--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে শেহতীয়াকৈ প্ৰেমিকা ৰাধিকা মাৰ্চেণ্টৰ সৈতে বাগদান সম্পন্ন কৰে। মুম্বাইত অৱস্থিত ঘৰ ‘এণ্টিলিয়া’ত অনন্ত আৰু ৰাধিকাৰ এংগেজমেণ্ট সম্পন্ন হয়। এই অনুষ্ঠানত বহু চেলিব্ৰিটিও জড়িত আছিল। শেহতীয়াকৈ অনন্ত আৰু ৰাধিকাৰ কথা সকলোতে চৰ্চা হৈ থকাৰ সময়তে অনন্তৰ ওজন সন্দৰ্ভতো আলোচনা হ’বলৈ আৰম্ভ কৰিছে।

২০১৬ চনত ১০৮ কেজি ওজন কমাবলৈ সক্ষম হোৱা অনন্ত আম্বানী মেদবহুল লোকৰ বাবে প্ৰেৰণাদায়ক হৈ পৰিছিল। প্ৰশিক্ষক বিনোদ চান্নাৰ অধীনত ডায়েট কণ্ট্ৰল আৰু গধুৰ ৱৰ্কআউটৰ জৰিয়তে প্ৰায় ১০৮ কিলোগ্ৰাম ওজন হ্ৰাস কৰে অনন্তই। কিন্তু এতিয়া তেওঁৰ ওজন আকৌ বাঢ়িবলৈ ধৰা কথাটোত মানুহ আচৰিত হৈ পৰিছে। আনকি মানুহে ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ গুগলত চাৰ্চ কৰিছে। 

নীতা আম্বানীয়ে পুত্ৰ অনন্তৰ মেদবহুলতাৰ কাৰণ কি, সেই কথা জনাইছে। ২০১৭ চনতে তেওঁ এই কথা মুকলিকৈ কৈছিল। তেওঁ জনায় যে অনন্ত হাঁপানী ৰোগত আক্ৰান্ত। হাঁপানীৰ বাবে অনন্তই ষ্টেৰইড লব লগা হয়। যাৰ বাবে তেওঁ মেদবহুলতাত ভুগি আছে। 

এজমা এণ্ড লাংছ অৰ্গেনাইজেচন ইউ কেৰ মতে, যদি আপুনি হাঁপানী ৰোগত আক্ৰান্ত হয়, তেন্তে আপোনাৰ বাবে ব্যায়াম বা সক্ৰিয় হৈ থকাটো অধিক কঠিন হৈ পৰিব পাৰে। ইয়াৰ লগতে দীৰ্ঘদিন ধৰি ষ্টেৰইড গ্ৰহণ কৰিলেও স্বাভাৱিকতকৈ অধিক ভোক লাগে, যাৰ বাবে ওজন বৃদ্ধিৰ আশংকা বহুগুণ বৃদ্ধি পাব পাৰে। ষ্টেৰইড ঔষধৰ বাবে পানী জমা হোৱাৰ বাবেও ফুলি উঠাৰ আশংকা থাকে, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ