--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঁয়াজ-জলকীয়াৰে পঁইতা ভাতমুঠি বহুতৰে প্ৰিয়। বিশেষকৈ গৰমৰ দিনত পুৱাই পেটত পঁইতা ভাত এমুঠি পৰিলে দিনটোৰ বাবে দেহ শাত পৰি থাকে বুলি বহুতে ধাৰণা কৰে। পঁইতা ভাতে কেৱল শৰীৰটোৱেই  শীতল নকৰে, আপুনি ইয়াৰ বাকী গুণবোৰৰ কথা  জানিলে হয়তো  আচৰিত হ'ব। পঁইতা ভাত  গৰম ভাততকৈ  বহুত বেছি উপকাৰী।  ক্লিনিকেল নিউট্ৰিচিয়ান আৰু কনচাল্টেণ্ট ডায়েটিচিয়ান সকলোৰ বহুতেপঁইতা ভাতৰ গুণৰ কথা কৈ আহিছে। 

গ্ৰীষ্মকালত  তাপমাত্ৰা উচ্চ হয়।এই সময়ছোৱাত সুস্থ হৈ থাকিবলৈ যিমান সম্ভৱ পাতল খাদ্য খাবলৈ চেষ্টা কৰিব লাগে। এনে সময়ত  শৰীৰ শীতল কৰি ৰখাত পঁইতা ভাত যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে। পঁইতা ভাতৰ উপকাৰিতাসমূহ জানো আহক- 

ভিটামিন বি ১২ৰে পৰিপুষ্ট :  পঁইতা ভাতত ভিটামিন বি ১২ বহু পৰিমাণে থাকে । ই  আমাৰ ভাগৰ আৰু অনিদ্ৰা উপশম কৰাত সহায় কৰে।

এচিডিটিৰ পৰা সকাহ: পঁইতা ভাতে আমাৰ দেহত  পি.এইচ.-ৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। ই আলচাৰ ৰোগীকো সেয়ে  লাভাৱান্বিত কৰে। পঁইতা ভাতে গেছৰ  অশান্তিৰ পৰা আমাক সকাহ দিব পাৰে। 

 মাতৃসকলৰ বাবে: পানীত তিয়াই থোৱাৰ ফলত পঁইতা ভাতত   প্ৰচুৰ লেক্টিক এচিড উৎপাদন হয়। এনে এচিডে হজম শক্তি  বৃদ্ধি  কৰাৰ লগতে শিশুক দুগ্ধপান কৰাই থকা মাতৃসকলৰ  গাখীৰ উৎপাদন  বৃদ্ধি কৰাত  সহায় কৰে।


কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে:  পঁইতা ভাতে প্ৰাকৃতিকভাবে  হজমকাৰী  হিচাপে কাম কৰে।  ফলত কোষ্ঠকাঠিন্য ই  দূৰ কৰিব পাৰে।  


ৰক্তচাপ নিয়ন্ত্ৰণ: ই ৰক্তচাপ ৰোগীৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী। ইয়াত থকা ছডিয়ামৰ পৰিমাণ সাধাৰণ ভাততকৈ কম হয় । আনহাতে ইয়াত পটাছিয়ামৰ পৰিমাণ যথেষ্ট বেছি থাকে।

ৰিহাইড্ৰেচন: পঁইতা ভাতক  'বডী ৰিহাইড্ৰেটিং ফুড' বুলিও কোৱা হয়। পঁইতা ভাত সেয়ে  গ্ৰীষ্মকালীন খাদ্য হিচাপে উপকাৰী।

ছালৰ উজ্জ্বলতা: পঁইতা ভাতক  'বিউটি চিক্ৰেট' বুলি কোৱা হয়। কিয়নো ই  আমাৰ দেহত কোলাজেন সৃষ্টিত সহায় কৰে। কোলাজেনে আমাৰ  ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে, সেয়েহে ছাল মসৃণ, টান আৰু উজ্জ্বল দেখায়।

মাইক্ৰ'নিউট্ৰিয়েণ্টেৰে সমৃদ্ধ: পঁইতা ভাতত দেহৰ বাবে উপকাৰী বহু  মাইক্ৰ'নিউট্ৰিয়েণ্টৰ উপলব্ধ হয় । সইবোৰৰ ভিতৰত  – মেগনেছিয়াম, কেলচিয়াম, লোৰ দৰে উপাদান আদি থাকে।  ১০০  গ্ৰাম সাধাৰণ চাউলত ৩.৪  মিগ্ৰা লো থাকে। আনহাতে পঁইতা ভাতৰ ক্ষেত্ৰত  ই প্ৰায় ২১ গুণ, ৭৩.৯১ মিগ্ৰা হয়।

উপকাৰী বেক্টেৰিয়া: পঁইতা ভাতত  প্ৰ'বায়োটিক থাকে। ই হজম শক্তি বৃদ্ধি  কৰাত সহায় কৰে। একেদৰে ই গোটেই দিনটো কাম কৰিবলৈ শক্তি প্ৰদান কৰাতো সহায় কৰে।

অনিদ্ৰা দূৰ কৰেঃ পঁইতা ভাতত  প্ৰাকৃতিকভাবে  এলক'হলৰ  সৃষ্টি হয়। তদুপৰি দেহ শীতল হোৱা বাবে অনিদ্ৰা দূৰ কৰাত সহায় কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ