--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ প্ৰদান কৰিছে। ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণত সংবিধানত উল্লেখিত বহুত্ববাদে বিশেষভাৱে স্থান লাভ কৰে।

"ভাৰত এখন গণতান্ত্ৰিক গণৰাজ্য হিচাপে সফল হৈছে কাৰণ বিভিন্ন ধৰ্ম আৰু ভাষাই আমাক বিভক্ত কৰা নাই। ই আমাক একত্ৰিতহে কৰিছে।’’- ৰাষ্ট্ৰপতিগৰাকীয়ে কয়।

বি আৰ আম্বেদকাৰক সুঁৱৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিগত চাৰে সাত দশকত ভাৰতীয় গণতন্ত্ৰৰ সফলতাৰ কথা উল্লেখ কৰে। তেওঁ কয়- "সংবিধান প্ৰস্তুতকৰ্তাসকলৰ দৃষ্টিভংগীয়ে ভাৰতক এখন দৰিদ্ৰ আৰু নিৰক্ষৰ দেশৰ পৰা আত্মবিশ্বাসী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিছে।’’

দ্ৰৌপদীয়ে নৰেন্দ্ৰ মোডী চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিকো প্ৰশংসা কৰিছে। তেওঁ কয়, "শিক্ষাক সময়সাপেক্ষ কৰি তোলা আৰু একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত নতুন শিক্ষা নীতি কাৰ্যকৰী হ'ব।" ৰাষ্ট্ৰপতিয়ে দেশ নিৰ্মাণত কৃষক, শ্ৰমিক, চিকিৎসক, টেকনিচিয়ান আৰু সেনা আৰু সীমান্ত ৰক্ষী বাহিনীয়ে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে।

অৰ্থনীতিত দেশৰ সফলতাৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "মহামাৰীৰ পৰিস্থিতিৰ পিছত চৰকাৰৰ সময়মতে লোৱা পদক্ষেপে দেশখনক দ্ৰুতগতিত বিকাশশীল অৰ্থনৈতিক শক্তিলৈ পৰিণত কৰিছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু