--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ গণেশ চতুৰ্থী। কাইলৈ অৰ্থাৎ ২০২২ চনৰ ৩১ আগষ্টত সমগ্ৰ দেশজুৰি গণেশ চতুৰ্থী পালন কৰা হব। ৩০০ বছৰৰ পাছত এই গণেশ চতুৰ্থীত ঘটিব বিৰল সংযোগ। এনে এক বিৰল সংযোগৰ বাবে গণেশোৎসৱৰ ১০ টা দিন অতি শুভ হ'বলৈ গৈ আছে কাৰণ এই সময়ত বহুতো শুভ যোগ গঢ় লৈ উঠিছে। এনে যোগত যিকোনো নতুন কাম বা নতুন বস্তু ক্ৰয় কৰাটো অতি শুভ হ'ব।

৩১ আগষ্টত ভগৱান গণেশৰ জন্মৰ দৰে যোগ স্থাপিত হ'ব

৩১ আগষ্ট অৰ্থাৎ গণেশ চতুৰ্থীত বিশেষ সংযোগ ঘটিব। কাইলৈ ভগৱান গণেশৰ জন্মৰ সময়ৰ দৰে কাকতলীয় সংযোগ ঘটিব। গণপতিৰ জন্মৰ সময়ত চতুৰ্থীৰ দিনটো আছিল বুধবাৰ। ইয়াৰ বাহিৰেও আছিল চিত্ৰা নক্ষত্ৰ। ২০২২ বৰ্ষতো এই একেবোৰ সংযোগ ঘটাটো বিশেষভাৱে শুভ বুলি কোৱা হৈছে।

৯ ছেপ্টেম্বৰলৈকে বহুতো শুভ কাম কৰিব পাৰিব

গণেশ চতুৰ্থীৰ পিছত গণেশোৎসৱৰ বাকী থকা দিনবোৰত বহুতো শুভ যোগ গঢ় লৈ উঠিছে। ৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব গণেশোৎসৱ আৰু ৯ ছেপ্টেম্বৰলৈকে চলিব। এই ১০ দিনৰ ভিতৰত নতুন কাম আৰম্ভ কৰিলে বহুতো শুভ ফল পাব। কাৰণ ৩০০ বছৰৰ পাছত ঘটিছে বিৰল কাকতলীয় সংযোগ। এই সময়ছোৱাত সূৰ্য্য, বুধ, বৃহস্পতি আৰু শনি আদি গুৰুত্বপূৰ্ণ গ্ৰহবোৰ নিজস্ব ৰাশিত থাকিব। যোৱা ৩০০ বছৰত এনে কাকতলীয় ঘটনা হোৱা নাই। এই কাকতলীয় কালত নতুন ঘৰ কিনা, বুকিং কৰা, গহনা কিনা গাড়ীৰ দৰে মূল্যৱান বস্তু কিনা বা বুকিং কৰাটো অতি শুভ হ’ব।

একে সময়তে বজাৰ কৰা, বিনিয়োগ কৰা, যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময়খিনি অতি শুভ হ’ব বুলি বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক