--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঁয়াজ-জলকীয়াৰে পঁইতা ভাতমুঠি বহুতৰে প্ৰিয়। বিশেষকৈ গৰমৰ দিনত পুৱাই পেটত পঁইতা ভাত এমুঠি পৰিলে দিনটোৰ বাবে দেহ শাত পৰি থাকে বুলি বহুতে ধাৰণা কৰে। পঁইতা ভাতে কেৱল শৰীৰটোৱেই  শীতল নকৰে, আপুনি ইয়াৰ বাকী গুণবোৰৰ কথা  জানিলে হয়তো  আচৰিত হ'ব। পঁইতা ভাত  গৰম ভাততকৈ  বহুত বেছি উপকাৰী।  ক্লিনিকেল নিউট্ৰিচিয়ান আৰু কনচাল্টেণ্ট ডায়েটিচিয়ান সকলোৰ বহুতেপঁইতা ভাতৰ গুণৰ কথা কৈ আহিছে। 

গ্ৰীষ্মকালত  তাপমাত্ৰা উচ্চ হয়।এই সময়ছোৱাত সুস্থ হৈ থাকিবলৈ যিমান সম্ভৱ পাতল খাদ্য খাবলৈ চেষ্টা কৰিব লাগে। এনে সময়ত  শৰীৰ শীতল কৰি ৰখাত পঁইতা ভাত যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে। পঁইতা ভাতৰ উপকাৰিতাসমূহ জানো আহক- 

ভিটামিন বি ১২ৰে পৰিপুষ্ট :  পঁইতা ভাতত ভিটামিন বি ১২ বহু পৰিমাণে থাকে । ই  আমাৰ ভাগৰ আৰু অনিদ্ৰা উপশম কৰাত সহায় কৰে।

এচিডিটিৰ পৰা সকাহ: পঁইতা ভাতে আমাৰ দেহত  পি.এইচ.-ৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। ই আলচাৰ ৰোগীকো সেয়ে  লাভাৱান্বিত কৰে। পঁইতা ভাতে গেছৰ  অশান্তিৰ পৰা আমাক সকাহ দিব পাৰে। 

 মাতৃসকলৰ বাবে: পানীত তিয়াই থোৱাৰ ফলত পঁইতা ভাতত   প্ৰচুৰ লেক্টিক এচিড উৎপাদন হয়। এনে এচিডে হজম শক্তি  বৃদ্ধি  কৰাৰ লগতে শিশুক দুগ্ধপান কৰাই থকা মাতৃসকলৰ  গাখীৰ উৎপাদন  বৃদ্ধি কৰাত  সহায় কৰে।


কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে:  পঁইতা ভাতে প্ৰাকৃতিকভাবে  হজমকাৰী  হিচাপে কাম কৰে।  ফলত কোষ্ঠকাঠিন্য ই  দূৰ কৰিব পাৰে।  


ৰক্তচাপ নিয়ন্ত্ৰণ: ই ৰক্তচাপ ৰোগীৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী। ইয়াত থকা ছডিয়ামৰ পৰিমাণ সাধাৰণ ভাততকৈ কম হয় । আনহাতে ইয়াত পটাছিয়ামৰ পৰিমাণ যথেষ্ট বেছি থাকে।

ৰিহাইড্ৰেচন: পঁইতা ভাতক  'বডী ৰিহাইড্ৰেটিং ফুড' বুলিও কোৱা হয়। পঁইতা ভাত সেয়ে  গ্ৰীষ্মকালীন খাদ্য হিচাপে উপকাৰী।

ছালৰ উজ্জ্বলতা: পঁইতা ভাতক  'বিউটি চিক্ৰেট' বুলি কোৱা হয়। কিয়নো ই  আমাৰ দেহত কোলাজেন সৃষ্টিত সহায় কৰে। কোলাজেনে আমাৰ  ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে, সেয়েহে ছাল মসৃণ, টান আৰু উজ্জ্বল দেখায়।

মাইক্ৰ'নিউট্ৰিয়েণ্টেৰে সমৃদ্ধ: পঁইতা ভাতত দেহৰ বাবে উপকাৰী বহু  মাইক্ৰ'নিউট্ৰিয়েণ্টৰ উপলব্ধ হয় । সইবোৰৰ ভিতৰত  – মেগনেছিয়াম, কেলচিয়াম, লোৰ দৰে উপাদান আদি থাকে।  ১০০  গ্ৰাম সাধাৰণ চাউলত ৩.৪  মিগ্ৰা লো থাকে। আনহাতে পঁইতা ভাতৰ ক্ষেত্ৰত  ই প্ৰায় ২১ গুণ, ৭৩.৯১ মিগ্ৰা হয়।

উপকাৰী বেক্টেৰিয়া: পঁইতা ভাতত  প্ৰ'বায়োটিক থাকে। ই হজম শক্তি বৃদ্ধি  কৰাত সহায় কৰে। একেদৰে ই গোটেই দিনটো কাম কৰিবলৈ শক্তি প্ৰদান কৰাতো সহায় কৰে।

অনিদ্ৰা দূৰ কৰেঃ পঁইতা ভাতত  প্ৰাকৃতিকভাবে  এলক'হলৰ  সৃষ্টি হয়। তদুপৰি দেহ শীতল হোৱা বাবে অনিদ্ৰা দূৰ কৰাত সহায় কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাক্সাত ৰাস চাই ঘৰলৈ ওভতাৰ পথত অচিনাক্ত বাহনৰ খুন্দাত যুৱকৰ মৃত্যু
কাছাৰত প্ৰেমত প্ৰতাৰণাৰ বলি হৈ যুৱতীৰ আ*ত্ম*হ*ত্যাৰ চেষ্টা
থাইৰয়ড ৰোগীয়ে কি কি খোৱাৰ পৰা বিৰত থাকিব লাগে? জানি লওক
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি
জুবিনে কন্দুৱালে ! 'ৰৈ ৰৈ বিনালে' চাবলৈ ওলাই আহিল আবাল-বৃদ্ধ-বনিতা