--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগৰমৰ দিনত পিয়াহ পলুৱাবলৈ অথবা দেহত পানীৰ পৰিমাণে সঠিক ৰাখিবলৈ আমি আন শীতল পানীয়ৰ লগতে ডাব নাৰিকৱৰ পানীও পান কৰো। ডাব নাৰিকলৰ পানী নিৰ্ভেজাল আৰু প্ৰাকৃতিক। নাৰিকল পানীৰ যথেষ্ট গুণ  আছে। কিন্তু সকলো ধৰণৰ  উপকাৰ স্বত্বেও অত্যাধিক নাৰিকল পানী খোৱাটো স্বাশ্ত্যৰ বাবে ক্ষতিকৰ হ'ব পাৰে।
 সেয়ে ডাব নাৰিকলৰ পানী যিকোনো লোকেই যিমান ইচ্ছা সিমান পান কৰিব পাৰি বুলি আমি বহুতেই ধাৰণা কৰো। কিন্তু কথা বোৰ তেনে নহয়। কেতিয়াবা ডাব নাৰিকলৰ পানীয়েও বহুতৰ বাবে অপকাৰী হৈ উঠিব পাৰে।

যদি আপুনি অত্যাধিক নাৰিকল পানী খায় তেন্তে কি হ'ব?ডাব নাৰিকলৰ পানীয়ে শৰীৰত খনিজ পদাৰ্থৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। কিন্তু ইমান বোৰ স্বাস্থ্যজনিত গুণ থকা স্বত্বেও, অত্যাধিক নাৰিকল পানী খোৱাটো এনেবোৰ কাৰণত ক্ষতিকাৰক হ'ব পাৰে।

১. যদি বৃক্কৰ ৰোগ আছে

ডাব নাৰিকলৰ পানীত বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ থাকে, যেনে  কেলচিয়াম, পটাছিয়াম। বৃক্কৰ সমস্যাত ভুগি থকা সকলে   অত্যাধিক ডাব নাৰিকলৰ পানী খাই থাকিলে  খনিজ নিমখৰ ভাৰসাম্য নষ্ট হ'ব পাৰে। অত্যাধিক নাৰিকলৰ পানী খালে 'হাইপাৰকেলেমিয়া' হ'ব পাৰে। দেহত পটাছিয়াম বিশুদ্ধকৰণৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে। সেয়েহে, বৃক্কৰোগীসকলে ডাব নাৰিকলৰ পানী খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

২. যদি  ৰক্তচাপৰ  সমস্যা ভুগি আছে
ডাব নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে ছডিয়াম থাকে। অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ছডিয়ামৰ উপৰি নাৰিকলৰ পানীত পটাছিয়ামো থাকে। যি ৰক্তচাপ হ্ৰাস কৰিব পাৰে। ফলস্বৰূপে, যিসকলে ৰক্তচাপৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে অত্যাধিক নাৰিকল পানীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৩. ডায়েবেটিচত

ডায়েবেটিচত ভুগি থকা সকলে ডাব নাৰিকলৰ পানী খাব লাগে নে নাই সেই বিষয়ে বিশেষজ্ঞসকলৰ মতভেদ আছে। কিছুমানে কয় যে যেতিয়া শৰীৰত ডিহাইড্ৰেচন হয় তেতিয়া ডাব নাৰিকলৰ পানীয়ে চেনিৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব পাৰে। কিছুমানে কয় যে এক কাপ ডাব নাৰিকলৰ পানীত প্ৰায় ৬.২৬ গ্ৰাম কাৰ্বোহাইড্ৰেট থাকিব পাৰে। যি ৰক্তৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। অৱশ্যে, বিশেষজ্ঞসকলে কয় যে ডাব নাৰিকলৰ পানীত চেনীৰ পৰিমাণ  বজাৰৰ সাধাৰণ পানীয়তকৈ যথেষ্ট কম।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ