--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে শেহতীয়াকৈ প্ৰেমিকা ৰাধিকা মাৰ্চেণ্টৰ সৈতে বাগদান সম্পন্ন কৰে। মুম্বাইত অৱস্থিত ঘৰ ‘এণ্টিলিয়া’ত অনন্ত আৰু ৰাধিকাৰ এংগেজমেণ্ট সম্পন্ন হয়। এই অনুষ্ঠানত বহু চেলিব্ৰিটিও জড়িত আছিল। শেহতীয়াকৈ অনন্ত আৰু ৰাধিকাৰ কথা সকলোতে চৰ্চা হৈ থকাৰ সময়তে অনন্তৰ ওজন সন্দৰ্ভতো আলোচনা হ’বলৈ আৰম্ভ কৰিছে।

২০১৬ চনত ১০৮ কেজি ওজন কমাবলৈ সক্ষম হোৱা অনন্ত আম্বানী মেদবহুল লোকৰ বাবে প্ৰেৰণাদায়ক হৈ পৰিছিল। প্ৰশিক্ষক বিনোদ চান্নাৰ অধীনত ডায়েট কণ্ট্ৰল আৰু গধুৰ ৱৰ্কআউটৰ জৰিয়তে প্ৰায় ১০৮ কিলোগ্ৰাম ওজন হ্ৰাস কৰে অনন্তই। কিন্তু এতিয়া তেওঁৰ ওজন আকৌ বাঢ়িবলৈ ধৰা কথাটোত মানুহ আচৰিত হৈ পৰিছে। আনকি মানুহে ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ গুগলত চাৰ্চ কৰিছে। 

নীতা আম্বানীয়ে পুত্ৰ অনন্তৰ মেদবহুলতাৰ কাৰণ কি, সেই কথা জনাইছে। ২০১৭ চনতে তেওঁ এই কথা মুকলিকৈ কৈছিল। তেওঁ জনায় যে অনন্ত হাঁপানী ৰোগত আক্ৰান্ত। হাঁপানীৰ বাবে অনন্তই ষ্টেৰইড লব লগা হয়। যাৰ বাবে তেওঁ মেদবহুলতাত ভুগি আছে। 

এজমা এণ্ড লাংছ অৰ্গেনাইজেচন ইউ কেৰ মতে, যদি আপুনি হাঁপানী ৰোগত আক্ৰান্ত হয়, তেন্তে আপোনাৰ বাবে ব্যায়াম বা সক্ৰিয় হৈ থকাটো অধিক কঠিন হৈ পৰিব পাৰে। ইয়াৰ লগতে দীৰ্ঘদিন ধৰি ষ্টেৰইড গ্ৰহণ কৰিলেও স্বাভাৱিকতকৈ অধিক ভোক লাগে, যাৰ বাবে ওজন বৃদ্ধিৰ আশংকা বহুগুণ বৃদ্ধি পাব পাৰে। ষ্টেৰইড ঔষধৰ বাবে পানী জমা হোৱাৰ বাবেও ফুলি উঠাৰ আশংকা থাকে, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক