--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৫ বছৰীয়া যুৱকজনৰ এই মৃত্যুৱে সকলোকে জোকাৰি গৈছে। ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই দৃশ্য দেখি সকলো আচৰিত হৈ পৰিছে।

ডিজিটেল ডেস্কঃ খেলি থাকোতেই কৰুণ মৃত্যুক সাবটিলে এজন যুৱকে। হাৰ্ট এটেক হৈ মৃত্যুক সাবটিলে ২৫ বছৰীয়া যুৱকজনে। হায়দৰাবাদৰ উপপাল ষ্টেডিয়ামৰ ইনড’ৰ বেডমিণ্টন ক’ৰ্টত সংঘটিত হৈছে এই কৰুণ ঘটনা। 


মৃত যুৱকজনৰ নাম  গুণ্ডলা ৰাকেশ। ভাইৰেল ভিডিঅ’টোত গুণ্ডলাই বেডমিণ্টনৰ ডাবলছ মেচ খেলি থকা দেখা গৈছে। খেলি থাকোতে হঠাতে হাৰ্ট এটেকৰ বাবে ঢলি পৰে যুৱকজন। সংগীসকলে তেওঁক চিকিৎসালয়লৈ লৈ গ’ল যদিও চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষণা কৰে। 


২৫ বছৰীয়া যুৱকজনৰ এই মৃত্যুৱে সকলোকে জোকাৰি গৈছে। ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  এই দৃশ্য দেখি সকলো আচৰিত হৈ পৰিছে।


ৰাকেশে হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। মূলতঃ খাম্মাম জিলাৰ টাল্লাডা গাঁৱৰ বাসিন্দা আছিল ৰাকেশ। 


হায়দৰাবাদৰ এই ঘটনাই যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকৰ প্ৰাদুৰ্ভাৱৰ ওপৰত পুনৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বেছিভাগ ঘটনাই খেলা-ধূলা আৰু ব্যায়াম কৰাৰ সময়ত সংঘটিত হৈছে, যাৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলেও এই বিষয়ে গৱেষণা কৰি আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট তথ্য লাভ কৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু