--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ ওচৰে পাজৰে দাঁতেৰে নখ কামোৰা বহু লোক আছে।  কিছুমানে উত্তেজনাত নখ কামোৰি দিয়ে, কোনোবাই ভয়ত, কোনোবাই আকৌ কেৱল অভ্যাসৰ বাবে। কিন্তু আপুনি জানেনে যে দাঁতেৰে নখ কামোৰা আচলতে একাধিক ৰোগৰ কাৰণ‌। এই বেয়া অভ্যাস বহুত ডেকা-বুঢ়াৰ মাজত দেখা যায়। চিকিৎসকে কয় যে এই অভ্যাসৰ বাবেই বহুতো ৰোগ হ’ব পাৰে। আনহাতে, দাঁতেৰে নখ কামোৰাটো নিজেই এক ৰোগ। নখ কামোৰাক অনিকোফেজিয়া (onychophagia) বোলা হয়।

বহুতে উদ্বিগ্নতা আৰু মানসিক চাপৰ বাবে দাঁতেৰে নখ কামোৰে। বহুতে ৰহস্যময় থ্ৰিলাৰ, বা ভূত বা গোপনীয় কাহিনী পঢ়ি থাকোঁতে উত্তেজনাত নখ কামুৰিবলৈ আৰম্ভ কৰে। অধ্যয়নত দেখা গৈছে যে মানুহ যিমানেই উদ্বিগ্ন হৈ থাকে সিমানেই নখ কামোৰে। মানসিক চাপ বৃদ্ধি হোৱাৰ লগে লগে এনেদৰে নখ কামোৰা প্ৰৱণতাও বাঢ়ি যায়।

কিন্তু এই দাঁতৰ লগত নখ কামোৰা বা অনিকোফেজিয়াৰ একাধিক কাৰণ আছে। বিশেষজ্ঞসকলৰ মতে, এই ৰোগত আক্ৰান্ত ৰোগীয়ে আৱেগিক , বিৰক্তি, মানসিক চাপ আনকি ভোকৰ বাবেও দাঁতেৰে নখ কামোৰে। কিন্তু যিসকলৰ দাঁত আৰু নখৰ এই সমস্যা আছে তেওঁলোকৰ আন বহুতো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। মানসিক স্বাস্থ্যতো ই প্ৰভাৱ পেলায়।

এই অভ্যাস বহুদিনলৈ অব্যাহত থাকিলে নখবোৰ ৰুক্ষ হৈ পৰে, আৰু পৰজীৱীবোৰে শৰীৰত বাহ সাজে। ইয়াৰ বাহিৰেও নখত জমা হৈ থকা মলিৰ পৰা বহু লোক সংক্ৰামক ৰোগত আক্ৰান্ত হয়। ইয়াৰ বাহিৰেও আঁঠুৰ সমস্যা, বেক্টেৰিয়াৰ সংক্ৰমণ হ’ব পাৰে আৰু বহুদিনলৈকে ক্ষতিগ্ৰস্ত হ’ব পাৰে।

দাঁতেৰে নখ কামোৰা বেয়া অভ্যাসৰ পৰা হাত সাৰিবলৈ এই টিপছসমূহ মানি চলক।

১. নিয়মিত ধ্যান কৰক। ধ্যান কৰিলে মন শান্ত হয়, টেনচন, মানসিক চাপ কমায়।

২. নখবোৰ গজিবলৈ নিদিব। অলপ ডাঙৰ হ’লে কাটি দিব। তেতিয়াহে দাঁতেৰে নখ কটাৰ সমস্যা কমি যাব। অন্যথা নখত জমা হোৱা মলি পেটলৈ গৈ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে।

৩. ৰাতি শুই থাকোঁতে বা ঘৰত অকলে থাকিলে হাতমোজা পিন্ধাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে ভাল। 

৪. নখ খোৱাৰ পৰিৱৰ্তে চ্যুইংগামৰ অভ্যাস কৰিব পাৰে। যদি আপুনি নিজাববীয়াকৈ অভ্যাস এৰিব নোৱাৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো