--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিপৰীত পথত খোজ কাঢ়ি এতিয়া বিশেষকৈ দেশৰ বিৰোধী পক্ষৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। মোদীৰ মুখথ প্ৰায়ে, কংগ্ৰেছ মুক্ত ভাৰতৰ প্ৰসংগ শুনিবলৈ পোৱা যায় যে। তাৰ বিপৰীতে গাডকাৰীয়ে বিশ্বাস কৰে যে দেশৰ গণতন্ত্ৰৰ স্বাৰ্থত এক শক্তিশালী কংগ্ৰেছ ৰ প্ৰয়োজন আছে। কিয়নো গণতন্ত্ৰত শক্তিশালী বিৰোধীয়েহে চৰকাৰ যন্ত্ৰ শক্তিশালী কৰে। গাডকাৰীয়ে কিছুদিন আগতে পুনেৰ এটা চৰকাৰী অনুষ্ঠানত অংশ লৈছিল। তেতিয়াই তেওঁ কয় যে, "গণতন্ত্ৰ দুটা চকাত চলে – শাসন আৰু বিৰোধী। গণতন্ত্ৰত শক্তিশালী বিৰোধিতাৰ প্ৰয়োজন। সেয়েহে, কংগ্ৰেছ শক্তিশালী হোৱাটো মই ব্যক্তিগতভাৱে ভাৱো। যদি কংগ্ৰেছ দুৰ্বল হৈ পৰে, আঞ্চলিক দলবোৰে সেই স্থান দখল কৰিব। যিটো গণতন্ত্ৰৰ বাবে ভাল নহয়। গতিকে বিৰোধী কংগ্ৰেছ শক্তিশালী হ'ব লাগিব। '' গাডকাৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিষয়টো ও পৰস্পৰলৈ আনিছিল। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে, "জৱাহৰলাল নেহৰুৱে এই সকলো ক্ষেত্ৰতে এক উদাহৰণ স্থাপন কৰিছে। যেতিয়া অটল বিহাৰী বাজপেয়ী লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল, নেহৰুৱে তেওঁক সমান সন্মান দিছিল। গাডকাৰীয়ে কংগ্ৰেছক শক্তিশালী আৰু নেহৰুৰ প্ৰশংসা কৰাৰ ইচ্ছাৰ পৰিপ্ৰেক্ষিতত, ৰাজনৈতিক বিশ্লেষকসকলৰ এটা অংশই অনুভৱ কৰে যে মোদীয়ে যেতিয়াই দেশৰ যিকোনো সমস্যাৰ সন্মুখীন হয় তেতিয়াই নেহৰুক আক্ৰমণৰ লক্ষ্য কৰি লয়।   গাডকাৰীৰ বক্তব্যক মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা শচীন সাৱন্তে আদৰণি জনাইছে। আজি তেওঁ কয়, "গাডকাৰীজীৰ বক্তব্যৰ বাবে ধন্যবাদ। তেওঁক তেওঁৰ নেতা মোডীজীক এই কথাবোৰ ক'বলৈ দিয়ক। মোদীয়ে বৰ্তমান কেৱল কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি বিৰোধী আৰু গণতন্ত্ৰ ধ্বংস কৰাৰ কামত লাগিছে বুলি তেওঁ অভিযোগ আনিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু