--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শ্ৰমিকসকলে মাটি খান্দি থাকোঁতে হঠাতে মাটিৰ ভিতৰত এটা ঘূৰণীয়া শিলৰ দৰে আকৃতিৰ আবিৰ্ভাৱ ঘটিল। ভালদৰে চালে সেই মূৰ্তিটো সাধাৰণ শিল নহয়, সেয়া শিৱলিংগ বুলি পোহৰলৈ আহে।

ডিজিটেল ডেস্ক : এতিয়া চলি আছে শাওণ মাহ।মহাদেৱৰ পূজা-অৰ্চনাত ব্যস্ত আছে ভক্তগণ। এনে সময়তে উত্তৰ প্ৰদেশৰ চণ্ডাউলি জিলাৰ পৰা এটা ঘটনা পোহৰলৈ আহিছে, যি ঘটনা হিন্দু-মুছলমানৰ ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰো নিদৰ্শন হৈ পৰিছে।আলিনগৰ থানা এলেকাৰ ধাপৰি গাঁৱত এটা মুছলমান পৰিয়ালৰ ব্যক্তিগত মাটিৰ ভেটি খান্দি থকা অৱস্থাত উদ্ধাৰ হোৱা এটা শিৱলিংগই সমগ্ৰ গাঁওখনতে চাঞ্চল্যৰ সৃষ্টি কৰে।


অলপ সময়ৰ ভিতৰতে শ শ গাঁৱৰ মানুহ তাত সমবেত হ’বলৈ ধৰিলে। শিৱলিংগৰ তথ্য বনজুইৰ দৰে বিয়পি পৰে আৰু শাওণৰ সোমবাৰে পুৱা এই ঠাইখন পূজা আৰু জলাভিষেকৰ কেন্দ্ৰবিন্দু হৈ পৰিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নিৰাপত্তাৰ বাবে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰিছে।


ধাপৰি গাঁৱৰ বাসিন্দা ছাকলাইন হাইদৰে নিজৰ পূৰ্বপুৰুষৰ মাটিৰ এটা অংশ নিজৰ আত্মীয় আখতাৰ আনছাৰীৰ হাতত পঞ্জীয়ন কৰিছিল। এই ভূমি মুঠ ১১টা ভাগত বিস্তৃত। বাৰাণসীৰ বাসিন্দা আখতাৰ আনছাৰীয়ে দুদিন পূৰ্বে এই ভূমিৰ সীমা দেৱালৰ ভেটি খান্দিবলৈ আৰম্ভ কৰিছিল। শ্ৰমিকসকলে মাটি খান্দি থাকোঁতে হঠাতে মাটিৰ ভিতৰত এটা ঘূৰণীয়া শিলৰ দৰে আকৃতিৰ আবিৰ্ভাৱ ঘটিল। ভালদৰে চালে সেই মূৰ্তিটো সাধাৰণ শিল নহয়, সেয়া শিৱলিংগ বুলি পোহৰলৈ আহে। এই শিৱলিংগ কেৱল পূৰ্ণাংগ ৰূপতেই নহয়, ইয়াৰ ৰূপ দেখি গাঁৱৰ মানুহে অনুভৱ কৰিলে যে ই কোনো সাধাৰণ প্ৰতীক নহয়, বৰঞ্চ বহু প্ৰাচীন শিৱলিংগ।


শিৱলিংগৰ খবৰ বিয়পি পৰাৰ লগে লগে ধাপৰি আৰু ওচৰৰ গাঁৱৰ ভক্তৰ ভিৰ লাগিল। গাঁৱৰ মহিলাসকলে ভজন গাবলৈ আৰম্ভ কৰিলে, পুৰুষসকল জলাভিষেকৰ লগত জড়িত হৈ পৰিল আৰু সমগ্ৰ পৰিৱেশটো বিশ্বাস আৰু ভক্তিৰে ভৰি পৰিল। পৰিস্থিতিৰ সংবেদনশীলতা বুজি প্ৰশাসনিক বিষয়া আৰু আৰক্ষী বাহিনীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই সময়ত যেতিয়া গাঁৱৰ ৰাইজে শিৱলিংগ পোৱা ঠাইত মন্দিৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছিল, তেতিয়া কোনো বিতৰ্ক নোহোৱাকৈয়ে ছাকলাইন হাইদৰ আৰু তেওঁৰ পৰিয়ালে সিদ্ধান্ত লৈছিল যে মন্দিৰ নিৰ্মাণৰ বাবে নিজৰ মাটিৰ এটা অংশ দান দিব।


ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় বিধায়ক আৰু প্ৰশাসনিক বিষয়াসকলো সেই স্থানত উপস্থিত হয়। বিধায়কগৰাকীৰ সন্মুখত মুকলি মঞ্চৰ পৰাও ঘোষণা কৰে যে তেওঁ স্বেচ্ছাই এই মাটি মন্দিৰ নিৰ্মাণৰ বাবে দান কৰিছে। ইয়াৰ পিছত আঞ্চলিক প্ৰশাসনে থিতাতে জোখ-মাখৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।


অৱশ্যে বিষয়টোৰ সংবেদনশীলতাক বিবেচনা কৰি জিলা প্ৰশাসন সম্পূৰ্ণ সজাগ হৈ আছে। শিৱলিংগৰ সুৰক্ষাৰ কথা মনত ৰাখি আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। SDM, COকে ধৰি স্থানীয় প্ৰশাসনিক বিষয়াসকলে সময়ে সময়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। আৰক্ষীৰ উপস্থিতিৰ মাজতে গাঁওখনত সম্পূৰ্ণ শান্তি বিৰাজ কৰি আছে। এই গাঁৱত সমন্বয় বিৰাজ কৰিব আৰু কোনো ধৰণৰ বিবাদ নহ’ব বুলি গাঁওবাসীয়ে প্ৰশাসনক আশ্বাস দিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ