰিখে পালন কৰা হয় । এই দিন উদযাপনৰ মূল উদ্দেশ্য হ'ল সমগ্ৰ বিশ্বতে বাঘ সংৰক্ষণৰ জাগৰণ সৃষ্ঠি কৰা আৰু প্ৰকৃতিৰ এই অমূল্য সম্পদ সমূহ ৰক্ষা কৰিবলৈ চেষ্টা কৰা ।


২০১০ চনত ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হোৱা ব্যাঘ্ৰ সন্মিলনত এই দিনটো আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল, য’ত বাঘৰ সংখ্যা বিপুলভাৱে হ্ৰাস পোৱা দেখা গৈছিল।


প্ৰায় ১০০ বছৰ আগলৈকে বাঘৰ সংখ্যা লাখ লাখ আছিল যদিও চিকাৰ, বনাঞ্চল ধ্বংস আৰু অবৈধ ব্যৱসায়ৰ বাবে এই সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছিল। আজিকালি সমগ্ৰ বিশ্বতে বাঘক বিলুপ্ত প্ৰায় প্ৰাণী বুলি গণ্য কৰা হয়।


২০২২ চনৰ গ্ল’বেল টাইগাৰ চেঞ্চাছ অনুসৰি সমগ্ৰ বিশ্বতে প্ৰায় ৩৮৯০ৰ পৰা ৪০০০ টা বাঘ বাকী আছে। এই সংখ্যা অনুমানৰ ভিত্তিত কৰা হৈছে, কাৰণ বনাঞ্চলত গণনা কৰাটো কঠিন কাম ।


বাঘ প্ৰধানকৈ এছিয়াত পোৱা যায় কিছুমান নিৰ্দিষ্ট দেশত ইয়াৰ জনসংখ্যা অধিক ।


• ভাৰতৰ দৰে দেশত ২০২২ চনৰ চেঞ্চাছ অনুসৰি বাঘৰ সংখ্যা ৩৬৮২ ।


•ৰাছিয়াৰ সুদূৰ পূৰ্বাঞ্চলৰ অৰণ্যত চাইবেৰিয়ান ত (আমুৰ) বাঘ পোৱা যায়। এই বাঘৰ সংখ্যা প্ৰায় ৫০০-৬০০।


• ইন্দোনেছিয়াত সুমাত্ৰা বাঘ পোৱা যায়। ইহঁতৰ সংখ্যা প্ৰায় ৪০০। এইবোৰ সংকটজনকভাৱে বিপন্ন। 


•নেপালত চিতৱান আৰু বৰদিয়া ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৩৫০-৪০০ বাঘ আছে ।


•সুন্দৰবনৰ মেংগ্ৰোভ বনাঞ্চলত প্ৰায় ১০০-১২০ টা বাঘ আছে। 


এনেদৰেই বাংলাদেশ , ইন্দোনেছিয়া ,মালয়েছিয়া আদিত বাঘৰ সংখ্য গুৰুতত্বপূৰ্ন। ম্যানমাৰ, ভূটান, চীন আদি আন দেশত বাঘৰ সংখ্যা অতি কম বা প্ৰায় বিলুপ্ত বুলি ক'ব পাৰি।


ব্যাঘ্ৰ সংৰক্ষণত ভাৰত সকলোতকৈ আগবঢ়া দেশ


কৰ্ণাটকৰ বান্দিপুৰ বাঘ সংৰক্ষিত বনাঞ্চল ইয়াত ১৫০ টা বাঘ আছে ইয়াৰ উপৰিও ই নীলগিৰি পাৰ্বত্য অঞ্চলৰ অংশ য'ত বাঘৰ বাবে নিৰাপদ ঠাইৰ সৃষ্টি কৰে ।


কৰ্ণাটকৰ নগৰহোল বাঘ সংৰক্ষিত বনাঞ্চল য'ত ১৪১ টা বাঘ আছে ।


বন্ধৱগড় বাঘ সংৰক্ষিত বনাঞ্চল য'ত ১৩৫ টা বাঘ আছে । এইখন মধ্যপ্ৰদেশৰ অন্তৰ্গত । মধ্যপ্ৰদেশ বাঘৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে য'ত বাঘৰ সংখ্যাই ৭৮৫ টা

যিটো ভাৰতৰ ভিতৰতে সৰ্বাধিক।




বাঘ সংৰক্ষণৰ প্ৰত্যাহ্বান


•চিকাৰ আৰু অন্য ব্যৱসায় বাঘৰ ছাল আৰু হাড়ৰ চাহিদাও এতিয়াও ভাবুকিৰ সৃষ্টি কৰিছে ।


•বনাঞ্চল ধ্বংসৰ ফলত বাঘৰ বাসস্থান সংকুচিত হৈ আহিছে ।


•হৰিণ আৰু বনৰীয়া গাহৰিৰ সংখ্যা কমি অহাৰ ফলত বাঘ কমি আহিছে ।



ভাৰতে প্ৰজেক্ট টাইগাৰ (১৯৭৩ চনত আৰম্ভ হোৱা) আৰু এন টি চি এৰ জৰিয়তে এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে। বিশেষজ্ঞসকলৰ মতে ভাৰতৰ আৰ্হি বিশ্বৰ বাবে এক আদৰ্শ, কিন্তু বনাঞ্চল আৰু চিকাৰৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। মিজোৰাম আৰু ঝাৰখণ্ডৰ কিছুমান সংৰক্ষিত বনাঞ্চলত বাঘ বিলুপ্ত হৈ গৈছে। মানুহ আৰু বাঘৰ মাজত ভাৰসাম্য ৰক্ষা নকৰিলে এই বৃদ্ধি বন্ধ হ’ব পাৰে। ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ