--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ ওচৰে পাজৰে দাঁতেৰে নখ কামোৰা বহু লোক আছে।  কিছুমানে উত্তেজনাত নখ কামোৰি দিয়ে, কোনোবাই ভয়ত, কোনোবাই আকৌ কেৱল অভ্যাসৰ বাবে। কিন্তু আপুনি জানেনে যে দাঁতেৰে নখ কামোৰা আচলতে একাধিক ৰোগৰ কাৰণ‌। এই বেয়া অভ্যাস বহুত ডেকা-বুঢ়াৰ মাজত দেখা যায়। চিকিৎসকে কয় যে এই অভ্যাসৰ বাবেই বহুতো ৰোগ হ’ব পাৰে। আনহাতে, দাঁতেৰে নখ কামোৰাটো নিজেই এক ৰোগ। নখ কামোৰাক অনিকোফেজিয়া (onychophagia) বোলা হয়।

বহুতে উদ্বিগ্নতা আৰু মানসিক চাপৰ বাবে দাঁতেৰে নখ কামোৰে। বহুতে ৰহস্যময় থ্ৰিলাৰ, বা ভূত বা গোপনীয় কাহিনী পঢ়ি থাকোঁতে উত্তেজনাত নখ কামুৰিবলৈ আৰম্ভ কৰে। অধ্যয়নত দেখা গৈছে যে মানুহ যিমানেই উদ্বিগ্ন হৈ থাকে সিমানেই নখ কামোৰে। মানসিক চাপ বৃদ্ধি হোৱাৰ লগে লগে এনেদৰে নখ কামোৰা প্ৰৱণতাও বাঢ়ি যায়।

কিন্তু এই দাঁতৰ লগত নখ কামোৰা বা অনিকোফেজিয়াৰ একাধিক কাৰণ আছে। বিশেষজ্ঞসকলৰ মতে, এই ৰোগত আক্ৰান্ত ৰোগীয়ে আৱেগিক , বিৰক্তি, মানসিক চাপ আনকি ভোকৰ বাবেও দাঁতেৰে নখ কামোৰে। কিন্তু যিসকলৰ দাঁত আৰু নখৰ এই সমস্যা আছে তেওঁলোকৰ আন বহুতো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। মানসিক স্বাস্থ্যতো ই প্ৰভাৱ পেলায়।

এই অভ্যাস বহুদিনলৈ অব্যাহত থাকিলে নখবোৰ ৰুক্ষ হৈ পৰে, আৰু পৰজীৱীবোৰে শৰীৰত বাহ সাজে। ইয়াৰ বাহিৰেও নখত জমা হৈ থকা মলিৰ পৰা বহু লোক সংক্ৰামক ৰোগত আক্ৰান্ত হয়। ইয়াৰ বাহিৰেও আঁঠুৰ সমস্যা, বেক্টেৰিয়াৰ সংক্ৰমণ হ’ব পাৰে আৰু বহুদিনলৈকে ক্ষতিগ্ৰস্ত হ’ব পাৰে।

দাঁতেৰে নখ কামোৰা বেয়া অভ্যাসৰ পৰা হাত সাৰিবলৈ এই টিপছসমূহ মানি চলক।

১. নিয়মিত ধ্যান কৰক। ধ্যান কৰিলে মন শান্ত হয়, টেনচন, মানসিক চাপ কমায়।

২. নখবোৰ গজিবলৈ নিদিব। অলপ ডাঙৰ হ’লে কাটি দিব। তেতিয়াহে দাঁতেৰে নখ কটাৰ সমস্যা কমি যাব। অন্যথা নখত জমা হোৱা মলি পেটলৈ গৈ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে।

৩. ৰাতি শুই থাকোঁতে বা ঘৰত অকলে থাকিলে হাতমোজা পিন্ধাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে ভাল। 

৪. নখ খোৱাৰ পৰিৱৰ্তে চ্যুইংগামৰ অভ্যাস কৰিব পাৰে। যদি আপুনি নিজাববীয়াকৈ অভ্যাস এৰিব নোৱাৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ