--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ব্যস্ততা পূৰ্ণ দিনত ছাল আৰু চুলিৰ যতনত বহুত হেমাহী হয়। ইপিনে গৰমৰ দিনত ছাল-চুলিৰ যতন ৰখাটো অতি প্ৰয়োজনীয় হয়। গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল-চুলিৰ যথেষ্ট পৰিমানে ক্ষতি হয় । এইদিনকেইটাত সেয়েহে ছাল-চুলিৰ উপযুক্ত যত্ন ল'ব লাগে। গৰমৰ দিনকেইটাত পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে। চুলিৰ গুৰিবোৰ ঘামি তেলেতীয়া হৈ থাকে যাৰ ফলত চুলি সৰিব পাৰে। সেয়েহে প্ৰয়োজন অনুসৰি চুলিবোৰ চেম্পু কৰিব। কণ্ডিচনাৰ ব্যৱহাৰ কৰিব।

photo credit : Internet

মন কৰিবলগীয়া যে, বহু মাহ ধৰি আমি প্ৰায় সকলোৱেই চুলিত একেটা চেম্পু ব্যৱহাৰ কৰো । এইটো জানি থোৱাটো দৰকাৰী যে, আমাৰ চুলি কেতিয়াও একেটা চেম্পুৰ বাবে এডিক্টেট নহয়। প্ৰয়োজন অনুসৰি চেম্পু সলনি ও কৰিব পাৰো। সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালকো বেয়াকৈ প্ৰভাৱিত কৰে । গৰমৰ দিনত ছালৰ প্ৰাকৃতিক উজ্বলতা হেৰাই যায় । ৰ’দে পোৰা, শালম‍ইনা, ঘামচি আদি সমস্যাই গা কৰি উঠে । কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি ছালৰ সতেজতা ঘুৰাই আনিব পাৰি । পানী প্ৰচুৰ পৰিমাণে খালে অৱশ্যে কিছু সমস্যা হ্ৰাস হ'ব পাৰে । চানস্ক্ৰীন ব্যৱহাৰ কৰিলে ৰদে পোৰা কমিব পাৰে।

photo credit : Internet


মুলতানী মাটি , গোলাপজল, কমলাৰ শুকান বাকলিৰ গুৰি সমান পৰিমানত একেলগে মিহলাই দহমিনিট মুখত লগাই থৈ ঠাণ্ডা পানীৰে ধূব । ছালখন নিমজ আৰু উজ্বল হ’ব। তিয়হ , নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থব । মাজে মাজে মুখত ঘহিব । মুখখন উজ্বল হ’ব আৰু শালমইনা ও কমিব।গাখীৰ , মৌ, আৰু নেমু ৰস মিহলাই ১৫ মিনিট মুখত লগাই ধূব । ৰ’দে পোৰা দাগ কমিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে