--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ব্যস্ততা পূৰ্ণ দিনত ছাল আৰু চুলিৰ যতনত বহুত হেমাহী হয়। ইপিনে গৰমৰ দিনত ছাল-চুলিৰ যতন ৰখাটো অতি প্ৰয়োজনীয় হয়। গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল-চুলিৰ যথেষ্ট পৰিমানে ক্ষতি হয় । এইদিনকেইটাত সেয়েহে ছাল-চুলিৰ উপযুক্ত যত্ন ল'ব লাগে। গৰমৰ দিনকেইটাত পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে। চুলিৰ গুৰিবোৰ ঘামি তেলেতীয়া হৈ থাকে যাৰ ফলত চুলি সৰিব পাৰে। সেয়েহে প্ৰয়োজন অনুসৰি চুলিবোৰ চেম্পু কৰিব। কণ্ডিচনাৰ ব্যৱহাৰ কৰিব।

photo credit : Internet

মন কৰিবলগীয়া যে, বহু মাহ ধৰি আমি প্ৰায় সকলোৱেই চুলিত একেটা চেম্পু ব্যৱহাৰ কৰো । এইটো জানি থোৱাটো দৰকাৰী যে, আমাৰ চুলি কেতিয়াও একেটা চেম্পুৰ বাবে এডিক্টেট নহয়। প্ৰয়োজন অনুসৰি চেম্পু সলনি ও কৰিব পাৰো। সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালকো বেয়াকৈ প্ৰভাৱিত কৰে । গৰমৰ দিনত ছালৰ প্ৰাকৃতিক উজ্বলতা হেৰাই যায় । ৰ’দে পোৰা, শালম‍ইনা, ঘামচি আদি সমস্যাই গা কৰি উঠে । কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি ছালৰ সতেজতা ঘুৰাই আনিব পাৰি । পানী প্ৰচুৰ পৰিমাণে খালে অৱশ্যে কিছু সমস্যা হ্ৰাস হ'ব পাৰে । চানস্ক্ৰীন ব্যৱহাৰ কৰিলে ৰদে পোৰা কমিব পাৰে।

photo credit : Internet


মুলতানী মাটি , গোলাপজল, কমলাৰ শুকান বাকলিৰ গুৰি সমান পৰিমানত একেলগে মিহলাই দহমিনিট মুখত লগাই থৈ ঠাণ্ডা পানীৰে ধূব । ছালখন নিমজ আৰু উজ্বল হ’ব। তিয়হ , নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থব । মাজে মাজে মুখত ঘহিব । মুখখন উজ্বল হ’ব আৰু শালমইনা ও কমিব।গাখীৰ , মৌ, আৰু নেমু ৰস মিহলাই ১৫ মিনিট মুখত লগাই ধূব । ৰ’দে পোৰা দাগ কমিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
প্ৰথমটো হাইড্ৰ’জেন চালিত ডবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!