--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৫ বছৰীয়া যুৱকজনৰ এই মৃত্যুৱে সকলোকে জোকাৰি গৈছে। ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই দৃশ্য দেখি সকলো আচৰিত হৈ পৰিছে।

ডিজিটেল ডেস্কঃ খেলি থাকোতেই কৰুণ মৃত্যুক সাবটিলে এজন যুৱকে। হাৰ্ট এটেক হৈ মৃত্যুক সাবটিলে ২৫ বছৰীয়া যুৱকজনে। হায়দৰাবাদৰ উপপাল ষ্টেডিয়ামৰ ইনড’ৰ বেডমিণ্টন ক’ৰ্টত সংঘটিত হৈছে এই কৰুণ ঘটনা। 


মৃত যুৱকজনৰ নাম  গুণ্ডলা ৰাকেশ। ভাইৰেল ভিডিঅ’টোত গুণ্ডলাই বেডমিণ্টনৰ ডাবলছ মেচ খেলি থকা দেখা গৈছে। খেলি থাকোতে হঠাতে হাৰ্ট এটেকৰ বাবে ঢলি পৰে যুৱকজন। সংগীসকলে তেওঁক চিকিৎসালয়লৈ লৈ গ’ল যদিও চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষণা কৰে। 


২৫ বছৰীয়া যুৱকজনৰ এই মৃত্যুৱে সকলোকে জোকাৰি গৈছে। ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  এই দৃশ্য দেখি সকলো আচৰিত হৈ পৰিছে।


ৰাকেশে হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। মূলতঃ খাম্মাম জিলাৰ টাল্লাডা গাঁৱৰ বাসিন্দা আছিল ৰাকেশ। 


হায়দৰাবাদৰ এই ঘটনাই যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকৰ প্ৰাদুৰ্ভাৱৰ ওপৰত পুনৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বেছিভাগ ঘটনাই খেলা-ধূলা আৰু ব্যায়াম কৰাৰ সময়ত সংঘটিত হৈছে, যাৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলেও এই বিষয়ে গৱেষণা কৰি আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট তথ্য লাভ কৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ