--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন লোক। কোনোদিনে সুৰাপান নকৰা লোকজনৰ দেহত পিছে আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰ লগোৱাৰ সময়ত প্ৰতিবাৰে পাইছে সুৰাৰ উপস্থিতি। ফলত আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁ। বেলজিয়ামৰ  এইজন ব্যক্তিক সুৰাপান কৰি গাড়ী চলোৱাৰ পৰা আটক কৰা হৈছিল যদিও তেওঁক অৱশেষত  মুক্তি দিয়া হৈছে । লোকজনৰ দেহত নিজে নিজেই সুৰাৰ সৃষ্টি হয় বুলি আদালত নিশ্চিত হোৱাৰ পিছতে তেওঁক মুক্তি দিয়া হৈছে।  দৰাচলতে লোকজন  অটো-ব্ৰুৱেৰী চিণ্ড্ৰোম (এবিএছ) নামৰ এক বিশেষ লক্ষণত আক্ৰান্ত। 

এনে লোকসকলৰ দেহত নিজে নিজেই সুৰাৰ সৃষ্টি হয়। এয়া এক অতি বিৰল অৱস্থা য'ত দ্বাৰা শৰীৰে সুৰা উৎপাদন কৰে।  আদালতে  লোকজন অটো-ব্ৰুৱেৰী চিণ্ড্ৰোম থকা বুলি প্ৰমাণ পোৱাৰ পিছতে  লোকজনক  নিৰ্দোষী সাব্যস্ত কৰে।

বেলজিয়ামৰ চিকিৎসালয় এজেড চিণ্ট-লুকাসৰ এগৰাকী নিদানিক জীৱবিজ্ঞানী লিছা ফ্লৰিনে কয়  যে এবিএছ থকা লোকসকলে দেহত নিজে নিজেই  সুৰা উৎপাদন কৰে । কিন্তু তেওঁলোকে সাধাৰণতে ইয়াৰ প্ৰভাৱ কমকৈ  অনুভৱ কৰে। এককথাত তেওঁলোকৰ দেহত সুৰা  উৎপাদন হোৱা স্বত্বেও নিচা অতি কমকৈ লাগি থাকে। কিন্তু পৰীক্ষা কৰিলে তেওঁলোকৰ দেহত সুৰাৰ উপস্থিতি পোৱা যায়। 

সাধাৰণতে  এনে লোকসকলে এ.বি.এছ.  জন্মৰে পৰাই লাভ নকৰে। পিছলৈ  সেয়া দেহত   বিকশিত হয় । ৰোগীসকলে সুৰাৰ নিচাৰ সৈতে সামঞ্জস্যপূৰ্ণ লক্ষণ যেনে কথা কওঁতে   জিভা লাগি ধৰা, উজুতি খোৱা,  মূৰ ঘূৰোৱা  আদি লক্ষণ প্ৰকট কৰিব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ