--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিপৰীত পথত খোজ কাঢ়ি এতিয়া বিশেষকৈ দেশৰ বিৰোধী পক্ষৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। মোদীৰ মুখথ প্ৰায়ে, কংগ্ৰেছ মুক্ত ভাৰতৰ প্ৰসংগ শুনিবলৈ পোৱা যায় যে। তাৰ বিপৰীতে গাডকাৰীয়ে বিশ্বাস কৰে যে দেশৰ গণতন্ত্ৰৰ স্বাৰ্থত এক শক্তিশালী কংগ্ৰেছ ৰ প্ৰয়োজন আছে। কিয়নো গণতন্ত্ৰত শক্তিশালী বিৰোধীয়েহে চৰকাৰ যন্ত্ৰ শক্তিশালী কৰে। গাডকাৰীয়ে কিছুদিন আগতে পুনেৰ এটা চৰকাৰী অনুষ্ঠানত অংশ লৈছিল। তেতিয়াই তেওঁ কয় যে, "গণতন্ত্ৰ দুটা চকাত চলে – শাসন আৰু বিৰোধী। গণতন্ত্ৰত শক্তিশালী বিৰোধিতাৰ প্ৰয়োজন। সেয়েহে, কংগ্ৰেছ শক্তিশালী হোৱাটো মই ব্যক্তিগতভাৱে ভাৱো। যদি কংগ্ৰেছ দুৰ্বল হৈ পৰে, আঞ্চলিক দলবোৰে সেই স্থান দখল কৰিব। যিটো গণতন্ত্ৰৰ বাবে ভাল নহয়। গতিকে বিৰোধী কংগ্ৰেছ শক্তিশালী হ'ব লাগিব। '' গাডকাৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিষয়টো ও পৰস্পৰলৈ আনিছিল। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে, "জৱাহৰলাল নেহৰুৱে এই সকলো ক্ষেত্ৰতে এক উদাহৰণ স্থাপন কৰিছে। যেতিয়া অটল বিহাৰী বাজপেয়ী লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল, নেহৰুৱে তেওঁক সমান সন্মান দিছিল। গাডকাৰীয়ে কংগ্ৰেছক শক্তিশালী আৰু নেহৰুৰ প্ৰশংসা কৰাৰ ইচ্ছাৰ পৰিপ্ৰেক্ষিতত, ৰাজনৈতিক বিশ্লেষকসকলৰ এটা অংশই অনুভৱ কৰে যে মোদীয়ে যেতিয়াই দেশৰ যিকোনো সমস্যাৰ সন্মুখীন হয় তেতিয়াই নেহৰুক আক্ৰমণৰ লক্ষ্য কৰি লয়।   গাডকাৰীৰ বক্তব্যক মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা শচীন সাৱন্তে আদৰণি জনাইছে। আজি তেওঁ কয়, "গাডকাৰীজীৰ বক্তব্যৰ বাবে ধন্যবাদ। তেওঁক তেওঁৰ নেতা মোডীজীক এই কথাবোৰ ক'বলৈ দিয়ক। মোদীয়ে বৰ্তমান কেৱল কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি বিৰোধী আৰু গণতন্ত্ৰ ধ্বংস কৰাৰ কামত লাগিছে বুলি তেওঁ অভিযোগ আনিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ